নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈ ৰাজ্যিক বিজেপিৰ সভাপতি নিৰ্বাচন; পুনৰ দায়িত্বভাৰ ল’ব নেকি ৰঞ্জিত দাসে ?

নিয়মীয়া বাৰ্তা ১৭ জানুৱাৰীঃ দ্বিতীয়টো কার্যকালৰ বাবে ৰাজ্যিক বিজেপিৰ সভাপতি ৰূপে নির্বাচিত হোৱাৰ দিশে আগবাঢ়িছে ৰঞ্জিত কুমাৰ দাস৷ ইতিমধ্যে কেন্দ্রীয় নেতৃত্বই ৰঞ্জিত কুমাৰ দাসক পুনৰ দায়িত্ব প্রদানৰ স্পষ্ট ইংগিত দিয়াৰ পিছত ১৮ জানুৱাৰীত আনুষ্ঠানিকতা সম্পন্ন কৰাটো প্রায় নিশ্চিত হৈছে৷

দলীয় সূত্রই প্রকাশ কৰা মতে, ১৯ জানুৱাৰীৰ পৰা ৰাষ্ট্রীয় বিষয়ববীয়া আৰু ৰাষ্ট্রীয় সভাপতি নির্বাচন প্রক্রিয়া চলিব৷ তাৰ পূর্বে ৰাজ্যসমূহৰ সভাপতি নির্বাচন প্রক্রিয়া সম্পন্ন হ’ব৷ সেই অনুসৰি ১৮ জানুৱাৰীত শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত কেন্দ্রীয় পর্যবেক্ষক তথা পেট্র’লিয়াম মন্ত্রী ধর্মেন্দ্র প্রধানৰ উপস্থিতিত ৰাজ্যিক বিজেপিৰ সভাপতি নির্বাচনৰ প্রক্রিয়া সম্পন্ন হ’ব৷

ৰাজ্যিক বিজেপিৰ সভাপতি ৰূপে ৰঞ্জিত কুমাৰ দাসৰ কোনো প্রতিদ্বন্দ্বী নথকা হেতুকে দ্বিতীয় কার্যকালৰ বাবে পুনৰ নির্বাচিত হোৱাটো প্রায় নিশ্চিত হৈছে৷

মন কৰিবলগীয়া যে বিজেপিয়ে ইতিমধ্যে মণ্ডল বিজেপি আৰু জিলা সভাপতি নির্বাচন সম্পন্ন কৰিছে৷ সভাপতি নির্বাচনৰ পিছতে দলটোৱে অসমৰ সাংগঠনিক নির্বাচন সম্পূর্ণ কৰিব৷ গণতান্ত্রিক পদ্ধতিৰে বিজেপিয়ে দলীয় নির্বাচন অনুষ্ঠিত কৰিছে যদিও আলোচনাৰ মাজেৰেহে জিলা সভাপতিসকলক বাছনি কৰা হৈছে৷ সেই একেই পদ্ধতিৰে ৰাজ্যিক বিজেপিৰ সভাপতি বাছনি প্রক্রিয়াও সম্পন্ন কৰা হ’ব বুলি জানিব পৰা গৈছে৷

দলীয় সূত্রটোৱে প্রকাশ কৰা মতে, ৰাজ্যিক সভাপতিৰূপে ৰঞ্জিত দাসক পুনৰ দায়িত্ব দিয়াৰ ক্ষেত্রত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, ‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাৰ লগতে আৰ এছ এছৰো পূর্ণ সমর্থন আছে৷ কেন্দ্রীয় নেতৃত্বই এইক্ষেত্রত সকলো পক্ষৰে আলোচনাৰ অন্তত ৰঞ্জিত দাসক পুনৰ দায়িত্ব দিয়াৰ সিদ্ধান্ত লয়৷ উল্লেখ্য যে চৰকাৰবিৰোধী প্রতিবাদৰ পিছতো ৰঞ্জিত দাসৰ নেতৃত্বতে ৰাজ্যিক বিজেপিয়ে ৪২ লাখ সদস্যভর্তি সম্পূর্ণ কৰাৰ লগতে পৃষ্ঠাপ্রমুখ নিযুক্তি দিয়াৰ ক্ষেত্রত দেশৰ ভিতৰতে প্রথম স্থান লাভ কৰিছে৷ বিজেপিশাসিত কোনো এখন ৰাজ্যতে অসমৰ দৰে সাংগঠনিক দিশত দলে ইমান সাফল্য লাভ কৰা নাই৷

এই দিশবোৰ লক্ষ্য কৰিয়ে কেন্দ্রীয় নেতৃত্বই ৰঞ্জিত দাসক পুনৰ সভাপতিৰ দায়িত্বভাৰ অর্পণৰ বাবে সিদ্ধান্ত গ্রহণ কৰে৷ ইফালে, ৰাজ্যিক সভাপতিৰ বাছনিৰ পিছতে ২৪ জানুৱাৰীত ৰাজ্যিক বিজেপিয়ে অনুষ্ঠিত কৰিব বিশেষ সাংগঠনিক সভা৷ যুৱ মর্চাৰ উদ্যোগত অনুষ্ঠিত হ’ব লগা এই সাংগঠনিক সভাৰ দ্বাৰা বিজেপিয়ে যুৱ সদস্যসকলক একত্রিত কৰাৰ চেষ্টা কৰিব।

You might also like