নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নির্বাচনী ৰাজনীতিৰ এটা ৰূপ

নির্বাচনৰ সময়তেই ৰাজনৈতিক দলবোৰ সর্বাধিক সক্রিয় হৈ উঠে আৰু তাৰ কিছুমান যুক্তিযুক্ত কাৰণো থাকে৷ নির্বাচনত প্রাথ্ হিচাপে থিয় হৈ বিধায়ক বা সাংসদ হোৱাৰ ইচ্ছা ৰাজনীতি কৰা বহুতৰে থাকে, বহুতে সেই ধৰণে বিভিন্ন কায়দাৰে নিজকে প্রস্তুত কৰে আৰু বহুতক আনেও প্রলুব্ধ কৰে৷ এই আটাইবোৰ পৰিকল্পনা মনে মনে চলি থাকিলেও নির্বাচনৰ সময়ত এই কথাবোৰ প্রকট হৈ উঠে আৰু কথাবোৰে ৰাইজৰ মনোযোগ আকর্ষণ কৰে৷ এই সময়ছোৱাৰ আটাইতকৈ মনোযোগ আকর্ষণকাৰী কথাটো হ’ল– বিভিন্ন ৰাজনৈতিক নেতাই দল সলনি কৰা কার্য৷ কিছুমানে নির্বাচনৰ আগে আগে কিছুমান দলত যোগ দিয়ে, কিছুমানে দল সলনি কৰে আৰু কিছুমানে বিচৰা মতে টিকট নাপালে আন দললৈ যাত্রা কৰে৷ নতুনকৈ যোগ দিয়াসকলৰ কথা বেলেগ, কিন্তু টিকট নাপালে আন দললৈ দৌৰাসকলৰ ক্ষেত্রত ৰাজনৈতিক আদর্শ আদিৰ কথাটো কোনোধৰণে প্রযোজ্য নহয়৷ এটা দলৰ প্রতিষ্ঠাপক সভাপতিয়ে যেতিয়া একেৰাহে ৩৫ বছৰ বিধায়ক হৈ থকাৰ পিছত দলৰ পৰা টিকট নোপোৱাৰ বাবে বিৰোধী দলত যোগ দিয়াৰ কথা ভাবে, তেতিয়াই থিৰাং কৰিব পাৰি– কি পর্যায়ৰ লোভৰ সন্মুখত তেওঁ নিজ দলৰ আদর্শ জলাঞ্জলি দিব পাৰে৷ লগে লগে প্রশ্ণৰ উদয় হয়– আচলতে তেওঁৰ আদর্শ বোলা কিবা আছিলনে বাৰু? টিকটৰ আশাত ৰাতিটোৰ ভিতৰতে এটা দলৰ পৰা আনটোলৈ তাঁতবাটি কঢ়াৰো উদাহৰণ এই নির্বাচনৰ সময়ত দেখা গৈছে৷ এই অহা–যোৱাবোৰে অকল প্রার্থীৰ অস্থিৰতাকেই যে বুজায় এনে নহয়, ৰাজনৈতিক দলবোৰৰ সুবিধা আদায়ৰ মনোভাবৰ কথাও বুজায়৷ এইটো কথা ঠিক যে নির্বাচনত মূল কথা হৈ পৰে টিকট লাভ কৰা আৰু নির্বাচনত জয়লাভ কৰা৷ এই কামটো যে এতিয়াহে আৰম্ভ হৈছে তেনেকুৱা নহয়, ই এক পুৰণি অভ্যাস৷ দীর্ঘদিন বামপন্থী ৰাজনীতিৰ লগত জডিত থকা বিষ্ণুপ্রসাদ ৰাভাৰ দৰে ৰাজনৈতিক কর্মীয়েও নিজৰ দলৰ পৰা টিকট নাপাই নির্দলীয়ভাৱে নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ উদাহৰণ আছে৷
ভাৰতত ৰাজনৈতিক দলৰ কার্যকলাপ ভালদৰে আৰম্ভ হৈছিল স্বাধীনতা লাভৰ পিছৰ পৰাহে৷ তাৰ আগতে প্রায় আটাইবোৰ ৰাজনৈতিক দলৰ মূল লক্ষ্য এটাই আছিল– স্বাধীনতা লাভ৷ দলবোৰৰ মাজত মতভেদ থাকিলেও মূল লক্ষ্য একেটাই হোৱা বাবে আদর্শগত পার্থক্য বা বিৰোধিতাই বিশেষ প্রাধান্য পোৱা নাছিল৷ স্বাধীনতাৰ পিছত প্রতিটো দলেই যেতিয়া শাসনৰ অংশ হ’বলৈ ইচ্ছা প্রকাশ কৰা হ’ল, তেতিয়াৰে পৰাই নির্বাচনকেন্দ্রিক ৰাজনীতিৰ গুৰুত্ব বৃদ্ধি পাবলৈ ল’লে৷ কালক্রমত এই ৰাজনীতিত অংশগ্রহণ কৰাটো এটা কেৰিয়াৰলৈ ৰূপান্তৰিত হ’ল৷ ৰাজনৈতিক দলবোৰৰ ছাত্র সংগঠন আৰু যুৱ সংগঠনবোৰ হ’ল ৰাজনীতিত প্রৱেশ কৰাৰ প্রথম দুৱাৰ৷ ভাৰতৰ ভালেকেইগৰাকী বিশিষ্ট ৰাজনৈতিক নেতাই ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল ছাত্র সংগঠনৰ পৰাই৷ এইদৰে দীর্ঘদিন ধৰি এটা আদর্শৰ লগত থাকি ৰাজনীতি কৰাসকলৰ আদর্শগত কথাবোৰ স্পষ্ট হৈ থাকে আৰু সামাজিকভাৱে তেওঁলোকৰ স্থিতিও সন্মানীয় অৱস্থাত থাকে৷ কিন্তু পৰৱর্তী কালত দেখিবলৈ পোৱা গ’ল যে ৰাজনৈতিক নেতাৰ পৰিয়ালৰ পৰৱর্তী প্রজন্মই আহি ৰাজনীতিত যোগ দিয়া হ’ল৷ ইয়াৰ মূল কাৰণ হ’ল– সৰুৰে পৰা পাই অহা পৰিৱেশ, ৰাজনৈতিক নেতাৰ বিলাসবহুল জীৱন আৰু সামাজিক প্রতিপত্তি৷ জৱাহৰলাল নেহৰুৰ পৰিয়াল এই ক্ষেত্রত আটাইতকৈ উজ্জ্বল উদাহৰণ৷ বিজেপিৰ শীর্ষ নেতাকেইগৰাকীৰ ক্ষেত্রত এনেকুৱা উদাহৰণ নাই যদিও লাহে লাহে পৰিয়ালবাদে পোখা মেলিবলৈ আৰম্ভ কৰিছে৷ অসমত বিজয়া চক্রৱর্তীৰ চিত্র পৰিচালক কন্যাক ৰাজনীতিলৈ অনাটো ইয়াৰে উদাহৰণ৷ তাৰ বিপৰীতে কংগ্রেছৰ ক্ষেত্রত এই উদাহৰণ অধিক শক্তিশালী৷ হিতেশ্বৰ শইকীয়া, শৰৎ চন্দ্র সিংহ, তৰুণ গগৈ, বদৰুদ্দিন আজমল, অঞ্জন দত্ত আদিয়ে নিজৰ নিজৰ পুত্র–কন্যা–পত্নীকো ৰাজনীতিলৈ অনাই নহয়, প্রতিষ্ঠিত কৰাৰো চেষ্টা কৰিছিল৷ ভূমিধৰ বর্মনৰ পুত্রই চৰকাৰী চাকৰিৰ পৰা আহিও ৰাজনীতিত যোগ দিছিল৷ উকীলৰ সন্তান উকীল হ’লে জীৱিকাৰ ক্ষেত্রত যি ধৰণৰ সুবিধা পোৱা যায়, সেই একেই যুক্তিয়ে ৰাজনীতিকো প্রভাৱিত কৰে৷ কিন্তু মূল পার্থক্য এটাই– উকীলৰ পুতেকে দেউতাকৰ যোগ্যতাৰে ওকালতি আৰম্ভ কৰিব নোৱাৰে, বিদ্যায়তনিক দিশত তেওঁ যোগ্যতা প্রকাশ কৰিব লাগিব৷ কিন্তু ৰাজনীতিত কেৱল পৰিয়ালৰ লোকৰ শক্তিয়েই সন্তানক ৰাজনীতিত প্রৱেশৰ পথ খুলি দিয়ে৷ কিন্তু দেশৰ ৰাজনৈতিক দৃশ্যপট যিদৰে সলনি হৈছে, তালৈ চালে বুজা যায় যে এই দিন আৰু বেছিদিন নাথাকিব৷ এতিয়া ৰাজনীতিত যোগ দিব লাগিলে ভালেখিনি পেছাদাৰী কথা জনাৰ প্রয়োজন হয় আৰু সেইসমূহ কথা শিকোৱা বিদ্যালয়ৰ সংখ্যাও বৃদ্ধি পাইছে৷ ভৱিষ্যতে ৰাজনীতিত যোগ দিব বিচৰাসকলে এইবোৰ দিশৰ প্রতি মনোযোগ দিয়াটো উচিত হ’ব আৰু দেশৰ ৰাজনৈতিক ক্ষেত্রখনৰ বিকাশেও এটা নতুন মাত্রা লাভ কৰিব৷

You might also like