চিকিৎসক–চিকিৎসা কর্মীক আৰক্ষীৰ প্রহাৰ
মানৱ সভ্যতাকে সংকটত পেলাই বিশ্বজুৰি নৰসংহাৰ চলাই থকা ক’ভিড–১৯ৰ বিৰুদ্ধে যুঁজ দি যদি কোনোৱে নিজৰ জীৱনটোকেই সংকটত পেলাইছে, তালিকাখনৰ প্রথমতেই নাম ল’ব লাগিব চিকিৎসক তথা চিকিৎসা কর্মীৰ৷ এইসকল লোকে সংক্রমণৰ শংকা থকা সত্ত্বেও ক’ৰোনাত আক্রান্ত লোকৰ কাষত থিয় দি তেওঁলোকৰ জীৱন বচোৱাৰ সেৱাত ব্রতী হৈছে৷ সংক্রমণৰ ভয়ত যদি চিকিৎসক আৰু চিকিৎসা কর্মীসকলে আগুৱাই নগ’লহেঁতেন, আজি বিশ্বত কি দুৰৱস্থাই ছানি ধৰিলেহেঁতেন, সেয়া কল্পনাও কৰিব নোৱাৰি৷ এইখিনি কৰিবলৈ যাওঁতে ইতিমধ্যে বহু চিকিৎসক আৰু চিকিৎসা কর্মীৰ ক’ভিড–১৯ত আক্রান্ত হৈ মৃত্যু হৈছে৷ ইডৰোপীয় ৰাষ্ট্রত ক’ভিড–১৯ত আক্রান্তক সুস্থ কৰি তোলা চিকিৎসকক সন্মান প্রদর্শনৰ বাবে বহুতে চিকিৎসকজনৰ ঘৰৰ সন্মুখেৰে যাওঁতে হর্ন বজাই যায়৷ এখন সমাজে এইদৰে ক’ৰোনা যোদ্ধাক সন্মান প্রদর্শন কৰি তেওঁলোকক অনুপ্রাণিত কৰি আহিছে৷
চিকিৎসকৰ লগতে আৰক্ষীৰো নাম একেখন তালিকাতে আহে৷ লকডাডন কঠোৰভাৱে বলৱৎ হোৱাত আৰক্ষীয়ে যিদৰে দিনে–নিশাই কষ্ট কৰি মানৱ সমাজখনত ভাইৰাছবিধ সংক্রমিত হোৱাৰ পৰা সুৰক্ষা দি আছে, সেয়া প্রশংসনীয় আৰু সেৱাৰ ডৎকৃষ্ট ডদাহৰণ৷ অসমত আৰক্ষীয়ে লকডাডনত বিপর্যস্ত বহু লোকক পদূলিমুখলৈ গৈ সামগ্রী, দৰব আদি প্রদান কৰি চাকৰিৰ ঊর্ধ্বত গৈ কৰা সেৱাকো মানুহে মনত ৰাখিছে৷ তাৰ মাজতে চিৰাং জিলাত সংঘটিত হৈছে এটা অভব্য কাণ্ড৷ ক’ৰোনা যুদ্ধত নিজৰ নিজৰ স্থানৰ পৰা মানৱ সমাজক অনবদ্য সেৱা আগবঢ়াই থকা আৰক্ষীয়ে প্রহাৰ কৰিছে চিকিৎসক আৰু চিকিৎসা কর্মীক৷ জিলাখনৰ আমটেকা ক্ষুদ্র প্রাথমিক চিকিৎসালয়ৰ চিকিৎসকৰ ক্ষেত্রত সংঘটিত হৈছে ধিক্কাৰজনক কাণ্ডটো৷ এটা সাধাৰণ কথাতে চিকিৎসক–চিকিৎসা কর্মীক নির্যাতন চলাই আৰক্ষীৰ সেই বিশেষ ব্যক্তিসকলে ৰাজ্যত চলি থকা ক’ৰোনাবিৰোধী যুঁজখনকে দুর্বল কৰাৰ সংশয়ে দেখা দিছে৷ যদি কর্তব্য কৰিবলৈ গৈ কোনো লোকক সেইদৰে অপদস্থ তথা প্রহাৰ কৰা হয়, ইয়ে চিকিৎসক সমাজখনলৈ কি বতৰা কঢ়িয়াই নিব? ৰাজ্যিক আৰক্ষী–প্রশাসনে বিষয়টো গুৰুত্ব সহকাৰে লোৱা ডচিত৷ ক’ৰোনাবিৰোধী যুঁজখনৰ দুই প্রধান যোদ্ধা আৰক্ষী আৰু চিকিৎসা বিভাগে কান্ধত কান্ধ মিলাই কাম কৰিলে, অসমৰ সমাজখনে ডপকাৰ আৰু সেৱা লাভ কৰিব, তাক ৰাজ্যখনৰ জনসাধাৰণে যুগ যুগ ধৰি মনত ৰাখিব৷ ৰাজ্যখনত বন্বুূত্বমূলক পৰিৱেশ সৃষ্টিত অহা এনেধৰণৰ বাধা–বিঘিনিক আৰক্ষী–প্রশাসনে যথোচিত ব্যৱস্থাৰে আঁতৰ কৰক৷ অসমৰ বাবে আহি থকা দিনবোৰ অধিক কঠিন আৰু প্রত্যাহবানেৰে ভৰা৷ ৰাইজে আৰক্ষী, চিকিৎসা কর্মীলৈ আশাভৰা দৃষ্টিৰে চাই আছে৷