নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংকটকালতো ষড়যন্ত্র

পৃথিৱী গ্রহৰ সর্বত্র এতিয়া ‘ন’ভেল ক’ৰোনা ভাইৰাছ’ বা ‘ক’ভিড–১৯’ৰ বিভীষিকা৷ দুই শতাধিক দেশলৈ সংক্রমিত হোৱা তথা আধুনিক চিকিৎসা বিজ্ঞানৰ বাবে এক বৃহৎ প্রত্যাহ্বান হৈ পৰা প্রাণঘাতী এই ভাইৰাছৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজিবলৈ ইতিপূর্বে আহ্বান জনাইছিল ৰাষ্ট্রসংঘই৷ বিভিন্ন দেশে ইতিমধ্যে এনে আহ্বানৰ প্রতি সঁহাৰি জনাই ‘ক’ভিড–১৯’ৰ দ্রুত সংক্রমণ প্রতিৰোধকল্পে পাৰস্পৰিক সহযোগিতাৰে আগবাঢ়ি আহিছে৷ নিঃসন্দেহে ‘অদৃশ্য শক্তি’য়ে সৃষ্টি কৰা সংকটৰ সময়ত বিশ্ব সমুদায়ৰ বাবে এয়া আশাব্যঞ্জক খবৰ৷ ‘মহামাৰী’ৰ বিৰুদ্ধে যুঁজ দিয়াত দেশসমূহৰ ইতিবাচক মানসিকতাক খোদ ৰাষ্ট্রসংঘই প্রশংসা কৰিছে৷ শুকুৰবাৰে এখন সংবাদ মেলত ৰাষ্ট্রসংঘৰ সচিবপ্রধান এণ্ট’নি’ গুটেৰেছৰ মুখপাত্র ষ্টেফানি ডুৱাৰিছে কৈছে যে ‘ক’ভিড–১৯’ৰ মোকাবিলাৰ হকে সকলো দেশকে একত্রিত হৈ কাম কৰিবলৈ ৰাষ্ট্রসংঘৰ সচিবপ্রধানে আহ্বান জনাইছিল৷ সেই আহ্বানৰ প্রতি সঁহাৰি জনাই বিভিন্ন দেশ যিদৰে আগবাঢ়ি আহিছে, সেয়া সঁচাকৈয়ে প্রশংসনীয়৷ এইক্ষেত্রত ভাৰত ৰাষ্ট্রসংঘৰ বিশেষ প্রশংসাৰ পাত্র হৈছে৷ প্রধানতঃ চৰম সংকটৰ সময়ত বিভিন্ন দেশলৈ ভাৰত চৰকাৰে ‘হাইড্র’ক্সিক্ল’ৰোকুইন’ যোগান ধৰা কার্যৰ শলাগ লৈছে ৰাষ্ট্রসংঘৰ সচিবপ্রধান গুটেৰেছে৷ এই সন্দর্ভত ৰাষ্ট্রসংঘৰ তৰফৰ পৰা এইদৰে কোৱা হৈছে– ভাৰতে ‘ক’ভিড–১৯’ৰ সংক্রমণ প্রতিহত কৰাৰ ক্ষেত্রত যিধৰণে সাহায্যৰ হাৰ আগবঢ়াইছে, তাক ৰাষ্ট্রসংঘৰ সচিবপ্রধানে প্রশংসা কৰিছে৷ কোনোধৰণৰ প্রতিষেধক বা ঔষধ আৱিষ্কাৰ নোহোৱাৰ পৰিপ্রেক্ষিতত ‘হাইড্র’ক্সিক্ল’ৰোকুইন’ আৰু ‘পেৰাচিটামল’ প্রাণঘাতী ভাইৰাছৰ ‘মহৌষধ’ ৰূপে বিবেচিত হৈছে৷ কিন্তু দেশৰ সামগ্রিক পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি ভাৰত চৰকাৰে ‘হাইড্র’ক্সিক্ল’ৰোকুইন’ ৰপ্তানিত নিষেধাজ্ঞা জাৰি কৰিছিল৷ শেহতীয়াকৈ এই নিষেধাজ্ঞা উঠাই লোৱা হৈছে৷ অকল নিষেধাজ্ঞা উঠাই লোৱাই নহয়, মহাশক্তিধৰ আমেৰিকাৰ উপৰি মৰিছাছ, চিচিলি, আফগানিস্তান, ভূটান, বাংলাদেশ, নেপাল, মালদ্বীপ, শ্রীলংকা, ম্যানমাৰসহ ৫৫খন বিদেশী ৰাষ্ট্রলৈ এই ঔষধ ৰপ্তানি কৰা হৈছে৷ যি সময়ত ভাৰতে ‘ন’ভেল ক’ৰোনা ভাইৰাছ’ৰ বিপর্যয় ৰোধত বিশ্ব সমুদায়ৰ সৈতে এইদৰে পাৰস্পৰিক সহযোগিতাৰে আগবাঢ়িছে, সেই একেই সময়তে পুনৰ কার্যতঃ নিকৃষ্ট মানসিকতা উন্মোচিত হৈছে পাকিস্তানৰ৷ সীমাৰ সিপাৰৰ পৰা সন্ত্রাসবাদৰ পৃষ্ঠপোষকতাৰে ভাৰত ভূমিক অস্থিৰ কৰি ৰাখিব বিচৰা চিৰবৈৰী ৰাষ্ট্রখনে সংকটকালতো ষড়যন্ত্র কৰিবলৈ এৰা নাই৷ দেখাকৈ ভাৰতবিৰোধী ষড়যন্ত্রত চামিল নহ’লেও কাশ্মীৰ উপত্যকা সংলগ্ণ সীমান্তত পাক মদতপুষ্ট সন্ত্রাসবাদীৰ দ্বাৰা একাধিকবাৰ গুলীচালনাৰ ঘটনা সংঘটিত হৈছে৷ শনিবাৰৰ দিনটোতো উত্তৰ কাশ্মীৰৰ বাৰামুল্লা জিলাৰ অন্তর্গত ছাপোৰ অঞ্চলত সন্ত্রাসবাদী আক্রমণত চি আৰ পি এফৰ তিনিজন জোৱান শ্বহীদ হোৱাৰ লগতে আন দুজন আহত হৈছে৷

পাকিস্তানতো ‘ক’ভিড–১৯’ৰ সংক্রমণ দ্রুতগতিত বৃদ্ধি পাব ধৰিছে৷ ‘দ্য নেচন’ নামৰ সংবাদ–পত্রখনৰ তথ্য অনুসৰি দেশখনত ৭,৯৯৩জন লোক এই মহামাৰীত আক্রান্ত হোৱাৰ বিপৰীতে মৃত্যু ঘটিছে ১৫৯জনৰ৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল– ‘ন’ভেল ক’ৰোনা ভাইৰাছ’ৰ সংক্রমণে চৰম বিপর্যয়ৰ গৰাহলৈ ঠেলি দিছে দেশখনৰ অর্থনীতিক, বিদেশী মুদ্রাৰ তহবিল প্রায় শূন্য৷ তাৰ সমান্তৰালভাৱে দেশখনত গা কৰি উঠিছে খাদ্য সংকটে৷ যোৱা বছৰৰ জুলাই মাহত ইছলামাবাদে প্রকাশ কৰিছিল যে তেওঁলোকৰ হাতত থকা বিদেশী মুদ্রাৰ পৰিমাণ মাত্র ৮০০ কোটি মার্কিন ডলাৰ৷ ইয়াৰ পাছতে আমেৰিকাৰ শৰণাপন্ন হোৱা পাক চৰকাৰক আন্তর্জাতিক মুদ্রানিধিয়ে ৬০০ কোটি মার্কিন ডলাৰ ঋণ দিয়াৰ সিদ্ধান্ত গ্রহণ কৰিছিল৷ শেহতীয়াকৈ আন্তর্জাতিক মুদ্রানিধিয়ে আর্থিক সংকটৰ মোকাবিলাৰ অর্থে ১৪০ কোটি মার্কিন ডলাৰৰ আর্থিক সাহায্য মঞ্জুৰ কৰিছে৷ এনেধৰণৰ আর্থিক সংকটৰ পাছতো পাকিস্তানে কিন্তু সন্ত্রাসবাদৰ প্রতি পৃষ্ঠপোষকতা তথা ভাৰতবিৰোধী ষড়যন্ত্রত লিপ্ত হ’বলৈ এৰা নাই৷ এনে ষড়যন্ত্রৰ গুৰুত্বপূর্ণ তথ্য ইতিমধ্যে ভাৰতীয় চোৰাংচোৱা সংস্থাৰ হাতত পৰিছে৷ চোৰাংচোৱাৰ উদ্ধৃতিৰে সংবাদ মাধ্যমত প্রকাশিত বাতৰি অনুসৰি, কুখ্যাত লস্কৰ–ই–তৈবাৰ সহায়ত পাকিস্তানে দুটাকৈ নতুন সন্ত্রাসবাদী সংগঠনৰ জন্ম দিছে৷ দ্য ৰেজিটেন্স ফ্রণ্ট আৰু তেহৰিক–ই–মিলাত–ই– নামৰ সন্ত্রাসবাদী সংগঠন দুটাৰ জন্ম দিয়াৰ উদ্দেশ্যই হ’ল কাশ্মীৰ উপত্যকাত নিয়োজিত ভাৰতীয় নিৰাপত্তা বাহিনীৰ ওপৰত আক্রমণ সংঘটিত কৰা৷ পাকিস্তানী চোৰাংচোৱা সংস্থা আই এছ আয়ে এই নতুন সন্ত্রাসবাদী সংগঠন দুটা জন্মৰ ক্ষেত্রত প্রত্যক্ষভাৱে জড়িত বুলিও প্রকাশ পাইছে৷ একমাত্র সন্ত্রাসবাদৰ প্রতি পৃষ্ঠপোষকতাৰ বাবেই বিশ্ব সমুদায়ৰ ওচৰত নিন্দিত হোৱা পাকিস্তানে তীব্র সংকটৰ সন্মুখীন হৈও নিজৰ কু–ভিপ্রায় পৰিত্যাগ কৰিব পৰা নাই৷ এনে মানসিকতা নিশ্চিতভাৱে ধিক্কাৰজনক৷

You might also like