চহৰাঞ্চলত জীৱিকাৰ নতুন সম্ভাৱনা
আজিৰ তাৰিখত ভাৰতবর্ষ এটা অনুপেক্ষণীয় আর্থিক শক্তি৷ আকাৰ, সম্ভাৱনা কোনো দিশৰ পৰাই ভাৰতৰ এই শক্তিক উপেক্ষা কৰিব নোৱাৰি৷ আজি বিশ্ব মঞ্চত দেশখনে লাভ কৰা গুৰুত্ব আৰু মর্যাদাৰ ইও এটা কাৰণ৷ কিন্তু অস্বস্তিকৰ কথাটো হৈছে ভাৰতৰ আর্থিক প্রগতিয়ে কাংক্ষিত পৰিমাণত কর্মসংস্থাপন সৃষ্টি কৰাত সফল হ’ব পৰা নাই৷ ইয়াৰ সৰল অর্থটো হ’ল বিকাশৰ সমবিতৰণ ঘটা নাই৷ ই নির্দিষ্ট পৰিমণ্ডল এটাত আবদ্ধ হৈ আছে৷ দৰিদ্র আৰু ধনীৰ মাজত বিশাল পার্থক্য এটা চৌদিশে মূর্তমান হৈ আছে৷ এই অৱস্থাত দেশখনত পাঁচ ট্রিলিয়ন আর্থিক শক্তি হিচাপে প্রতিষ্ঠা কৰিবলৈ আর্থিক বৈষম্যৰ ছবিখন নাইকিয়া কৰিব লাগিব৷ দাৰিদ্র্য সীমাৰেখাত ককবকাই থকা কোটি কোটি লোকক ইয়াৰ পৰা উলিয়াই আনিব লাগিব৷ মানুহক উপার্জনৰ পথ উলিয়াই দিব লাগিব৷ যেতিয়ালৈকে ই সম্ভৱ নহয়, চৰকাৰে প্রতিটো দৰিদ্র পৰিয়ালক বছৰি নূ্যনতম আয় এটা নিশ্চিত কৰিব লাগিব৷ গ্রামাঞ্চলত এই পৰীক্ষাটো কিছু পৰিমাণে সফল হৈছে৷ এম জি এনৰেগাৰ দৰে আঁচনিয়ে দেশৰ গ্রামাঞ্চলত বসবাস কৰা কোটি কোটি লোকক বছৰি নূ্যনতম আয় এটা নিশ্চিত কৰিছে৷ কিন্তু চহৰাঞ্চলত তেনে ধৰণৰ কোনো আঁচনিয়ে এতিয়ালৈকে স্পর্শ কৰিব পৰা নাই৷ সুখৰ কথা যে শেহতীয়াকৈ কেন্দ্রীয় চৰকাৰে এইটো দিশত চিন্তা–চর্চা আৰম্ভ কৰিছে৷ সমাজৰ একেবাৰে নিম্নস্তৰত বসবাস কৰা লোকৰ বাবে ইয়াক আশাৰ কিৰণ বুলি ক’ব পাৰি৷ কেন্দ্রীয় চৰকাৰক প্রধানমন্ত্রীৰ উপদেষ্টা পৰিষদে শেহতীয়াকৈ এটা পৰামর্শ দিছে৷ সেই অনুসৰি, দেশখনৰ চহৰাঞ্চলত বসবাস কৰা কোটি কোটি দৰিদ্র লোকক এম জি এনৰেগাৰ আর্হিত বছৰি নূ্যনতম কর্মদিনৰ ব্যৱস্থা কৰা হ’ব পাৰে৷ ইয়ে চহৰাঞ্চলত বসবাস কৰা দৰিদ্র পৰিয়ালৰ বাবে বছৰি নূ্যনতম আয় এটা নিশ্চিত কৰিব৷ ইয়াৰ জৰিয়তে দেশখনত বিৰাজমান ভয়ংকৰ আর্থিক বৈষম্যৰ ছবিখন কিছু পৰিমাণে উজ্জ্বল কৰিব পৰা যাব৷ এইখিনিতে উল্লেখ কৰিব পাৰি যে প্রধানমন্ত্রীৰ আর্থিক উপদেষ্টা পৰিষদৰ নির্দেশত ‘ইনষ্টিটিউট ফৰ কম্পিটিটিভনেছ’–এ দেশৰ আর্থিক বৈষম্যক লৈ প্রতিবেদন এটা প্রস্তুত কৰিছে৷ ১৯ মে’ত প্রধানমন্ত্রীৰ আর্থিক উপদেষ্টা পৰিষদৰ অধ্যক্ষ বিবেক দেৱৰায়ে ‘দ্য ষ্টেট অৱ ইনইকুৱেলিটী ইন ইণ্ডিয়া’ নামৰ সেই প্রতিবেদনখন প্রকাশ কৰে৷ প্রতিবেদনত কোৱা হৈছে, গাঁও আৰু চহৰৰ মানুহৰ মাজত কামত যোগদানৰ হাৰৰ ব্যৱধানৰ হিচাপ কৰি ক’ব পাৰি যে চহৰতো এম জি এনৰেগাজাতীয় গ্রামীণ কর্মসংস্থাপনৰ নিশ্চয়তা থকা প্রকল্প আৰম্ভ কৰা উচিত৷ প্রকল্পটোৱে চাহিদা অনুসৰি নিশ্চিত কাম প্রদানৰ সুবিধা দিব৷ ইয়াৰ ফলত উদ্বৃত্ত শ্রমিকসকলে কর্মসংস্থাপন পাব৷ আয়ৰ বৈষম্য কমিব৷ সৰল অর্থত মানুহৰ নূ্যনতম আয় বৃদ্ধি কৰিবলৈ সকলোৰে বাবে নূ্যনতম আয় বা চৰকাৰী ভাট্টা নিশ্চিত কৰিবলৈ পৰামর্শ দিয়া হৈছে৷
ভাৰতবর্ষত ২০০৬ চনত এনৰেগাৰ জৰিয়তে গ্রামাঞ্চলৰ দৰিদ্র পৰিয়ালক বছৰি নূ্যনতম আয় এটা নিশ্চিতকৰণৰ পদক্ষেপ লোৱা হৈছিল৷ প্রথম অৱস্থাত ইয়াক দেশৰ ২০০খন জিলাত প্রৱর্তন কৰা হয়৷ বর্তমানে ই ৬৪৮খন জিলাক সামৰি লৈছে৷ ইয়াৰ জৰিয়তে প্রতিটো দৰিদ্র পৰিয়ালক বছৰি এশ কর্মদিনৰ সুবিধা দিয়া হৈছে৷ খৰাংপীডিত আৰু জনজাতীয় অঞ্চলত ১৭৫ কর্মদিনৰ ব্যৱস্থা কৰা হৈছে৷ প্রতিটো কর্মদিনত ১৭৮ টকাকৈ প্রদান কৰি থকা হৈছে৷ দুর্নীতিকে ধৰি বিভিন্ন কাৰণত অভিলাষী আঁচনিখনে কাংক্ষিত সফলতা লাভ কৰিবলৈ সক্ষম নহ’লে দেশখনৰ কোটি কোটি লোকক নূ্যনতম আয় এটা নিশ্চিত কৰিবলৈ সক্ষম হৈছে৷ তদুপৰি ইয়াৰ জৰিয়তে দেশখনত বহু সম্পদৰো সৃষ্টি হৈছে৷ কিন্তু চহৰাঞ্চলৰ বাবে এতিয়ালৈকে তেনে কোনো আঁচনি চৰকাৰে গ্রহণ কৰা নাই৷ কিন্তু সময়ৰ দাবীটো হৈছে দেশখনক চহৰাঞ্চলত বসবাস কৰা দৰিদ্র পৰিয়ালকো দাৰিদ্র্য সীমাৰেখাৰ পৰা ওপৰলৈ তুলি অনাত চৰকাৰী সহায় আৰু সমর্থনৰ প্রয়োজন৷ প্রতিবেদনখনত এই কথাটোত জোৰ দিয়া হৈছে৷ তাত কোৱা হৈছে যে চৰকাৰে কর্মচাৰীৰ দৰমহা বৃদ্ধি কৰিলে বা মজুৰি বৃদ্ধিৰ নীতি গ্রহণ কৰিলেও সমাজৰ কমসংখ্যক লোকহে প্রকৃতার্থত উপকৃত হয়৷ ক’বলৈ গ’লে গৰিবৰ একো উপকাৰ সাধন নহয়৷ দৰিদ্র দৰিদ্র হৈয়েই থাকে৷ তদুপৰি আয়ৰ ক্ষেত্রত দেশখনত পুৰুষ আৰু মহিলাৰ মাজত ব্যৱধান বহু বেছি৷ ইয়াৰ বাবে কামৰ সন্ধান কৰা মহিলাৰ হাৰ কমি গৈছে৷ আনহাতে, শিক্ষাৰ হাৰ বৃদ্ধিৰ সমান্তৰালকৈ বেকাৰত্বৰ হাৰো বাঢ়ি গৈ আছে৷ ইপিনে, ২০১৯–২০ চনৰ সমীক্ষা এটাত দেখা গৈছে যে কর্মসংস্থাপনৰ ক্ষেত্রত সবাতোকৈ বেছিসংখ্যক মানুহ স্ব–নিযুক্ত৷ এই সংখ্যা ৪৫ শতাংশৰো অধিক৷ ইয়াৰ বিপৰীতে নিয়মিত বেতনভোগী কর্মীৰ হাৰ ৩৩.৫ শতাংশ, ঠিকাভিত্তিক কর্মীৰ হাৰ ২০.৭১ শতাংশ৷ সমস্যাটো হৈছে, সংখ্যাত অধিক হ’লেও আয়ৰ ক্ষেত্রত অধিকাংশ স্ব–নিযুক্ত কর্মী কম আয়ৰ শ্রেণীতহে পৰে৷ এই বৈষম্যৰ কৰুণ ছবিখন ভাৰতে নাইকিয়া কৰিব লাগিব৷ দেশখনৰ আর্থিক প্রগতিত যিমান পাৰি সিমান হাৰত অধিকসংখ্যকক অংশীদাৰ কৰিব লাগিব৷ কিন্তু যদি দুবেলা দুমুঠি খাবলৈকেই মানুহে সংগ্রাম কৰিবলগীয়া হয়, তেওঁলোকক আর্থিক প্রগতিৰ সৈতে সংযুক্ত কৰিব পৰা নাযাব৷ অন্ততঃ এই অৱস্থাটোৰ পৰা দেশখনক মুক্তি দিবই লাগিব৷ সেয়ে চৰকাৰী সহায় আৰু সমর্থনৰ আৱশ্যক৷ চৰকাৰে কর্মদিন নিশ্চিতকৰণৰ সৈতে সম্পদ গঢ়াৰ দিশটোক সঠিকভাৱে সংযুক্ত কৰিব পাৰিলে দেশখনে প্রগতিৰ নতুন বাট এটা বিচাৰি পাব৷