অমল বাগচী
মই মোৰ বহুতো আত্মজীৱনীমূলক ৰচনাত এই কথা লিখিছোঁ যে জীৱনত দুটা লাইব্রেৰীৰ ওচৰত মই বিশেষভাৱে ঋণী৷ এটা হ’ল ঢ়কুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়ৰ লাইব্রেৰী– য’ত মাত্র ৩০০ কিতাপ আছিল৷ দ্বিতীয়টো হ’ল কটন কলেজৰ লাইব্রেৰী, য’ত আমি পঢ়া সময়ত এক লাখতকৈ বেছি কিতাপ আছিল৷ কিন্তু মোৰ এটা অমার্জনীয় ভুল হৈছিল যে মোৰ জীৱনৰ অবিস্মৰণীয় আৰু এটা লাইব্রেৰীৰ কথা লিখিবলৈ মই পাহৰি গৈছিলোঁ৷ সেইটো হ’ল অমল বাগচীৰ লাইব্রেৰী৷
ডিব্রুগড়ত এক বুজনসংখ্যক বাঙালী সম্প্রদায়ৰ লোক আছে৷ ব্রিটিছসকল অসমলৈ প্রথমে আহোঁতেই তেওঁলোকে ব্রিটিছসকলৰ লগতে ডাক্তৰ, উকীল, শিক্ষক আৰু আমোলা হৈ ডিব্রুগড়লৈ আহিছিল৷ ডিব্রুগড়ৰ বাঙালীসকল উচ্চ শিক্ষিত, সংস্কৃতিৱান আৰু সমাজ সচেতন৷ এসময়ত ‘বিশ্ব কৃষি আৰু খাদ্য সংস্থা’ৰ সঞ্চালকপ্রধান বিনয় ৰঞ্জন সেন, ভাৰতৰ অন্যতম প্রাক্তন নির্বাচন আয়ুক্ত সুকুমাৰ সেন, পেৰিছ প্রবাসী ভাৰতীয় শিল্পী শক্তি সামন্ত –এওঁলোক আটায়ে এসময়ত ডিব্রুগড়ৰ বাসিন্দা আছিল৷ মই ডিব্রুগড়ত ছাত্র হৈ থাকোঁতে এটা কথা মন কৰিছিলোঁ যে সেই সময়ৰ ডিব্রুগড়ৰ বাঙালীসকলৰ মাজত পৰোপকাৰ আৰু নিঃস্বার্থ সমাজ সেৱাৰ এটা প্রবল প্রৱণতা আছিল৷ পৰোপকাৰ কৰাৰ ক্ষেত্রত তেওঁলোকে কেতিয়াও অসমীয়া–বাঙালীৰ ভেদ–ভাব মনলৈ নানিছিল৷ উদাহৰণস্বৰূপে শিশিৰ দাস নামৰ এজন ডেকা বাঙালী ব্যায়ামবিদে ডিব্রুগড় চৰকাৰী হাইস্কুলৰ বাকৰিত সদায় গধূলি এজাক ল’ৰাক বিনা পাৰিশ্রমিকে ব্যায়াম শিকাইছিল৷ তেওঁৰ শিষ্যবোৰৰ ভিতৰত বাঙালীতকৈ অসমীয়া ল’ৰা বেছি আছিল৷ তেওঁৰ স্নেহধন্য ল’ৰাবোৰৰ ভিতৰত মই নিজেও আছিলোঁ এজন৷
শিশিৰদাই যদিও আমাৰ শাৰীৰিক উৎকর্ষ সাধনৰ দায়িত্ব লৈছিল, আমাৰ মানসিক উৎকর্ষ সাধনৰ দায়িত্ব স্বেচ্ছাই কান্ধ পাতি লৈছিল অমল বাগচীয়ে৷
বাগচী পৰিয়াল ডিব্রুগড়ৰ সম্ভ্রান্ত প্রাচীন পৰিয়াল৷ অমল বাগচীয়ে ওকালতি কৰিছিল৷ তেখেতৰ নিজৰ এটা ব্যক্তিগত লাইব্রেৰী আছিল৷ আন উকীলে কাছাৰীৰ পৰা ঘৰলৈ আহি বিছনাত বাগৰি জিৰণি লয় অথবা ব্যায়াম কৰাৰ উদ্দেশ্যে খোজকাঢ়িবলৈ যায়, অথবা বন্ধু–বান্ধৱৰ ঘৰলৈ গৈ অলপ সময় আড্ডা মাৰে৷ অমল বাগচীয়ে সেইবোৰ একো নকৰিছিল৷ তেওঁ কাছাৰীৰ পৰা আহি চাহ–জলপান খায়েই নিজৰ লাইব্রেৰীত বহিছিল৷ কিছুমান বছা বছা ল’ৰাক তেওঁ নিজৰ লাইব্রেৰীৰ সদস্য কৰি লৈছিল৷ সদস্য হ’বৰ কাৰণে কোনেও মাচুল দিব নালাগিছিল৷ এবাৰ বাছনিত উঠা ল’ৰাবোৰে নতুন নতুন ল’ৰা বাগচী ছাৰৰ ওচৰলৈ লৈ আহিছিল৷ তেখেতে ভালকৈ পৰীক্ষা কৰিহে নতুন সদস্য নির্বাচন কৰিছিল৷ ময়ো এনেকৈয়ে অমল বাগচীৰ লাইব্রেৰীৰ সদস্য হৈছিলোঁ৷ পিছত জানিব পাৰিছিলোঁ যে মোৰ নামটো কেনেবাকৈ তেওঁৰ কাণত পৰিছিল আৰু তেওঁৰ নির্দেশতে এজন বাঙালী ছাত্রই মোক তেওঁৰ ওচৰলৈ লৈ গৈছিল৷ মই আছিলোঁ অমল বাগচীৰ লাইব্রেৰীৰ একমাত্র অসমীয়া সদস্য৷
অমল বাগচী লাইব্রেৰীত বহাৰ লগে লগে বাহিৰৰ আন এটা কোঠাত বহি থকা ল’ৰাবোৰ লাইব্রেৰীলৈ গৈছিল৷ তেওঁ প্রত্যেকজন ল’ৰাৰে ৰুচি আৰু প্রয়োজন ভালকৈ জানিছিল৷ সেই অনুযায়ী তেওঁ ল’ৰাবোৰক নিজে কিতাপ বাছি দিছিল৷ তেওঁৰ লাইব্রেৰীত গল্প–উপন্যাস নাছিল আছিল কেৱল জ্ঞান–বিজ্ঞানৰ বিবিধ বিষয়ৰ কিতাপ৷ বৈদিক ব্রাহ্মণৰ নিচিনা চেহেৰাৰ সৌম্য কান্তি অমল বাগচীয়ে বেছি কথা নকৈছিল৷ কিন্তু ল’ৰাবোৰৰ উপকাৰৰ কাৰণে তেওঁ যিকেইষাৰ কথা কৈছিল, সেইখিনি কথা কাৰো পক্ষে গোটেই জীৱনতে পাহৰা সম্ভৱ নাছিল৷ অন্ততঃ মই আজিলৈকে পাহৰা নাই৷ অন্যান্য বহুতো কিতাপৰ লগতে অমল বাগচীয়ে মোক মূল মহাভাৰতৰ কালীপ্রসন্ন সিংহই কৰা বাংলা অনুবাদৰ আটাইকেইটা খণ্ড পঢ়িবলৈ বাধ্য কৰিছিল৷ তেওঁ ল’ৰাবোৰক কেৱল কিতাপ পঢ়িবলৈ দিয়েই ক্ষান্ত হৈ থকা নাছিল৷ ল’ৰাবোৰে যেতিয়া পঢ়ি শেষ কৰি কিতাপ ঘূৰাই দিছিল, তেওঁ তেতিয়া নানা প্রশ্ন কৰি ল’ৰাবোৰক পৰীক্ষা কৰিছিল৷
এইবোৰ প্রায় ৭০ বছৰৰ আগৰ কথা৷ কিন্তু এতিয়াও মই চকু মুদিলেই অমল বাগচীৰ প্রশান্ত সুন্দৰ মুখখন দেখা পাওঁ৷ কি সুন্দৰ পৱিত্র জীৱন প্রচাৰৰ লালসা নাই, প্রতিদানৰ প্রত্যাশা নাই, আছে কেৱল পৰোপকাৰৰ নীৰৱ পুণ্য ব্রত৷ ফুলে যেনেকৈ নীৰৱে সুগন্ধ বিতৰণ কৰি পথিকক আনন্দ দিয়ে, অমল বাগচীৰ নিচিনা মানুহেও নীৰৱে নিজৰ ব্যক্তিত্বৰ পুণ্যপ্রভা বিকিৰণ কৰি জীৱন–পথিকক কল্যাণৰ স্পর্শ দিয়ে৷ মই ভাগ্যৱান যে মই এদিন এনে এজন মানুহৰ সান্নিধ্যলৈ আহিছিলোঁ৷