অসমীয়াৰ ৰক্ষাকৱচ
ছবছৰীয়া অসম আন্দোলনৰ পৰিসমাপ্তিত ১৯৮৫ৰ ১৪ আগষ্টৰ মাজনিশা নতুন দিল্লীত স্বাক্ষৰিত অসম চুক্তিৰ মূল লক্ষ্য আছিল ৰাজ্যখনৰ পৰা অবৈধ বিদেশী লোকসকলক বহিষ্কাৰ কৰি অসমীয়া তথা খিলঞ্জীয়া লোকসকলৰ ভৱিষ্যৎ সুৰক্ষিত কৰা৷ অসম চুক্তিৰ ছয় নম্বৰ দফাত স্পষ্টভাৱে উল্লেখ কৰা হৈছিল যে অসমীয়াৰ সাংস্কৃতিক, সামাজিক আৰু ভাষিক পৰিচয়ৰ লগতে ঐতিহ্যৰ সুৰক্ষা নিশ্চিতকৰণ আৰু উজ্জীৱিতকৰণৰ বাবে সাংবিধানিক, বিধায়িনী আৰু প্রশাসনীয় ৰক্ষাকৱচ প্রদান কৰা হ’ব৷ ৮৬০গৰাকী শ্বহীদ, কেইবাসহস্র লোক ঘুণীয়া হোৱাৰ লগতে ৰাজ্যখনৰ ছাত্র–ছাত্রীসকলে এটি মূল্যৱান শিক্ষাবর্ষ হেৰুওৱাৰ পিছত স্বাক্ষৰিত চুক্তিখনৰ জৰিয়তে বিদেশী সমস্যাৰ স্থায়ী সমাধান হওক দূৰৰ কথা, বিগত ৩৫ বছৰত ৰাজ্যখনত অবৈধ বিদেশীৰ বোজা বৃদ্ধিহে হৈছে৷ অসম চুক্তিৰ স্বাক্ষৰকাৰী সদৌ অসম ছাত্র সন্থা আৰু অসম গণ সংগ্রাম পৰিষদে জন্ম দিয়া অসম গণ পৰিষদে দুবাৰকৈ দিছপুৰৰ ক্ষমতা লাভ কৰা সত্ত্বেও বিদেশী সমস্যা সমাধানত অগ্রাধিকাৰ নিদিলে৷ একেদৰে অসম চুক্তিৰ ছয় নম্বৰ দফা ৰূপায়ণৰ ক্ষেত্রতো প্রাথমিক প্রক্রিয়াই আৰম্ভ নকৰিলে৷ প্রকৃতার্থত ক’বলৈ হ’লে অসম চুক্তিৰ ছয় নম্বৰ দফা ৰূপায়ণৰ বাবে বিগত ৩৫ বছৰে অসমীয়াৰ সংজ্ঞাই নিৰূপণ নহ’ল৷ চুক্তি স্বাক্ষৰৰ পিছতে দিছপুৰৰ ক্ষমতাত অধিষ্ঠিত প্রফুল্ল কুমাৰ মহন্ত নেতৃত্বাধীন চৰকাৰখনে অসমীয়াৰ সংজ্ঞা নিৰূপণ কৰাহেঁতেন অসমবাসীয়ে আজি সন্মুখীন হোৱা বিদেশীৰ আগ্রাসনৰ পৰা বহু পৰিমাণে ৰক্ষা পালেহেঁতেন৷ ১৯৮৫ত চুক্তি স্বাক্ষৰকাৰী প্রফুল্ল মহন্তই ক্ষমতা লাভ কৰাৰ সময়ত অসমীয়াৰ সংজ্ঞা নিৰূপণ কৰাটো কঠিন নাছিল৷ কিয়নো সেই সময়ত ৰক্ষাকৱচৰ স্বার্থত ৰাজ্যখনৰ প্রতিটো জাতি–জনগোষ্ঠীয়ে অসমীয়াৰূপে চিনাকি দিবলৈ কুণ্ঠাবোধ কৰাৰ পৰিৱেশ উদ্ভৱ হোৱা নাছিল৷ মহন্তৰ প্রথম কার্যকালৰ শেষত ৰাজ্যখনৰ বড়ো, কার্বিকে ধৰি বিভিন্ন জনগোষ্ঠীৰ মাজত আত্মনিয়ন্ত্রণৰ সংগ্রাম আৰম্ভ হোৱাৰ পিছতে অসমীয়াৰ সংজ্ঞাক লৈ ক্রমে জটিল পৰিস্থিতিৰ উদ্ভৱ হৈছে৷ এনে জটিলতাৰ বাবেই অসমীয়াৰ সংজ্ঞা নিৰূপণৰ প্রক্রিয়াক লৈ বিগত তিনি দশকে কোনো এখন চৰকাৰে চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰিব পৰা নাই৷ মুখ্যমন্ত্রী তৰুণ গগৈৰ কার্যকালত অসম বিধানসভাৰ প্রাক্তন অধ্যক্ষ প্রয়াত প্রণৱ গগৈয়ে এইক্ষেত্রত এলানি বিশেষ পদক্ষেপ গ্রহণ কৰিছিল৷ বিভিন্ন দল–সংগঠনৰ উপৰি নেতৃস্থানীয় ব্যক্তিৰ সৈতে আলোচনামর্মে প্রয়াত গগৈয়ে অসমীয়াৰ সংজ্ঞা নিৰূপণ কৰিছিল যদিও তদানীন্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে ইয়াক গ্রহণ কৰা নাছিল৷ মাথোঁ ভোটবেংকৰ স্বার্থতে বিগত সময়ছোৱাত অসমীয়াৰ সংজ্ঞাক লৈ যে কুটিল ৰাজনীতি চলিছে সেয়া দোহৰাৰ প্রয়োজন নাই৷
অসম চুক্তিৰ ছয় নম্বৰ দফা ৰূপায়ণক লৈ শাসনাধিষ্ঠিত বিজেপিৰ নেতৃত্বই নতুনকৈ এলানি পদক্ষেপ লৈছে৷ অৱসৰপ্রাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শর্মাৰ অধ্যক্ষতাত ২০১৯ৰ ১৫ জুলাইত এখন উচ্চ ক্ষমতাসম্পন্ন সমিতি গঠন কৰি দিছিল৷ এই সমিতিখনৰ সদস্যৰূপে আছে ৰমেশ বৰপাত্রগোহাঁই, নিলয় দত্ত, সুভাষ চন্দ্র দাস, পল্লৱ ভট্টাচার্য, সৃষ্টিধৰ দত্ত, সুমন্ত চলিহা, ড০ জয়কান্ত শর্মা, ৱাজবিৰ হুছেইন, ড০ সমুজ্জ্বল কুমাৰ ভট্টাচার্য, দীপাংক কুমাৰ নাথ, লুৰিণজ্যোতি গগৈ, ড০ মৃণাল মিৰি আৰু কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ উত্তৰ–পূবৰ যুটীয়া সচিবগৰাকী৷ উচ্চ ক্ষমতাসম্পন্ন সমিতিখনে ইতিমধ্যে ছয় নম্বৰ দফাৰ ৰূপায়ণৰ বাবে এলানি পৰামর্শেৰে প্রতিবেদন প্রস্তুত কৰিছে৷ যোৱা ১৫ জানুৱাৰীত সমিতিখনৰ কার্যকাল শেষ হোৱাৰ পিছত এমাহৰ বাবে কার্যকাল বৃদ্ধি কৰা হৈছিল৷ নির্ধাৰিত সময়ৰ ভিতৰত প্রস্তুত কৰা প্রতিবেদনখনত অসম চুক্তি অনুসৰি ছয় নম্বৰ দফা ৰূপায়ণৰ বাবে কি পৰামর্শ আছে, অসমীয়াৰ সংজ্ঞা কিদৰে নিৰূপণ কৰা হৈছে সেয়া এতিয়াও মুকলি হোৱা নাই৷ অহা ২৫ ফেব্রুৱাৰীত উচ্চ ক্ষমতাসম্পন্ন সমিতিখনৰ গুৰুত্বপূর্ণ প্রতিবেদনখন ৰাজ্যৰ মন্ত্রীসকলৰ উপস্থিতিত মুখ্যমন্ত্রীয়ে গ্রহণ কৰিব বুলি ঘোষণা কৰিছে মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ উচ্চ ক্ষমতাসম্পন্ন সমিতিখনে অসম চুক্তিৰ ছয় নম্বৰ দফা ৰূপায়ণ সন্দর্ভত প্রস্তুত কৰা প্রতিবেদনখন ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলৰ বাবে গুৰুত্বপূর্ণ হ’ব৷ কিন্তু উচ্চ ক্ষমতাসম্পন্ন সমিতিখনৰ প্রতিবেদনখন কেন্দ্রীয় চৰকাৰে ৰূপায়ণ কৰাৰ ক্ষেত্রত কেন্দ্রীয় চৰকাৰে গ্রহণ কৰা পদক্ষেপৰ ওপৰতে নির্ভৰ কৰিব অসমীয়া তথা খিলঞ্জীয়া লোকসকলৰ ভৱিষ্যৎ৷ ভয়াৱহ বিদেশী সমস্যাৰ কৰাল গ্রাসত অসমীয়া তথা খিলঞ্জীয়া লোকসকলৰ ভৱিষ্যৎ দিনকদিনে অন্ধকাৰ হৈছে৷ চুবুৰীয়া বাংলাদেশৰ পৰা চলি থকা অনুপ্রৱেশৰ বাবে সর্বক্ষেত্রতে ক্ষতিগ্রস্ত হৈছে খিলঞ্জীয়া লোকসকল৷ এনে পৰিস্থিতিত খিলঞ্জীয়া লোকসকলৰ ভৱিষ্যৎ সুৰক্ষিত কৰিবলৈ হ’লে কেন্দ্রীয় চৰকাৰে দৃঢ় পদক্ষেপ গ্রহণ কৰিবই লাগিব৷ ৰাষ্ট্রীয় নাগৰিকপঞ্জী (এনআৰচি)ৰ জৰিয়তে ৰাজ্যখনত থকা বিদেশী লোকসকলক চিনাক্ত কৰি খিলঞ্জীয়া লোকসকলৰ ভৱিষ্যৎ সুৰক্ষিত কৰাৰ যি প্রক্রিয়া আৰম্ভ হৈছিল সেয়াও এক প্রহসনহে হৈছে৷ এন আৰ চিৰ এনে ব্যর্থতাৰ বাবে ভৱিষ্যৎ সুৰক্ষাক লৈ একপ্রকাৰ দিশহাৰা হৈছে ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকল৷ অসম চুক্তিৰ ছয় নম্বৰ দফা ৰূপায়ণত কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰে সদিচ্ছা দেখুৱালে ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলে গৃহভূমিত সুৰক্ষিত জীৱন কটাবলৈ সক্ষম হ’ব৷