চিপিইচিত আফগানিস্তান
চিপিইচিত আফগানিস্তান : চীন–পাকিস্তান অর্থনৈতিক কৰিড’ৰ ( চিপিইচি )ক লৈ দীর্ঘদিন ধৰি ভাৰতে বিষোদগাৰ প্রকাশ কৰি আহিছিল৷ পাক অধিকৃত কাশ্মীৰৰ মাজেৰে যোৱা এই অর্থনৈতিক কৰিড’ৰে ভাৰতৰ সার্বভৌমত্ব আৰু আঞ্চলিক অখণ্ডতাৰ প্রতি ভাবুকি কঢ়িয়াই অনা বুলিও নতুন দিল্লীয়ে দীর্ঘদিন ধৰি বেইজিঙক আপত্তি দর্শাই আহিছে৷ কিন্তু ভাৰতৰ কোনোধৰণৰ আপত্তিক গুৰুত্ব দিয়া নাই ৰঙা চীনে৷ এইবাৰ অর্থনৈতিক কৰিড’ৰত ভাৰতৰ সন্মুখত নতুন প্রত্যাহ্বান সৃষ্টি কৰি অন্য এখন দেশ যুক্ত হৈ পৰিছে৷ পাকিস্তানৰ সৈতে মতবিৰোধ থকা সত্ত্বেও আফগানিস্তানে এই অর্থনৈতিক কৰিড’ৰৰ প্রতি সমর্থন প্রকাশ কৰিছে৷ অর্থাৎ চীন আৰু পাকিস্তানৰ বিতর্কিত তথা বিবদমান এই অর্থনৈতিক কৰিড’ৰত এইবাৰ আফগানিস্তানকো অংশ হিচাপে লাভ কৰিছে৷ অর্থাৎ চীন–পাকিস্তানৰ এই ইক’নমিক কৰিড’ৰ এইবাৰ গৈ আফগানিস্তানৰ সৈতে যুক্ত হৈ পৰিব৷ শেহতীয়াকৈ চীন ভ্রমণলৈ গৈছিল তালিবানৰ বিদেশ মন্ত্রী আমিৰ খান মুত্তাকি৷ এই ভ্রমণৰ সময়ত চীনৰ বিদেশ মন্ত্রী ৱাং য়ি আৰু পাকিস্তানী বিদেশ মন্ত্রী ইছাক দাৰৰ সৈতে বৈঠকত মিলিত হয় মুত্তাকি৷ তিনিওগৰাকী বিদেশ মন্ত্রীৰ এই বৈঠকতে সিদ্ধান্ত গ্রহণ কৰা হয় যে চিপিইচিত আফগানিস্তানক সামৰি লোৱা হ’ব৷ আফগান বিদেশ মন্ত্রীগৰাকীয়ে চিপিইচিৰ প্রতি সমর্থন প্রকাশ কৰাৰ লগে লগে ভাৰতত বিষয়টোক লৈ সৃষ্টি হৈছে উদ্বেগ৷ কাৰণ তালিবানৰ আফগানিস্তানক ভাৰতে সমর্থন জনোৱা নাই যদিও দশক দশক ধৰি যুদ্ধত আক্রান্ত হোৱা দেশখনৰ বিভিন্ন আন্তঃগাঁথনিৰ উন্নয়নৰ ক্ষেত্রত ভাৰতে বৃহৎ অংকৰ ধন বিনিয়োগ কৰি আহিছে৷ আফগানিস্তানৰ প্রতি মানৱীয় সাহায্যৰ অংশ হিচাপে ভাৰতে তালিবান চৰকাৰক সমর্থন নকৰাকৈ সঘনে পুঁজি আগবঢ়াই আহিছে৷ এনে পৰিস্থিতিত চীন আৰু পাকিস্তানৰ বিতর্কিত অর্থনৈতিক কৰিড’ৰত আফগানিস্তান জড়িত হৈ পৰাৰ লগে লগে ভাৰত ক্ষুণ্ণ হৈ পৰাটোৱেই স্বাভাৱিক৷ অপাৰেচন সিন্দূৰৰ জৰিয়তে ভাৰতে পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত থকা সন্ত্রাসবাদী শিবিৰ ধ্বংস কৰাৰ পাছত পাকিস্তানী বিদেশ মন্ত্রী ইছাক দাৰে চীন ভ্রমণ কৰে৷ চলিত সপ্তাহত পাক বিদেশ মন্ত্রীগৰাকীয়ে বেইজিঙত গৈ উপস্থিত হোৱাৰ এদিন পাছতে আফগান বিদেশ মন্ত্রী মুত্তাকিও চীনত উপস্থিত হয়৷ ইয়াৰ পাছতে চীন আৰু পাকিস্তানৰ বিদেশ মন্ত্রীৰ সৈতে ত্রিপাক্ষিক বৈঠকত মিলিত হয় মুত্তাকি৷ লক্ষণীয়ভাৱে আফগানিস্তান চিপিইচিৰ সৈতে জড়িত হৈ পৰিব বুলি পূর্ব ধাৰণা নাছিল ভাৰতৰ৷ গতিকে অতি ক্ষিপ্রতাৰে এই বিষয়টোত আফগানিস্তানে সিদ্ধান্ত গ্রহণ কৰাৰ লগে লগে ভাৰতত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷
সুৰক্ষা ক্ষেত্রত তিনিওখন দেশৰ সহযোগিতা আৰু ভাৰত–পাক সংঘাতৰ মাজত বাণিজ্য চলাই নিয়া বিষয়টোক লৈ এই বৈঠকত আলোচনা হ’ব বুলি প্রাথমিকভাৱে বেইজিং প্রশাসনে সদৰী কৰিছিল৷ কিন্তু চিপিইচি সন্দর্ভত এনে গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰিব বুলি দেশখনৰ বিদেশ মন্ত্রালয়ে কোনোধৰণৰ বিবৃতি প্রকাশ কৰা নাছিল৷ তাৎপর্যপূর্ণভাৱে তিনিওগৰাকী বিদেশ মন্ত্রীৰ গুৰুত্বপূর্ণ এই বৈঠকৰ পাছতো বেইজিঙে বিষয়টোক লৈ মৌনতা অৱলম্বন কৰিছে৷ কিন্তু পাক বিদেশ মন্ত্রালয়ৰ তৰফৰ পৰা এক বিবৃতিত স্পষ্ট কৰি দিয়া হৈছে যে আঞ্চলিক সুৰক্ষা, সুস্থিৰতা আৰু উন্নয়নৰ লক্ষ্যত ঐক্যবদ্ধ হৈ থাকিব আফগানিস্তান, পাকিস্তান আৰু চীন৷ কূটনৈতিক সম্পর্কৰ উন্নতি তথা যোগাযোগ ক্ষেত্রত অধিক সুদৃঢ় সম্পর্ক গঢ়ি তোলাৰ ক্ষেত্রতো তিনিওখন দেশে সহমত পোষণ কৰা বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে৷ এই বৈঠকত বাণিজ্য আৰু উন্নয়নক প্রধান আলোচ্য বিষয় হিচাপে গ্রহণ কৰা হৈছিল বুলিও পাক বিদেশ মন্ত্রালয়ে ঘোষণা কৰিছে৷ লক্ষণীয়ভাৱে চীনৰ বেল্ট এণ্ড ৰোড প্রকল্পক অধিক শক্তিশালী কৰি তুলিবলৈ তিনিওখন দেশে চিপিইচিৰ প্রকল্পক প্রাধান্য দিয়া বুলি পাকিস্তানে দাবী কৰিছে৷ লক্ষণীয় বিষয়টো হৈছে- প্রাচীন ৰেচম পথৰ ঐতিহাসিক ভিত্তিক লৈ চীনে আধুনিক বেল্ট এণ্ড ৰোড প্রকল্প গ্রহণ কৰিছে৷ এই প্রকল্পৰ জৰিয়তে এছিয়া আৰু ইউৰোপক একেটা অঞ্চল আৰু পথত সামৰি লোৱাৰ অভিলাষী আঁচনি গ্রহণ কৰিছে চীনে৷ কিন্তু এই প্রকল্পৰ ক্ষেত্রত আপত্তি দর্শাই আহিছে ভাৰতে৷ বেল্ট এণ্ড ৰোড প্রকল্পক আগবঢ়াই নিবলৈ হ’লে এছিয়াৰ বিভিন্ন দেশৰ চীনক সমর্থনৰ প্রয়োজন হ’ব৷ গতিকে আফগানিস্তানক এই সুদূৰপ্রসাৰী চিন্তাৰে চিপিইচিত চীন–পাকিস্তানে সামৰি লোৱা বুলি বিশেষজ্ঞসকলে ধাৰণা কৰিছে৷