নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সন্ত্রাসবাদীক ধন যোগানৰ গোচৰত দোষী য়াছিন মালিক

নিয়মীয়া বাৰ্তা,২০ মে’: জম্মু–কাশ্মীৰত সন্ত্রাসবাদীক আর্থিক সাহায্য আগবঢ়োৱাৰ গোচৰত দোষী সাব্যস্ত হৈছে বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিক৷ কালি দিল্লীস্থিত ‘নিয়া’ৰ এখন বিশেষ আদালতে দোষী সাব্যস্ত কৰিছে য়াছিন মালিকক৷ আগন্তুক ২৫ মে’ত মালিকৰ বিৰুদ্ধে শাস্তি ঘোষণা কৰিব নিয়াৰ আদালতখনে৷

এক সূত্রই প্রকাশ কৰা অনুসৰি, পৰৱর্তী শুনানিৰ পূর্বেই য়াছিন মালিকে নিজৰ সম্পত্তি সন্দর্ভত শপতনামা দাখিল কৰিব লাগিব আদালতত৷ যোৱা ১০ মে’ত বেআইনী কাম–কাজ প্রতিৰোধ আইন (ইউপিএ)ৰ অধীনত নিজৰ দোষ স্বীকাৰ কৰিছিল কাশ্মীৰৰ এই বিচ্ছিন্নতাবাদী নেতাজনে৷ ইয়াৰ পিছতে কালি ‘নিয়া’ৰ আদালতখনে য়াছিন মালিকক দোষী সাব্যস্ত কৰে৷ মালিকৰ বিৰুদ্ধে সন্ত্রাসবাদী কার্যকলাপৰ ষড়যন্ত্র, ৰাষ্ট্রদ্রোহ তথা অন্যান্য কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰা হৈছিল৷ আদালতখনে পূর্বেই ঘোষণা কৰিছিল যে ‘স্বাধীনতা সংগ্রাম’ৰ নামত য়াছিন মালিকে এক বিশাল নেটৱর্ক গঢ়ি তুলিছিল৷ তাৰ পৰাই ধন সংগ্রহ কৰি জম্মু–কাশ্মীৰৰ সন্ত্রাসবাদীবোৰক আর্থিক সাহায্য আগবঢ়াইছিল য়াছিন মালিকে৷

You might also like