নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজ্ঞাপন আৰু পর্যটন

অসম চৰকাৰৰ পর্যটন নিগমে বিজ্ঞাপনৰ লক্ষ্য সন্মুখত ৰাখি অসমত ফিল্মফেয়াৰ বঁটা প্রদান অনুষ্ঠানৰ আয়োজন কৰাক লৈ বিভিন্ন ধৰণৰ আপত্তি প্রকাশ কৰা দেখা গৈছে৷ এই আপত্তিৰ বিভিন্ন কাৰণ আছে আৰু সেই বিষয়ে আলোচনাও হৈ আছে৷ এই আলোচনাত এটা কথা মাজে মাজে শুনা গৈছে যে ফিল্মফেয়াৰ বঁটা প্রদান অনুষ্ঠান পূর্বতে মুম্বাইৰ বাহিৰত হোৱা নাই, কিন্তু এইবাৰ বাহিৰত হৈছে আৰু তাকো অসমত৷ কথাষাৰৰ ৰাজনৈতিক ব্যাখ্যা বাদ দি যদিও বিজ্ঞাপনৰ দিশেৰে কথাটো চালে এই কামটোক এটা আৱিষ্কাৰধর্মী কাম বুলি অভিহিত কৰিব পাৰি আৰু এই নতুন উদ্ভাৱনী কামৰ বাবে অসম পর্যটন নিগম ধন্যবাদৰ পাত্র৷ বিজ্ঞাপন বিদ্যাৰ দিশৰ পৰা এটা গুৰুত্বপূর্ণ কাম হ’ল বিজ্ঞাপনৰ এটা নতুন বাহক আৱিষ্কাৰ কৰা৷ পর্যটনৰ বাবে এতিয়ালৈকে অসম চৰকাৰৰ বিভাগবোৰে যিদৰে বিজ্ঞাপন প্রচাৰ কৰি আছিল তাত ডিজাইনিঙৰ ক্ষেত্রত সামান্য পৰিমাণৰ উচ্চমানৰ কাম দেখা গৈছিল আৰু তাৰ বাহিৰে কোনোধৰণৰ প্রভাৱী অথবা আৱিষ্কাৰধর্মী কাম দেখুৱাব পৰা নাছিল৷ কিন্তু এটা চলচ্চিত্র বঁটা প্রদান অনুষ্ঠানক পর্যটনৰ বিজ্ঞাপনৰ বাবে ব্যৱহাৰ কৰা যি কৌশল তাৰ প্রয়োগৰ বাবে অসম পর্যটন নিগম ধন্যবাদৰ পাত্র৷ ভৱিষ্যতে এই কৌশলটো অইন ৰাজ্যয়ো ব্যৱহাৰ কৰিব পাৰিব, কিন্তু প্রথম ব্যৱহাৰৰ গৌৰৱ উপভোগ কৰি থাকিব অসম চৰকাৰৰ পর্যটন নিগমে৷ এই বিজ্ঞাপনৰ বাবে নিগমে খৰচ কৰা অর্থৰ যে ভাল ব্যৱহাৰ হৈছে তাৰ প্রমাণ সুন্দৰকৈ প্রস্তুত কৰা ভিডি’ বিজ্ঞাপনকেইটা৷ ফিল্মফেয়াৰৰ বিজ্ঞাপনৰ স’তে অসমৰ পর্যটনক সাঙুৰি দিয়া কৌশল নান্দনিকভাৱে প্রশংসাৰ যোগ্য আৰু বিজ্ঞাপন বিদ্যা আৰু বিজ্ঞাপন চিত্র নির্মাণৰ দিশৰ পৰাও কৃতিত্বৰ দাবীদাৰ৷ বিগত লোকসভা নির্বাচনৰ সময়ত মাননীয় প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ বক্তব্য প্রয়োগ কৰি নির্মাণ কৰা বিজ্ঞাপনকেইটাৰ সফলতাৰ লগতহে এই বিজ্ঞাপনকেইটাত তুলনা কৰিব পাৰি৷ কথা হ’ল, এই বিজ্ঞাপন চাই পর্যটকে বিমানৰ টিকট নাকাটে৷ পর্যটকে টিকট কটাৰ আগতে আন বহু কথাৰ খবৰ ল’ব, সেইবোৰৰ দায়িত্ব ভালেমান বিভাগৰ হাতত ন্যস্ত আৰু সেইবোৰ পৃথক আলোচনাৰ বিষয়৷
বিজ্ঞাপনৰ কাম বস্তু বিক্রী কৰা নহয়, কাম হ’ল এটা আশাৰ সৃষ্টি কৰা৷ বিজ্ঞাপনৰ কাম হ’ল এটা কামৰ বাবে মানুহক ঠেলি দিয়া আৰু সেই কামটো অকল বিজ্ঞান নহয়, সি কলাও, অধিক সঠিকভাৱে ক’বলৈ হ’লে প্রায়োগিক কলা৷ এই কলাৰ কাম হ’ল উপভোক্তাৰ অন্তৰত অভিঘাতৰ সৃষ্টি কৰা৷ ফিল্মফেয়াৰৰ বিজ্ঞাপনে অসমৰ বাবে পর্যটকক আগ্রহী কৰি তোলা, কামটো যিধৰণে কৰিছে, তাক বাস্তৱ ৰূপ দিবলৈ চৰকাৰৰ অইন বিভাগৰো সম্পূর্ণ সহযোগৰ প্রয়োজন হ’ব৷ ফিল্মফেয়াৰ বঁটাৰ বাবে চৰকাৰে বিজ্ঞাপনৰ বাবে যি অর্থ ব্যয় কৰিছে, সেই অর্থৰ হিচাপ অকল সেই বিজ্ঞাপন চাই অসমলৈ অহা পর্যটকৰ সংখ্যাৰে হিচাপ কৰিব নোৱাৰি৷ এই হিচাপ হ’ব বিজ্ঞাপনৰ ক্ষেত্রত অসম পর্যটন নিগমে সংযোজন কৰা বাহকৰ গুৰুত্বৰ দ্বাৰাহে৷ এই বাহকৰ পৰা হ’ব পৰা সুবিধা ভৱিষ্যতে আন বহুতেই ব্যৱহাৰ কৰিব, কিন্তু প্রথম ব্যৱহাৰকাৰী হিচাপে নাম ৰৈ যাব অসম পর্যটন নিগমৰ৷ এই প্রাপ্তিও কিন্তু সামান্য নহয়৷

You might also like