বড়ো শান্তি চুক্তিৰ প্ৰত্যাশা
পি টি চি এ নামৰ সংগঠনটোৱে যদিওবা ‘ডদয়াচল’ৰ জৰিয়তে এখন সুকীয়া ৰাজ্যৰ দাবীত সুদীর্ঘ কাল ধৰি সংগ্রাম কৰিছিল যদিও দাবীটোৱে বডো জনসাধাৰণক বিশেষ ডদ্বুদ্ধ কৰিবলৈ সক্ষম হোৱা নাছিল৷ অৱশ্যে কিছু পৰিমাণে ৰাজনৈতিক সচেতনতা বৃদ্ধি হৈছিল৷ আচল যুঁজখন আৰম্ভ কৰিছিল ‘বডোফা’ ডপেন্দ্রনাথ ব্রহ্মই৷ বছৰ বছৰজোৰা অৱহেলা–বঞ্চনাৰ বাবে আত্মপৰিচয় হেৰুওৱাৰ শংকাত ভোগা জনগোষ্ঠীটোৰ চেতনাত তেওঁ সংগ্রামৰ এনে এটা বীজ ৰোপণ কৰি দিবলৈ সক্ষম হৈছিল যে আত্মনিয়ন্ত্রণৰ অধিকাৰৰ দাবীত হেলাৰঙে জীৱন পর্যন্ত ত্যাগ কৰিবলৈ হাজাৰ হাজাৰ বডো যুৱক–যুৱতী তথা সাধাৰণ জনতা ৰাজপথলৈ ওলাই আহিছিল৷ ১৯৮৭ চনৰ পৰা ১৯৯৩ চনলৈ ছবছৰ ধৰি চলা সেই আন্দোলনটো সাধাৰণ আন্দোলন নাছিল৷ বডো জনসাধাৰণৰ মাজত তাৰ প্রভাৱ সুদূৰপ্রসাৰী হৈছিল৷ বর্তমান যিডোখৰ ভূখণ্ডত বি টি এ ডি নামেৰে স্বায়ত্তশাসনৰ ব্যৱস্থা এটা গঢ় লৈ ডঠিছে, সেই ভূখণ্ডত সুকীয়া ৰাজ্য এখনক লৈ সপোন নেদেখা বডো যুৱক–যুৱতী আজিৰ তাৰিখতো কমহে ওলাব৷ তদুপৰি, আন্দোলনটোৰ প্রভাৱ ভাবীকালৰ অসমত বাৰুকৈয়ে পৰিছিল৷ কিন্তু দুর্ভাগ্যজনকভাৱে আন্দোলনটোৰ বস্তুনিষ্ঠ মূল্যায়ন আজিলৈকে অসমত পৰিলক্ষিত নহ’ল৷ হয়তো ইয়াৰ প্রধান কাৰণ আছিল সুকীয়া ৰাজ্যৰ দাবীটো৷ লগতে সমান্তৰালকৈ চলা হিংসাত্মক আন্দোলনো ইয়াৰ এটা অন্যতম কাৰণ হ’ব পাৰে৷ কিন্তু বডো আন্দোলনৰ অধ্যয়ন, বিশ্লেষণ, মূল্যায়ন মানেই সুকীয়া ৰাজ্যৰ দাবীক সমর্থন কৰা অথবা সেই সময়ছোৱাত সংঘটিত ব্যাপক হিংসাত্মক ঘটনাক সমর্থন জনোৱা নহয়৷ লগতে হিংসাত্মক কার্যকলাপক ন্যায্যতা প্রদানৰ প্রচেষ্টাও নহয়৷ বাস্তৱ সত্যটো হ’ল, ছবছৰীয়া অসম আন্দোলনৰ প্রভাৱ ভাবীকালৰ অসমত যিদৰে ডলাই কৰিব নোৱৰাকৈ পৰিছিল, একেদৰে ছবৰীয়া বডো আন্দোলনৰো প্রভাৱ পৰৱর্তী কালৰ অসমত ডপেক্ষা কৰিব নোৱৰাকৈ পৰিছিল৷ যিয়েই নহওক, বডো আন্দোলন অথবা বডোসকলৰ আত্মনিয়ন্ত্রণৰ প্রসংগটো শেহতীয়াকৈ পুনৰ সজোৰে প্রেক্ষাপটলৈ আহিছে দুটা বিশেষ কাৰণত৷ প্রথমটো কাৰণ হ’ল, কেন্দ্রীয় চৰকাৰ এন ডি এফ বিৰ সৈতে এখন নতুন চুক্তি স্বাক্ষৰৰ দিশে অগ্রসৰ হৈছে৷ আনটো কাৰণো ইয়াৰ সৈতে জডিত৷
বি এ চি, বি টি চি চুক্তিৰ পিছত স্বাক্ষৰিত হোৱাৰ দিশে আগবঢ়া তৃতীয়খন বডো চুক্তিৰ অংশীদাৰ হোৱাৰ বাবে দীর্ঘদিন ধৰি বহিঃৰাষ্ট্রত থকা একাংশ ডগ্রপন্থীৰ স্বদেশলৈ আগমন ঘটিছে৷ এইখন চুক্তিৰ বাবে ভিন্ন পন্থাৰে আন্দোলন কৰি থকা সকলোকে লৈ এটা চূডান্ত মীমাংসাৰ ডদ্যোগ লোৱা হৈছে, যাতে ১৯৮৭ চনত বডোফা ডপেন্দ্রনাথ ব্রহ্মই বডো জনসাধাৰণৰ মাজত আত্মপ্রত্যয়ৰ জন্ম দি পাতনি মেলা আন্দোলনটোৰ এটা সুখদায়ক আৰু ফলপ্রসূ সমাধান হয়৷ চুক্তিখনে যদি সকলো পক্ষকে এখন মঞ্চত সামৰি লৈ সকলো পক্ষৰ গ্রহণযোগ্য সমাধান এটা আনি দিব পাৰে, এইটো অনাগত দিনৰ অসমৰ বাবে এটা যুগান্তকাৰী ঘটনা হিচাপে বিবেচিত হৈ থাকিব৷ কিন্তু কথাবোৰ ভবাৰ দৰে ইমান সহজো নহয়৷ ইয়াৰ প্রধান কাৰণটো হ’ল, স্বায়ত্তশাসনৰ জৰিয়তে ৰাজ্যখনৰ যিডোখৰ নির্দিষ্ট ভূখণ্ডত বডোসকলৰ সর্বাংগীণ ডত্তৰণ নিশ্চিত কৰাৰ দিহা কৰা হৈছে, তাত বসবাস কৰা আন আন জাতি–জনগোষ্ঠীৰ লোকে সাংবিধানিকভাৱে লাভ কৰা ক্ষমতা সংকুচিত হৈ পৰিব৷ ভূমিৰ অধিকাৰ, চাকৰি–বাকৰি, ৰাজনৈতিক অধিকাৰকে ধৰি বিভিন্ন অধিকাৰ হেৰুৱাবলগীয়া অথবা সংকুচিত হৈ পৰিব৷ অধিকাৰ হেৰুওৱাৰ এই প্রশ্ণটো বি এ চি চুক্তি স্বাক্ষৰ হোৱাৰ দিনৰ পৰাই ডত্থাপিত হৈ আহিছে৷ ইয়াৰ ডত্তৰ বিচাৰি অনেকেই ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে৷ অনেকে ৰাজপথত আন্দোলন কৰিছে৷ আনকি, ৰাজনৈতিক যুঁজো চলিছে৷ ইয়াৰ অন্যতম ডদাহৰণ হিচাপে কোকৰাঝাৰ লোকসভা সমষ্টিৰ নির্বাচনী ফলাফলকে ল’ব পাৰি৷ বডো জাতীয়তাবাদৰ দুর্গৰূপে খ্যাত সমষ্টিটোত ২০১৪ চনৰ পৰা ফলাফল ভিন্ন হৈছে৷ একেৰাহে দুটা কার্যকালৰ বাবে জয়লাভ কৰি সাংসদ হৈ থকা নৱ কুমাৰ শৰণীয়াৰ ধাৰাবাহিক বিজয়ৰ আঁৰতো সেই প্রশ্ণটোৰ প্রাসংগিকতা আছে৷ চৰকাৰে নতুনকৈ চুক্তি স্বাক্ষৰ কৰিবলৈ যাওঁতে এই কথাটোক আওকাণ কৰিলে, বাস্তৱ পৰিস্থিতি–পৰিৱেশক আওকাণ কৰা হ’ব৷ এইক্ষেত্রত বডো সংগ্রামী পক্ষসমূহেও পৰিপক্কতাৰ পৰিচয় দেখুৱাব লাগিব৷ সকলো পক্ষৰ সৈতে মত বিনিময় কৰি অঞ্চলটোত স্থায়ী শান্তি প্রতিষ্ঠা কৰাৰ ক্ষেত্রত চৰকাৰী প্রয়াসত সহমত বা ঐকমত্য গঠনত আগবাঢ়ি আহিব লাগিব৷ চৰকাৰেও সমস্যাটো এনেদৰে সমাধান কৰা ডচিত, যাতে সমাধানৰ সৈতে সমস্যাৰ বীজ ৰোপণ হৈ নাথাকে৷ নিঃসন্দেহে কথাটো সহজ নহ’ব৷ কিন্তু সহজ নহ’ব বুলিয়েই আওকাণ কৰিলে অসন্তুষ্ট পক্ষ বহু থাকি যাব বা যাব পাৰে৷