নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় গণতন্ত্ৰ আৰু ফিৰোজ খান

ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থা দুৰ্বল হৈ পৰিছে নেকি ? পূৰ্বৰ দৰে ভাৰতীয় গণতন্ত্ৰ এতিয়া শক্তিশালী হৈ থকা নাই নেকি ? যোৱা কেইটামান মাহৰ পৰা আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এই সন্দৰ্ভত যথেষ্ট চৰ্চা হৈছে । বিভিন্ন লেখাত বিশিষ্ট লেখক আৰু বিশেষজ্ঞই ইয়াৰ ওপৰত নিজস্ব মত দাঙি ধৰি কেতবোৰ দিশ আঙুলিয়াই দিছে । ধৰ্মীয় অসহিষ্ণুতাৰ প্ৰসংগ অৱশ্যে নৰেন্দ্ৰ মোডী চৰকাৰৰ প্ৰথম কাৰ্যকালৰ পৰাই আলোচ্য বিষয় হৈ আহিছে । শেহতীয়াকৈ উদ্বেগ প্ৰকাশ কৰা হৈছে যে ভাৰতৰ সাংবিধানিক ব্যৱস্থাসমূহৰ স্বতন্ত্ৰতাক লৈ আপোচ কৰা হৈছে আৰু ইয়াৰ ফলত গণতান্ত্ৰিক ব্যৱস্থা পূৰ্বৰ তুলনাত দুৰ্বল হৈ পৰিছে । আলোচনাৰ বিষয় হৈ পৰিছে নাগৰিকপঞ্জী উন্নীতকৰণৰ প্ৰসংগও । ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় সংবাদমাধ্যমত ব্যাপক প্ৰচাৰ পাইছে কাশ্মীৰত কেন্দ্ৰীয় চৰকাৰে লোৱা সিদ্ধান্ত আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত ৰাজ্যখনত সৃষ্টি হোৱা পৰিস্থিতিয়ে । স্বাভাৱিকতে এনে প্ৰচাৰে বিশ্ব সমুদায়ৰ সন্মুখত ভাৰতৰ ভাৱমূৰ্তি যথেষ্ট ম্লান কৰিছে । অৱশ্যে এনে সকলোবোৰ লেখা বা প্ৰতিবেদন সম্পূৰ্ণ পক্ষপাতমুক্ত বুলি ক’ব নোৱাৰি । বহুতো লেখাই অতিৰঞ্জিত, য’ত তিলটোকে তাল কৰাৰ চেষ্টা কৰাটো সহজে ধৰা পেলাব পাৰি । কিন্তু এনে বহুসংখ্যক প্ৰবন্ধও প্ৰকাশ পাইছে, যিবোৰ সত্যৰ ওপৰত প্ৰতিষ্ঠিত । গতিকে বিজেপিৰ সমৰ্থকসকলে বিদেশী সংবাদমাধ্যমৰ প্ৰচাৰ ষড়যন্ত্ৰমূলক বুলি উৰুৱাই দিয়াটো এক মাৰাত্মক ভুল । আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ এনে প্ৰচাৰক বিজেপিৰ সমৰ্থকসকলে উপেক্ষা কৰিলেও চৰকাৰে ইয়াক গুৰুত্ব নিদিয়াকৈ থকা উচিত নহয় । কাৰণ ভাৰতে বিশ্বত নিজৰ সন্মান অটুট ৰাখিবলৈ গৈ এখন শক্তিশালী গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে নিজৰ পৰিচয় দাঙি ধৰিব পাৰিবই লাগিব । ইয়াৰ সমান্তৰালভাৱে সুস্থিৰ অৰ্থনীতিৰ দেশ হিচাপেও ভাবমূৰ্তি অটুট ৰাখিব লাগিব । কিন্তু এই দুয়োটা ক্ষেত্ৰতে বিদেশৰ সংবাদ মাধ্যমত এতিয়া নেতিবাচক প্ৰচাৰ চলাটো উদ্বেগজনক ।

বিদেশী সংবাদ পত্ৰত এনে প্ৰচাৰৰ মাজতে বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ শেহতীয়া বিতৰ্কিত ঘটনাটো কেৱল আবাঞ্ছিতই নহয়, অত্যন্ত গৰ্হিতও । মুছলমান হোৱাৰ বাবেই এজন সংস্কৃত শিক্ষক নিযুক্তিৰ বিৰোধিতা কৰিছে বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ একাংশ ছাত্ৰই । সন্মানীয় বিশ্ববিদ্যালয়খনত এই বিতৰ্কক লৈ পাঠদানো বিঘ্নিত হৈছে । ফিৰোজ খান নামৰ সংস্কৃত শিক্ষকজনে ৰাষ্ট্ৰীয় সংস্কৃত সংস্থানৰ পৰা পি এইচ ডি ডিগ্ৰী লাভ কৰাৰ পিছত নিজৰ যোগ্যতাৰ ভিত্তিতে বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত সংস্কৃতৰ অধ্যাপক হিচাপে নিযুক্তি লাভ কৰিছিল । কিন্তু তেওঁ মুছলমান হোৱাৰ বাবেই এতিয়া একাংশ ছাত্ৰই শ্ৰেণীকোঠাত বহিবলৈ অমান্তি হৈছে । তেওঁলোকে দাবী কৰিছে – ফিৰোজ খানৰ নিযুক্তি বাতিল কৰিব লাগে । কিন্তু মন কৰিবলগীয়া কথাটো হ’ল – ফিৰোজ খানে দ্বিতীয় শ্ৰেণীত পঢ়ি থকা অৱস্থাৰ পৰাই সংস্কৃতৰ শিক্ষা লৈ আহিছে । সংস্কৃতেই আছিল স্কুলৰ পৰা কলেজলৈ তেওঁৰ প্ৰিয় বিষয় । গোটেই জীৱন তেওঁ সংস্কৃতক লৈয়ে জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰি আহিছে । স্বাভাৱিকতেই হিন্দু বিশ্ববিদ্যালয়ৰ একাংশ ছাত্ৰই কৰা দাবী আৰু আচৰণ অত্যন্ত নিন্দনীয় । চৰকাৰে এই পৰ্যন্ত গোটেই বিষয়টোক লৈ সুস্পষ্ট স্থিতি গ্ৰহণ কৰা নাই । ফলত এই ঘটনাই ভাৰতৰ ধৰ্ম নিৰপেক্ষতাক লৈ বিদেশী সংবাদ মাধ্যমত সন্দেহৰ সৃষ্টি কৰাটো স্বাভাৱিক । এটা কথা স্বীকাৰ কৰিবই লাগিব যে ভূ-ৰাজনৈতিক আৰু ভূ-অৰ্থনৈতিকভাৱে ভাৰত ইমান শক্তিশালীও নহয় যে আন্তঃৰাষ্ট্ৰীয় মতামতক বুঢ়া আঙুলি দেখুৱাব পাৰে । সেয়ে এখন প্ৰগতিশীল গণতান্ত্ৰিক দেশ হিচাপে বিশ্বত নিজৰ ভাবমূৰ্তি অটুট ৰখাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি চৰকাৰে এনে কাৰ্য প্ৰতিৰোধ ব্যৱস্থা কৰিবই লাগিব ।

You might also like