নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিপদ

সাম্প্ৰতিক বিশ্বত সৰ্বাধিক চৰ্চিত বিষয়সমূহৰ অন্যতম হ’ল প্ৰদূষণ । বিশেষকৈ গোলকীয় উষ্ণতাৰ সমান্তৰালকৈ বায়ুমমণ্ডলত বিয়পি পৰা বিষবাষ্পই মানুহ তথা জীৱকুললৈ অশনি সংকেত কঢ়িয়াই আনিছে । বিগত সময়ছোৱাত বায়ু প্ৰদূষণ, জল প্ৰদূষণ, শব্দ প্ৰদূষণ আদি ৰোধ কৰাৰ হকে বিভিন্ন পৰ্যায়ত সজাগতা অভিযান চলাই অহা হৈছে যদিও ই কিমানদূৰ সফলকাম হৈছে, সেইটো আজিৰ তাৰিখত চিহ্নিত হৈছে এক গুৰুত্বপূৰ্ণ প্ৰশ্ন ৰূপে । কিয়নো আমেৰিকাৰ হেলথ এফেক্ট ইনষ্টিটিউটৰ শেহতীয়া এক প্ৰতিবেদনত বায়ু প্ৰদূষণৰ ভয়ংকৰ বাস্তৱ ছবিখন স্পষ্ট হৈছে । সমগ্ৰ বিশ্বৰ বায়ুমণ্ডল তথা বতাহৰ মান পৰীক্ষা কৰি মাৰ্কিন প্ৰতিষ্ঠানটোৱে প্ৰস্তুত কৰা প্ৰতিবেদনখনত অতি স্পষ্টকৈ উল্লেখ কৰা হৈছে যে একমাত্ৰ বায়ু প্ৰদূষণৰ কাৰণেই প্ৰতিবছৰেই পৃথিৱীৰ প্ৰায় ৫০ লাখ লোকৰ প্ৰাণহানি হয় । অৰ্থাৎ বায়ু প্ৰদূষণ বিশ্বৰ ৯.৮৭ শতাংশ লোকৰ মৃত্যুৰ বাবে দায়ী । আটাইতকৈ উদ্বেগজনক কথাটো হ’ল – বায়ু প্ৰদূষণজনিত মৃত্যুৰ তালিকাত শীৰ্ষত থকা দুখন দেশৰ এখন হৈছে ভাৰত । আনখন আমাৰেই চুবুৰীয়া ৰাষ্ট্ৰ চীন । প্ৰতিবেদনখনত দাবী কৰা অনুসৰি একমাত্ৰ ব্যাপক হাৰত হোৱা বায়ু প্ৰদূষণৰ পৰিণতিত ভাৰত আৰু চীনৰ ১২ লাখকৈ লোকৰ বছৰি অকাল মৃত্যু ঘটে । ইয়াৰ পৰা এই কথাই প্ৰতীয়মাণ হয় যে প্ৰদূষণৰ ফলত দেশৰ বতাহত বিহ মিহলি হৈ পৰিছে । আমি জীয়াই থাকিবলৈ শ্বাস-প্ৰশ্বাসত যি বায়ু সেৱন কৰিছোঁ , দূষিত হোৱাৰ কাৰণে সেই বায়ু পৰ্যবসিত হৈছে নীৰৱ ঘাতকলৈ ।

বায়ু প্ৰদূষণৰ আটাইতকৈ বিৰূপ প্ৰভাৱ পৰিছে শিশুসকলৰ ওপৰত । ‘গ্ল’ৱেল বাৰ্ডেন অৱ ডিজিজ’ শীৰ্ষক এখন প্ৰতিবেদনত সন্নিৱিষ্ট তথ্য মতে, ২০১৭ চনত দেশৰ প্ৰায় ১.৯৫ লাখ শিশুৰ মৃত্যুৰ কাৰণ আছিল বায়ু প্ৰদূষণ । অৰ্থাত গড়ে প্ৰতিদিনে ৫৩৫ টি শিশুৰ প্ৰাণ কাঢ়ি নিছে দূষিত বায়ুৱে । দেশৰ ৰাজধানী নতুন দিল্লীত বায়ু প্ৰদূষণৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিৰ বিষয়ে সকলো জ্ঞাত । এইবাৰৰ দীপাৱলীৰ সময়ত চৰকাৰ তথা প্ৰকৃতি-পৰিৱেশপ্ৰেমী সংগঠনৰ আহ্বানক উলাই কৰি উৎসৱৰ আনন্দত মতলীয়া হৈ একাংশই ফটকা , আতচবাজী ফুটোৱাৰ ফলত দিল্লীৰ আকাশ কেইবাদিনলৈ ছানি ধৰিছিল ক’লা ধোঁৱাই । ভয়ংকৰভাৱে বায়ুমণ্ডল প্ৰদূষিত হোৱাৰ ফলত প্ৰতিবছৰে দিল্লীত শ্বাসকষ্টজনিত ৰোগত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাব ধৰিছে । ভাৰতৰ জনসংখ্যাৰ ৪০ শতাংশ লোকে বসবাস কৰে কানপুৰ আৰু বাৰানসী-গংগেয় অৱবাহিকাত । বিশ্ব স্বাস্থ্য সংস্থাৰ এক তথ্য অনুসৰি যোৱা দুটা দশকত বায়ু প্ৰদূষণ বৃদ্ধি পোৱাৰ কাৰণেই অৱবাহিকাটোৰ বাসিন্দাসকলৰ গড় আয়ুস অন্ততঃ সাত বছৰ হ্ৰাস পাইছে । এয়া মাত্ৰ উদাহৰণহে । বায়ু প্ৰদূষণ অনাগত সময়ছোৱাত মানৱ জাতিৰ কাৰণে ভয়ংকৰ বিপদৰ কাৰক হব পাৰে । সেয়ে সকলোৱে এইক্ষেত্ৰত সময় থাকোতেই অধিক সচেষ্ট হোৱা উচিত ।

You might also like