নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকাৰ পৰাজয়

ঘাতক মহামাৰী ক’ভিড–১৯ত বিশ্বৰ আটাইতকৈ সমৃদ্ধিশালী তথা পৰাক্রমী দেশখনতেই গৰিষ্ঠসংখ্যক লোকে প্রাণ হেৰুৱাইছে৷ মহাপৰাক্রমী শক্তি ৰূপে চিহ্ণিত আমেৰিকাত ক’ভিড–১৯ত প্রাণ হেৰুওৱা লোকৰ সংখ্যাই এক লাখ অতিক্রম কৰিছে৷ ইফালে দেশখনত মুঠ সংক্রমিত লোকৰ সংখ্যাও পৃথিৱীৰ যিকোনো দেশতকৈ বেছি৷ সর্বাধিক ১৭ লক্ষাধিক লোক আক্রান্ত হৈছে আমেৰিকাত৷ স্বাস্থ্য ক্ষেত্রত চহকী, জীৱন ধাৰণ সদায় উন্নতমানৰ, ইয়াৰ উপৰি দেশবাসীৰ আছে বিভিন্ন ৰোগ সম্পর্কত সচেতনতা৷ ইয়াৰ পাছতো আমেৰিকাত এই মহামাৰীৰ অধিক বিপর্যয় কিয় পৰিলক্ষিত হৈছে? কিয় প্রাণঘাতী ক’ভিড–১৯ক প্রতিহত কৰাৰ ক্ষেত্রত আমেৰিকাই বিশেষ কোনো পদক্ষেপ গ্রহণ কৰিবলৈ সক্ষম হোৱা নাই? এই প্রশ্ণবোৰ এতিয়া চৌদিশে ধ্বনিত হৈছে৷ আনকি আমেৰিকাবাসীৰ দৃষ্টিত ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ নীতিয়েই জগৰীয়া হিচাপে চিহ্ণিত হৈছে৷ ক’ভিড–১৯ মহামাৰীত ড’নাল্ড ট্রাম্পে লাখ লাখ লোকক আক্রান্ত হোৱাৰ বাবে পৰিৱেশ সৃষ্টি কৰি দিয়া বুলিও অভিযোগ তুলিছে দেশখনৰেই কেইবাগৰাকীও বিশিষ্ট বুদ্ধিজীৱীয়ে৷ বিশ্বৰ প্রবাদপ্রতিম বুদ্ধিজীৱী তথা চিন্তানায়ক আৰিজনা বিশ্ববিদ্যালয়ৰ অধ্যাপক নোৱাম চমস্কিয়ে ৰাষ্ট্রপতি ট্রাম্পৰ বিৰুদ্ধে সৰৱ হৈ কৈছে যে ক’ৰোনা ভাইৰাছ মহামাৰীক আগন্তুক ৰাষ্ট্রপতি নির্বাচনৰ ঢ়াল হিচাপে ব্যৱহাৰ কৰা হৈছে৷ চমস্কিৰ মতে, লাখ লাখ আমেৰিকানক ক’ৰোনা ভাইৰাছৰ স্বীকাৰ হ’বলৈ দি ট্রাম্পে কেৱল নৱেম্বৰত হ’বলগীয়া ৰাষ্ট্রপতি নির্বাচনত কেনেদৰে পুনৰ বিজয় সাব্যস্ত কৰিব পাৰে, তাৰ অংক কৰি আছে৷ ক’ৰোনা মহামাৰীৰ জৰিয়তেই ট্রাম্পে বৃহৎ বাণিজ্যৰ সপোন দেখা বুলিও চমস্কিয়ে অভিযোগ কৰিছে৷ চমস্কিৰ মতে দেশবাসীৰ পিঠিত ছুৰী মাৰি ট্রাম্পে যি জঘন্য ভূমিকা গ্রহণ কৰিছে, সেয়া কোনো কাৰণতেই গ্রহণযোগ্য নহয়৷ ৯১ বছৰীয়া বিশিষ্ট বাঁওপন্থী বুদ্ধিজীৱীগৰাকীৰ মতে ডেম’ক্রেটিক পার্টীৰ আধিপত্য থকা প্রদেশবোৰত ক’ৰোনাৰ মোকাবিলা কৰাৰ ক্ষেত্রত কোনোধৰণৰ গুৰুত্ব প্রদান কৰা নাই ট্রাম্পে৷ ডেম’ক্রেটিক দলৰ সবল দুর্গ হিচাপে চিহ্ণিত নিউয়র্কত ট্রাম্পে স্বাস্থ্যসেৱাৰ ক্ষেত্রত গুৰুত্ব প্রদান নকৰা বাবেই প্রদেশখনত আমেৰিকাৰ ভিতৰতেই অধিকসংখ্যক লোক ক’ভিড–১৯ত আক্রান্ত হোৱা বুলিও চমস্কিয়ে ‘গার্জিয়ান’ৰ সৈতে হোৱা সাক্ষাৎকাৰত মুকলি অভিযোগ কৰিছে৷ লক্ষণীয়ভাৱে জনস্বাস্থ্যৰ ক্ষেত্রত বাজেটৰ পুঁজি হ্রাস কৰি অহা ট্রাম্পক আমেৰিকাৰ সর্বকালৰ এগৰাকী মদগর্বী তথা আঁকোৰগোজ ৰাষ্ট্রপতি বুলিও অভিহিত কৰিছে চমস্কিয়ে৷ বুদ্ধিজীৱীগৰাকীৰ মতে, কেৱল কর্প’ৰেট বাণিজ্যই হৈছে ট্রাম্পৰ স্বপ্ণ৷ সেইবাবে আমেৰিকাৰ শীর্ষ নেতৃত্বত থাকিও ট্রাম্পে জনস্বাস্থ্যৰ বিষয়টোক অগ্রাধিকাৰ নিদি কেৱল বাণিজ্যিক মুনাফাক প্রতিমুহূর্ততে গুৰুত্ব প্রদান কৰি আহিছে৷ চমস্কিয়ে যিয়েই নকওক, এটা কথা ঠিক যে ড’নাল্ড ট্রাম্পে আমেৰিকাবাসীৰ স্বাস্থ্যৰ বিষয়টোক শাসনত অধিষ্ঠিত হোৱাৰ সময়ৰে পৰা উপেক্ষা কৰি আহিছে৷

২০০৩ চনত ছার্ছ মহামাৰীৰ উৎপত্তিৰ সময়তে চিকিৎসা বিজ্ঞানীসকলে ঘোষণা কৰিছিল যে অন্য এক মহামাৰীয়ে শীঘ্রে বিশ্ববাসীৰ সন্মুখত সৃষ্টি কৰিব পাৰে প্রত্যাহ্বান৷ অৱশ্যে সেই সময়ত এই মহামাৰী বা ভাইৰাছবিধ কেনেধৰণৰ হ’ব পাৰে, তাক লৈ চিকিৎসা বিজ্ঞানীসকলৰ বিশেষ ধাৰণা নাছিল৷ কিন্তু আমেৰিকাৰ দৰে সমৃদ্ধিশালী দেশ এখনে চিকিৎসা বিজ্ঞানীসকলৰ সতর্কবাণীক আওকাণ কৰাটো আছিল এক অপৰাধ৷ চিকিৎসা বিজ্ঞানৰ ন ন আৱিষ্কাৰত মনোনিৱেশ কৰি অহা আমেৰিকা আৰু ইউৰোপৰ সমৃদ্ধিশালী দেশবোৰে কিয় এক মাৰাত্মক মহামাৰীয়ে মাত্র দুটা দশকৰ ভিতৰতে লাখ লাখ মানুহৰ ঘাতক হিচাপে পৃথিৱীজুৰি সংক্রমণ ঘটাব পাৰে, সেই কথা উপলব্ধি কৰিব নোৱাৰিলে৷ ইয়াৰ মূল কাৰণ হৈছে সমস্ত চিকিৎসা গৱেষণা, বৈজ্ঞানিক আৱিষ্কাৰ এতিয়া ব্যক্তিগত মালিকৰ কুক্ষিগত সম্পদ হৈছে৷ কর্প’ৰেটৰ নিয়ন্ত্রণলৈ গৈছে চিকিৎসা বিজ্ঞানৰ সুফল৷ ইয়াৰ ফলত পৃথিৱীৰ গৰিষ্ঠসংখ্যক জনসাধাৰণৰ বাবে এতিয়া স্বাস্থ্যৰক্ষা হৈ পৰিছে অতি দুৰূহ৷ ক’ৰোনা ভাইৰাছৰ উৎপত্তিয়ে সেই কথা জলজল–পটপট কৰি দেখুৱাই দিছে৷ আমেৰিকাৰ দৰে সমৃদ্ধিশালী দেশ হ’ল বুলিয়েই মহামাৰীৰ পৰা পৰিত্রাণ পাব বুলি কেতিয়াও দাবী কৰিব নোৱাৰি, যদিহে মহামাৰীক মোকাবিলা কৰাৰ বাবে পূর্ব আঁচনি নাথাকে৷ আজি ট্রাম্প প্রশাসনৰ সন্মুখত ক’ৰোনাৰ এই মহাতাণ্ডৱে সেই কথা পুনৰ স্পষ্ট কৰিছে৷ গতিকে বিশ্বৰ সন্মুখতে মহামাৰীৰ বিৰুদ্ধে যুঁজত ট্রাম্প এজন পৰাজিত চিপাহী৷

You might also like