নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাৰৰ দিনত সদ্যোজাতৰ যতন

সংগোপনে নামিছে শীত। জাৰৰ প্ৰকোপত এতিয়া ৰক্ষা নোপোৱা অৱস্থা। এই সময়ত প্ৰায় সকলোৰে জ্বৰ, চৰ্দি হোৱাৰ সম্ভাৱনা থাকে। বিশেষকৈ জাৰৰ পৰা ৰক্ষা কৰিবলৈ শিশুসকলৰ প্ৰতি অধিক গুৰুত্ব দিব লগা হয়। তাতেই নতুন মাতৃৰ ক্ষেত্ৰত এনে সময়ত নিজৰ লগতে সদ্যোজাতৰ যতন লোৱা যথেষ্ট কঠিন হৈ উঠে। বিশেষজ্ঞ চিকিৎসকে কি উপায় দিয়ে তেনে মাতৃক, তাকেই চাওঁ-

শিশুটিৰ লগতে নিজেও বাহিৰলৈ যোৱাৰ পৰত খুব ভালকৈ পোছাক পিন্ধিব লাগে। মোজা-হাত মোজা-টুপী পাৰিলে সকলো সময়তে পিন্ধাই ৰাখিব লাগে কণমানিটিক। শিশুটিয়ে গৰম পোছাক পিন্ধি ভালদৰে লৰচৰ কৰিব পাৰিছেনে নাই সেয়াও অৱশ্যে ধ্যান ৰাখিব লাগিব। অতিমাত্ৰা পোছাক যাতে জাপি নিদিয়ে। শিশুটিৰ চালখনক ক্ষতি কৰিব নোৱৰা ধৰণে নিজেও ভালদৰে গৰম পোছাক পিন্ধি থাকিব লাগে মাকগৰাকীয়ে।

জাৰৰ দিনত তৈলমৰ্দনে মাক আৰু শিশু দুয়োকে আৰাম দিয়ে। সদ্যোজাতটিক গৰম তেলেৰে সুন্দৰকৈ মালিচ দিব পাৰে। গা ধোৱাৰ পাছত আৰু নিশা শোৱাৰ সময়ত দুবাৰকৈ এই কাম কৰিব পাৰে। এনে সময়ত খাটি সৰিয়হৰ তেল, অলিভ অইল অথবা বাদাম আৰু অলিভ অইল মিহলি কৰি মালিচ দিব পাৰে।

শিশুটি থকা কোঠাটোৰ তাপমাত্ৰা মন কৰিব লাগে। ৰ’দ-পোহৰ আৰু সতেজ বায়ু যাতে কোঠাটোত সোমাব পাৰে তাৰ প্ৰতি ধ্যান ৰাখিব।

মাকগৰাকীয়ে ভাল খাদ্য খোৱাত গুৰুত্ব দিব লাগিব। চুপজাতীয়, চালাদ, সেউজীয়া শাক-পাচলি আদি বেছিকৈ খাব লাগে।সদ্যোজতটিয়ে যিমান বিচাৰে সিমানে মাতৃদুগ্ধ পান কৰোৱাব লাগে। মাতৃদুগ্ধই শিশুটিক সংক্ৰমণ আৰু বিভিন্ন ৰোগৰ পৰা মুক্ত কৰি ৰাখিব পাৰে। শিশুটিৰ ৰোগ প্ৰতিৰোধৰ ক্ষমতাও ই বৃদ্ধি কৰে।

চাফ-চিকুনতা আৰু স্বাস্থ্য বিধি মানি চলিব। শিশুটিক কোলাত লোৱাৰ আগতে বাৰে বাৰে হাত ধুব। বাহিৰা মানুহে শিশুটিৰ ওচৰলৈ আহিলে মাস্ক পিন্ধিব দিব।

শিশুটিক ভেকচিন প্ৰদানত গুৰুত্ব দিব। ডাক্তৰ তথা আশা কৰ্মীৰ সৈতে যোগাযোগ ৰক্ষা কৰি প্ৰয়োজনীয় ভেকচিন সময়মতে দিয়ব।

You might also like