নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অর্থনীতিৰ সংকট আঁতৰিছে, ভাল দিশ দৃশ্যমান- বিত্তমন্ত্রী সীতাৰমণ

নিয়মীয়া বাৰ্তা, ১২ ফেব্ৰুৱাৰীঃ কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে মন্তব্য কৰিছে যে ভাৰতীয় অর্থনীতিৰ সংকট আঁতৰিছে আৰু ভাল দিশ দৃশ্যমান হৈছে৷ তেওঁ আৰু কয় যে পাঁচ ত্রিলিয়ন আমেৰিকান ডলাৰ অর্থনীতিৰ দিশে দেশ আগবাঢ়িছে৷ চৰকাৰে গ্রহণ কৰা বিভিন্ন পদক্ষেপৰ তালিকাৰ বিষয়ে উল্লেখ কৰি কেন্দ্রীয় বিত্তমন্ত্রীগৰাকীয়ে আৰু কয় যে বিদেশী প্রত্যক্ষ বিনিয়োগ বৃদ্ধি পাইছে, কাৰখানাৰ উৎপাদন বাঢ়িছে আৰু যোৱা তিনি মাহত এক লাখ কোটি টকা জি এছ টি সংগ্রহ কৰা হৈছে৷ এই ইংগিতেই প্রমাণ কৰে যে ভাৰতীয় অর্থনীতিলৈ ভাল দিন আহিছে৷ ‘সাতটা গুৰুত্বপূর্ণ সূচকে দেখুৱাইছে যে ভাৰতীয় অর্থনীতিলৈ ভাল দিন আহিছে, অর্থনীতিৰ সংকট আঁতৰিছে৷’ কেন্দ্রীয় বাজেট সন্দর্ভত লোকসভাত এক আলোচনা কালত কেন্দ্রীয় বিত্তমন্ত্রীগৰাকীয়ে এইদৰে কয়৷ দৃশ্যমান ভাল দিশসমূহ উল্লেখ কৰি অর্থমন্ত্রীগৰাকীয়ে কয় যে বৈদেশিক মুদ্রাৰ সংগ্রহ সর্বকালৰ শিখৰত উপনীত হোৱাৰ লগতে শ্বেয়াৰ বজাৰো উন্নীত হৈছে৷ তেওঁ আৰু কয় যে চৰকাৰে অর্থনীতিৰ বিকাশৰ ক্ষেত্রত চাৰিটা দিশত মনোনিৱেশ কৰিছে, সেয়া হ’ল বেচৰকাৰী বিনিয়োগ, ৰপ্তানি, ব্যক্তিগত আৰু জনগণৰ ব্যয়৷ জনগণৰ বিনিয়োগৰ বিষয়ে তেওঁ কয় যে চৰকাৰে ডিচেম্বৰত এটা নেচনেল ইনফ্রাষ্ট্রাকচাৰ পাইপলাইন ঘোষণা কৰিছে৷ অহা চাৰি বছৰৰ ভিতৰত দেশত এই ইনফ্রাষ্ট্রাকচাৰ বিকাশৰ বাবে ১.০৩ লাখ কোটি টকা বিনিয়োগৰ পৰিকল্পনা কৰা হৈছে৷ আনহাতে ব্যয় বৃদ্ধিৰ বাবে চৰকাৰে ৰবি আৰু খাৰিফ শস্যৰ ক্ষেত্রত ২০১৯–২০ চনৰ বাবে নূ্যনতম সমর্থন মূল্য প্রযোজ্য কৰিছে৷

You might also like