নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোহলি বাহিৰ, দ্বিতীয় টেষ্টত নেতৃত্বত ৰাহুল

নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰীঃ দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে সোমবাৰৰে পৰা আৰম্ভ হোৱা দ্বিতীয় টেষ্টত টীম ইণ্ডিয়াক নেতৃত্ব দিছে তাৰকা অ’পেনাৰ লোকেশ ৰাহুলে৷ নিয়মীয়া অধিনায়ক বিৰাট কোহলি পিঠিৰ আঘাতৰ বাবে দ্বিতীয় টেষ্টৰ প্রাকমুহূর্তত দলৰ পৰা বাহিৰ হোৱাত ৰাহুলে এই গুৰুদায়িত্ব লাভ কৰে৷

উল্লেখ্য যে ৰাহুল হ’ল ভাৰতৰ ৩৪সংখ্যক টেষ্ট অধিনায়ক৷ একেদৰে ভাৰতীয় টেষ্ট দলৰ অধিনায়কৰ দায়িত্ব লাভ কৰা তেওঁ হ’ল কর্ণাটকৰ চতুর্থগৰাকী ক্রিকেটাৰ৷ ইয়াৰ পূর্বে গুণ্ডাপ্পা বিশ্বনাথ, ৰাহুল দ্রাবিড় আৰু অনিল কুম্বলেই কর্ণাটকৰ খেলুৱৈ হিচাপে ভাৰতীয় টেষ্ট দলক নেতৃত্ব দিছিল৷ কোহলিৰ স্থানত ভাৰতীয় দলৰ মূল একাদশত স্থান লাভ কৰে উদীয়মান মিডল অর্ডাৰ বেটছমেন হনুমা বিহাৰীয়ে৷

ইফালে, ৰাহুল অধিনায়ক নিযুক্ত হোৱাত যশপ্রীত বুমৰাহে ভাৰতীয় দলৰ সহঃধিনায়কৰ দায়িত্ব লাভ কৰে৷ মন কৰিবলগীয়া যে দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে অহা ১৯ জানুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া এদিনীয়া শৃংখলাৰ বাবে ঘোষিত ভাৰতীয় দলৰ অধিনায়ক আৰু সহঃধিনায়ক নিযুক্ত হৈছে ক্রমে ৰাহুল আৰু বুমৰাহ৷ আঘাতৰ বাবে কোহলিয়ে দ্বিতীয় টেষ্টত অংশ ল’ব নোৱৰাত দক্ষিণ আফ্রিকা ভ্রমণত তাৰকাগৰাকীৰ শততম টেষ্ট সম্পূর্ণ নহ’ব৷

সম্প্রতি কোহলিয়ে ৯৮খন টেষ্ট খেলি আছে৷ ফেব্রুৱাৰীত ঘৰৰ মাটিত শ্রীলংকাৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া টেষ্ট শৃংখলাত টীম ইণ্ডিয়াৰ অধিনায়কগৰাকীৰ শততম টেষ্ট সম্পূর্ণ হোৱাৰ সম্ভাৱনা আছে৷

You might also like