দুর্ঘটনা প্রতিৰোধত সফলতা
ৰাইজ আৰু চৰকাৰৰ সদিচ্ছা থাকিলে যিকোনো সমস্যা সমাধান কৰাটো যে সম্ভৱ, সেয়া এইবাৰ ৩১ ডিচেম্বৰত প্রমাণ হৈছে৷ ৰাজ্যজুৰি উদ্বেগজনকভাৱে বৃদ্ধি পোৱা দুর্ঘটনা প্রতিৰোধৰ বাবে এইবাৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বিশেষ পদক্ষেপ গ্রহণ কৰিছিল৷ বিশেষকৈ ৩১ ডিচেম্বৰত নৱবর্ষ উদ্যাপনৰ উছাহৰ নামত প্রতিবছৰে সংঘটিত হোৱা দুর্ঘটনা প্রতিৰোধ কৰিবলৈ এক সংকল্প লৈছিল মুখ্যমন্ত্রীগৰাকীয়ে৷ এইক্ষেত্রত মুখ্যমন্ত্রীগৰাকীয়ে অসমবাসীক কাতৰ আহ্বান জনোৱাৰ লগতে পৰিবহণ আৰু আৰক্ষী বিভাগক সতর্ক হৈ থাকিবলৈ নির্দেশনাও জাৰি কৰিছিল৷ বিশেষকৈ সুৰাপান কৰি গাড়ীচালনা নকৰিবলৈ, অত্যধিক গতিবেগ বন্ধ কৰিবলৈ আৰু দুচকীয়া বাহনৰ চালক–আৰোহীৰ হেলমেট পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছিল৷ ৩১ ডিচেম্বৰত দুর্ঘটনা সংঘটিত নহ’বলৈ প্রায় এপষেক পূর্বে পৰিবহণ আৰু আৰক্ষী বিভাগে ৰাজপথত সজাগ হৈ থকাৰ উপৰি জনসচেতনতা বৃদ্ধি কৰিবলৈ ব্যাপক প্রচাৰ কৰা হৈছিল৷ এইক্ষেত্রত বাতৰিকাকত, ইলেক্ট্র’নিক মিডিয়া, ডিজিটেল মিডিয়া আদিতো সজাগতাৰ সৃষ্টি হৈছিল৷ সুখৰ খবৰ এয়ে যে মুখ্যমন্ত্রী, পৰিবহণ আৰু আৰক্ষী বিভাগৰ এনে আহ্বানৰ প্রতি অসমবাসীৰ সহযোগ আছিল অভূতপূর্ব৷ ফলত এইবাৰ প্রথমবাৰৰ বাবে ৩১ ডিচেম্বৰত ৰাজ্যখনত এটাও দুর্ঘটনা সংঘটিত হোৱাৰ গোচৰ পঞ্জীভুক্ত হোৱা নাই৷ ৩১ ডিচেম্বৰত ৰাজ্যখনক দুর্ঘটনামুক্ত ৰাজ্যৰূপে পৰিণত হোৱাত পহিলা জানুৱাৰীত মুখ্যমন্ত্রী ড০ শর্মাই সন্তুষ্টি ব্যক্ত কৰিছে৷ নিশ্চিতভাৱে ৩১ জানুৱাৰীৰ দিনটোত এটাও দুর্ঘটনা সংঘটিত নোহোৱাটো এক শুভ সংবাদ৷ কিয়নো ৰাজ্যখনৰ পথ যোগাযোগ ব্যৱস্থাৰ উন্নতিৰ লগে লগে ভয়াৱহভাৱে বৃদ্ধি হৈছে দুর্ঘটনাৰ ঘটনা৷ প্রতি বছৰে সর্বাধিক দুর্ঘটনা সংঘটিত হৈ আহিছে ৩১ ডিচেম্বৰৰ লগতে ফাকুৱা, দীপাৱলী, দুর্গোৎসৱকে ধৰি উৎসৱৰ বতৰত৷ প্রতি বছৰে ৩১ডিচেম্বৰত ইমানেই দুর্ঘটনা বৃদ্ধি হয় যে সেইদিনা ৰাজ্যখনৰ চিকিৎসা মহাবিদ্যালয়সমূহৰ্ উপৰি প্রত্যেকখন জিলাৰ সদৰত থকা অসামৰিক চিকিৎসালয়, ব্যক্তিগত নার্ছিংহোম আদিয়েও জৰুৰীকালীন সেৱাত অধিক সক্রিয় হৈ থাকে৷ এইবাৰ ৩১ ডিচেম্বৰত নিশা দুই বজাত স্বয়ং মুখ্যমন্ত্রীগৰাকীয়ে ৰাজপথত পৰিবহণ আৰু আৰক্ষী বিভাগৰ তালাচী ব্যৱস্থাৰ তদাৰক কৰাও দেখা গৈছে৷ এই তৎপৰতা বছৰৰ প্রতিদিনে অব্যাহত ৰখাতো পৰিবহণ তথা আৰক্ষী বিভাগৰ বাবে সম্ভৱ নহয়৷ কিন্তু গাড়ীচালনাৰ ক্ষেত্রত থকা নীতি–নির্দেশনা মানি চলাটো প্রতিজন সচেতন নাগৰিকৰ দায়িত্ব৷ এই দায়িত্ব আমি যিমানেই মানি চলিম সিমানেই সুৰক্ষিত হ’ব পথ পৰিবহণ ব্যৱস্থা৷
পথ দুর্ঘটনাত প্রতি বছৰে দেশৰ প্রায় ২ লাখ লোকৰ মৃত্যু হোৱাৰ উপৰি পাঁচ লাখৰো অধিক লোক ঘুণীয়া হয়৷ ২০১৮ত অসমত মুঠ ৮,২৪৮টা দুর্ঘটনাত মুঠ ২,৯৬৬গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে আহত হৈছিল ৭,৩৭৫ গৰাকী লোক৷ একেদৰে ২০১৯ত ৩,২০৭গৰাকী লোকৰ আৰু ২০২০ত ২,৬২৯গৰাকী লোকৰ মৃত্যু হৈছে৷ পথ দুর্ঘটনা সম্পূর্ণৰূপে নিয়ন্ত্রণ কৰাটো সম্ভৱ নহয়৷ বিশেষকৈ যান–বাহনৰ কাৰিকৰী বিজুতি আৰু আকস্মিকভাৱে উদ্ভৱ হোৱা পৰিস্থিতিৰ বাবে দুর্ঘটনা সংঘটিত হ’ব পাৰে৷ কিন্তু ২০২০ত সংঘটিত ৬,৫৯৩টা দুর্ঘটনাৰ বিশ্লেষণত এই কথাই স্পষ্ট হৈছে যে অধিকাংশ দুর্ঘটনাৰ কাৰক হৈছে অনভিজ্ঞ চালক, সুৰাপায়ী চালক আৰু গাড়ীৰ নিয়ন্ত্রণহীন গতিবেগ৷ প্রকৃতার্থত ৰাজ্যখনত সংঘটিত দুর্ঘটনাৰ সিংহভাগেই মানৱসৃষ্ট৷ এনে দুর্ঘটনা প্রতিৰোধ কৰাতো একো জটিল কাম নহয়৷ মানৱসৃষ্ট দুর্ঘটনা প্রতিৰোধ কৰিবলৈ দেশজুৰি নির্ধাৰিত নীতি–নিয়ম আছে৷ এইক্ষেত্রত যিসকল চালকে নীতি–নিয়ম উলংঘা কৰে তেওঁলোকক জৰিমনা আৰু শাস্তি বিহাৰো ব্যৱস্থা আছে৷ যদিহে পথ পৰিবহণ ব্যৱস্থাক সুৰক্ষিত আৰু নিৰাপদ ৰূপে গঢ়িবলৈ হ’লে পৰিবহণ আৰু আৰক্ষী বিভাগে পূর্বৰ তুলনাত সতর্ক হ’ব লাগিব৷ পথ পৰিবহণ আইন অমান্যকাৰী গাড়ীচালক আৰু মালিকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰিবই লাগিব৷ ইয়াৰ লগে লগে সর্বসাধাৰণ ৰাইজ সজাগ–সচেতন হ’ব লাগিব৷ ৰাইজৰ সহযোগ অবিহনে দুর্ঘটনা কোনো কাৰণতে প্রতিৰোধ নহ’ব৷ যদিহে কোনো লোকে অনভিজ্ঞ চালকক গাড়ী চলাবলৈ এৰি দিয়া হয়, গাড়ীচালনাৰ অনুজ্ঞা পত্র নথকা নাবালক সন্তানক যদি, গাড়ী চলাবলৈ দিয়ে তেন্তে দুর্ঘটনা সংঘটিত হোৱাৰ আশংকা থাকিবই৷ শেহতীয়াকৈ বনভোজৰ বতৰ আৰম্ভ হোৱাৰ লগে লগে দুর্ঘটনাৰ আশংকাও বৃদ্ধি হৈছে৷ এই দুর্ঘটনাসমূহৰ অন্যতম কাৰক হ’ল সুৰাপায়ী চালকৰ নিয়ন্ত্রণহীন গতিবেগ৷ সুৰাপায়ী চালকক পৰিবহণ তথা আৰক্ষী বিভাগে ধৰা পেলোৱাৰ পূর্বে গাড়ীখনৰ যাত্রীসকল সজাগ হ’লে দুর্ঘটনা বহু পৰিমাণে ৰোধ কৰিব পৰা যাব৷ এইবাৰ বনভোজৰ পৰা উভতি অহা বাহনসমূহৰ চালকক পৰিবহণ আৰু আৰক্ষী বিভাগে পৰীক্ষা কৰা দেখা গৈছে৷ এনে ব্যৱস্থাৰ ফলত বনভোজৰ দলৰ বাহনৰ দুর্ঘটনা বহু পৰিমাণে হ্রাস হ’ব৷