নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰিয়ালৰ পৰম্পৰা অনুসৰণ, এইবাৰ সংসদলৈ যাব প্ৰিয়ংকা গান্ধী

বিশেষ বাৰ্তা, ২০ মেঃ গান্ধী-নেহৰু পৰিয়াল বুলিলেই কংগ্ৰেছৰে নহয়, দেশৰ ৰাজনীতিৰো প্ৰথমটো পৰিয়াল বুলিব পাৰি। কিন্তু এইটো পৰিয়ালৰ জীয়ৰী প্ৰিয়ংকা গান্ধী ভদ্ৰাই এতিয়ালৈ প্ৰত্যক্ষভাবে ৰাজনীতিত নমা নাই। তেওঁক কংগ্রেছৰ সভানেত্রী কৰাৰ প্রস্তাৱ মাজে মাজে উত্থাপন হয়। ৰাজস্থানৰ উদয়পুৰৰ সদ্যসমাপ্ত চিন্তন শিবিৰত কংগ্রেছৰ বহু নেতাই প্ৰিয়ংকা গান্ধীক সভানেত্ৰী পাতিবলৈ পুনৰ সৰৱ হৈছিল। এইবাৰ তেওঁক সংসদত পঠিওৱাৰ প্রস্তাৱ লৈ জোৰদাৰ তৎপৰতা আৰম্ভ হৈছে। অহা মাহত ৰাজ্যসভাৰ আসনৰ নির্বাচনত কংগ্রেছৰ সাধাৰণ সম্পাদক প্রিয়ংকা গান্ধীক প্রার্থী কৰাৰ প্রস্তাৱক লৈ খুব আলোচনা চলিছে। ছোনিয়া কন্যা ইমান দিনলৈ কোনো নির্বাচনতেই প্রার্থী হোৱা নাই। গতিকে সংসদলৈ যোৱাৰ সুযোগেই তেওঁলৈ অহা নাই। অহা মাহত বহুকেইখন ৰাজ্যৰ লগতে কর্ণাটকৰ ৰাজ্যসভাৰ চাৰিখন আসন শূণ্য হ’বলৈ ওলাইছে। ১০ জুনত সেই আসনবোৰৰ ভোট। সূত্রৰ খবৰ অনুসৰি, কর্ণাটকৰ প্রদেশ কংগ্রেছৰ সভাপতি ডি কে শিবকুমাৰে বিচাৰিছে এখন টিকটত প্রিয়ংকাক ৰাজ্যসভালৈ পঠিয়াব লাগে। অহা বছৰ কর্ণাটকৰ বিধানসভা নিৰ্বাচন। শিবকুমাৰ আৰু তেওঁৰ অনুগামীসকলে মন কৰিছে প্রিয়ংকাই দক্ষিণৰ ৰাজ্যবোৰত সময় দিয়া দৰকাৰ।

You might also like