নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৱেব মিডিয়াক নিয়ন্ত্ৰণ কৰক

সমগ্ৰ দেশৰ লগতে অসমতো ১৬ নৱেম্বৰত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হৈছে । ১৯৬৬ চনত প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়া (পিচিআই) ৰ জন্মদিনটোকে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰূপে পালন কৰা হয় । দেশৰ সংবাদপত্ৰ তথা সংবাদ সেৱাক শৃংখলাবদ্ধ কৰাত পিচি আইৰ বিশেষ ভূমিকা আছে । পিচিআইৰ অধ্যক্ষ পদত পৰম্পৰাগতভাৱে নিয়োজিত হৈ আছে উচ্চতম ন্যায়ালয়ৰ এগৰাকী অৱসৰপ্ৰাপ্ত ন্যায়াধীশ । পি চি আইৰ ২৮জনীয়া সদস্যৰ তালিকাৰ অধিকাংশই সংবাদ-পত্ৰ আৰু নিউজ চেনেলৰ পৰা বাছনি কৰা হয় । লোকসভা আৰু ৰাজ্যসভাৰ পাঁচজন সাংসদক পি চি আইৰ সদস্যৰূপে বাছনি কৰা হয় । ১২৫ কোটি জনগণৰ সামূহিক স্বাৰ্থ তথা গণতন্ত্ৰ শক্তিশালী কৰিবলৈ হ’লে সংবাদ মাধ্যমে নিশ্চিতভাৱে নিৰপেক্ষতা বৰ্তাই ৰাখিব লাগিব । ইয়াৰ লগে লগে সংবাদ পত্ৰ তথা সংবাদসেৱাৰ স্বাধীনতাও সুৰক্ষিত হ’বই লাগিব । এইক্ষেত্ৰত পি চি আইৰ দৰে স্বতন্ত্ৰৰীয় সংস্থাৰ বিশেষ দায়িত্ব আছে । দেশজুৰি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপনক লৈ যিদৰে শেহতীয়াকৈ সজাগতা বাঢ়িছে সেয়া নিশ্চিতভাৱে দেশৰ গণতন্ত্ৰৰ বাবে শুভ লক্ষণ । গণতন্ত্ৰত সংবাদ সেৱা চতুৰ্থ স্তম্ভৰূপে গণ্য কৰা হয় । কিন্তু সংবাদ পত্ৰ অথবা সংবাদ সেৱাৰ সৈতে জড়িত লোকসকলৰ বাবে বিশেষ স্বাধীনতাৰ কোনো ব্যৱস্থা নাই । সংবিধানপ্ৰদত্ত বাক্ স্বাধীনতাৰ আধাৰত দেশৰ প্ৰতিজন নাগৰিকে মুক্তকণ্ঠে কথা কোৱাৰ যি স্বাধীনতা আমাক প্ৰদান কৰিছে তাৰ আধাৰতে নিহিত হৈ আছে সংবাদ সেৱাৰ স্বাধীনতা । দেশৰ সংবাদ সেৱাৰ স্বাধীনতা আৰু নিৰপেক্ষতা বৰ্তাই ৰখাৰ বাবে পি চি আইক আৰু অধিক শক্তিশালী কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে । সংবাদ সেৱাক শৃংখলাবদ্ধ আৰু ইতিবাচকৰূপে গঢ়ি গণমুখী কৰাৰ স্বাৰ্থতে এনে পদক্ষেপ গ্ৰহণ কৰা উচিত । সংবাদ মাধ্যমৰ প্ৰতি ৰাইজৰ আস্থা আৰু বিশ্বাস শক্তিশালী কৰিবলৈ হ’লে সংবাদ পত্ৰ তথা সংবাদ সেৱাও নিৰপেক্ষ আৰু নিৰ্ভীক হ’বই লাগিব । কিন্তু নিৰ্ভীক সাংবাদিকতাৰ নামত পক্ষপাত অথবা আক্ৰোশপূৰ্ণ সাংবাদিকতাই কেতিয়াও গণতন্ত্ৰ শক্তিশালী কৰিব নোৱাৰে ।

বিগত দুটা দশকত দেশৰ সংবাদ সেৱা ক্ষেত্ৰখনত ব্যাপক পৰিৱৰ্তন পৰিলক্ষিত হৈছে । ঊনবিংশ শতিকাত দেশৰ লগতে অসমতো সংবাদ সেৱাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল সংবাদ-পত্ৰসমূহে । বিগত দুটা দশকত সমগ্ৰ দেশতে ছেটেলাইট নিউজ চেনেলৰ সংখ্যা বৃদ্ধি হৈছে । ইয়াৰ লগে লগে দৃশ্য-শ্ৰাব্য সংবাদ-মাধ্যমৰ মাজতো অঘোষিত প্ৰতিযোগিতা আৰম্ভ হৈছে । এনে প্ৰতিযোগিতাৰ বাবেই সংবাদসেৱা অধিক জনমুখী হৈছে । নিউজ চেনেলসমূহৰ এনে প্ৰতিযোগিতাৰ মাজত তথ্য-প্ৰযুক্তিৰ বিকাশৰ সুযোগ লৈ শেহতীয়াকৈ ডিজিটেল মিডিয়া তথা ছ’চিয়েল মিডিয়াৰো উত্থান হৈছে । তথ্য প্ৰযুক্তিৰ বিকাশ আমি মানি ল’বই লাগিব । সমগ্ৰ বিশ্বতে ছ’চিয়েল মিডিয়াই শেহতীয়াকৈ বিশেষ ভূমিকা গ্ৰহণ কৰিছে । অসমতো ইয়াৰ ব্যতিক্ৰম নহয় । কিন্তু ডিজিটেল তথা ছ’চিয়েল মিডিয়াৰ ওপৰত পি চি আইৰ কোনো নিয়ন্ত্ৰণ নাই । এইক্ষেত্ৰত কেন্দ্ৰীয় অথবা ৰাজ্য চৰকাৰেও কোনো স্পষ্ট নীতি গ্ৰহণ কৰা নাই । ইয়াৰ সুযোগ লৈ জধে-মধে ডিজিটেল তথা ছ’চিয়েল মিডিয়াৰ বিভিন্ন এপ অথবা ৱেবচাইট মুকলি হৈছে । এখন সংবাদপত্ৰ প্ৰকাশ কৰিবলৈ হ’লে আৰ এন আইৰ পঞ্জীয়নকে ধৰি বিভিন্ন অনুমতি গ্ৰহণ কৰিব লাগে । একেদৰে এটি চেটেলাইট নিউজ চেনেলৰ জন্মগ্ৰহণৰ পূৰ্বে প্ৰয়োজন হয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অনুমতি । কিন্তু ৱেব তথা ছ’চিয়েল মিডিয়াৰ বাবে এতিয়া বিশেষ অনুমতিৰ প্ৰয়োজন নোহোৱাত নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছে সংবাদসেৱা । জধে-মধে মুকলি হোৱা একাংশ ৱেব মিডিয়াই নিশাৰ ভিতৰতে জনপ্ৰিয়তা অৰ্জনৰ নামত খেয়াল-খুচিমতে সংবাদ পৰিৱেশন কৰাও পৰিলক্ষিত হৈছে । ছেটেলাইট নিউজ চেনেলৰ আগত দৌৰাৰ প্ৰতিযোগিতাৰ নামত সমাজত বিষবাষ্প বিয়পাই দিয়াত ইন্ধন যোগাইছে একাংশ ৱেব মিডিয়াই । এই সুযোগ ৱেব মিডিয়াই লাভ কৰিছে চৰকাৰ তথা পি চি আইৰ প্ৰয়োজনীয় নীতি-নিয়ম নথকাৰ বাবেই । এয়া দেশৰ শৃংখলাবদ্ধ সংবাদসেৱাৰ প্ৰতি এক ভাবুকি । সংবাদ সেৱাৰ সৈতে জড়িত ৱেব মিডিয়া সমূহকো সমদৃষ্টিৰে নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে । শৃংখলাবদ্ধ সংবাদ সেৱাৰ অধীনত আছে সেয়া সাধাৰণ ৰাইজৰ বাবে বুজাটো সহজ নহয় । সংবাদ সেৱাৰ নামত অৰাজকতা বন্ধ কৰিবলৈ হ’লে ৱেব মিডিয়া তথা ছ’চিয়েল মিডিয়াৰ ওপৰত নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰিবই লাগিব । নহ’লে সংবাদ সেৱাৰ প্ৰতি বছৰ বছৰ ধৰি বৰ্তি থকা দেশবাসীৰ আস্থা আৰু বিশ্বাস ক্ৰমে নাইকীয়া হ’ব । এনে অৱস্থাত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপনৰ লক্ষ্য আৰু উদ্দেশ্য বিপন্ন হ’ব । এইক্ষেত্ৰত দেশৰ শৃংখলাবদ্ধ সংবাদ প্ৰতিষ্ঠানসমূহেও ঐক্যবদ্ধভাৱে আগবাঢ়ি অহাৰ প্ৰয়োজন হৈছে ।

You might also like