নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্বহীদক ঘাতক আখ্যা দিয়া কংগ্রেছ বিধায়ক শ্বেৰমানক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা, ৩ অক্টোবৰঃ জাতীয় অস্তিত্ব ৰক্ষাৰ বাবে হোৱা ছবছৰীয়া ঐতিহাসিক অসম আন্দোলনৰ শ্বহীদক ঘাতক আখ্যা দি অসমীয়া জাতিক চৰম অপমান আৰু তাচ্ছিল্য কৰা বাঘবৰ সমষ্টিৰ কংগ্রেছ বিধায়ক শ্বেৰমান আলী আহমেদক শনিবাৰে সন্ধিয়া দিছপুৰৰ বিধায়ক আৱাসৰ পৰা মহানগৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰে৷

বর্তমান বিধায়ক আহমেদক পাণবজাৰ আৰক্ষী থানাত ৰাখি শীর্ষ আৰক্ষী বিষয়াসকলে সোধা–পোছা অব্যাহত ৰখাৰ লগতে গোচৰ পঞ্জীয়নৰ প্রক্রিয়া চলাই আছে৷

উল্লেখ্য যে ছিপাঝাৰৰ গৰুখুঁটিৰ উচ্ছেদ অভিযানৰ পাছতে চূড়ান্ত দায়িত্বজ্ঞানহীন আৰু সাম্প্রদায়িক মানসিকতাৰে অসম আন্দোলনৰ শ্বহীদ দয়ানাথ শর্মাকে ধৰি অঞ্চলটোৰ ৮গৰাকী শ্বহীদক চোৰ–ডকাইতৰ সৈতে তুলনা কৰি শ্বহীদকেইগৰাকীৰ প্রতি চৰম অপমানজনক মন্তব্য কৰে৷ বিধায়ক আহমেদৰ সেই মন্তব্যই ৰাজ্যজুৰি তীব্র প্রতিক্রিয়া সৃষ্টি কৰে৷

তেনে মন্তব্যৰ জৰিয়তে বিধায়ক আহমেদে ৰাজ্যখনৰ সাতামপুৰুষীয়া সম্প্রীতি বিনষ্ট কৰাৰ অপচেষ্টা কৰাৰ লগতে সাম্প্রদায়িক উত্তেজনাৰ সৃষ্টি কৰিব বিচাৰিছে বুলি বিভিন্নজনে তেওঁৰ বিৰুদ্ধে আৰক্ষী থানাত গোচৰ পর্যন্ত ৰুজু কৰে৷ গুৱাহাটীৰ পাণবজাৰ, গীতানগৰ, দিছপুৰ থানাতো তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু হয়৷

ৰাজ্যবাসীয়ে বিধায়কজনৰ তেনে অবাঞ্ছিত মন্তব্যৰ বাবে চৰকাৰক অচিৰেই গ্রেপ্তাৰ কৰাৰ দাবী জনায়৷ জনসাধাৰণকে ধৰি বিভিন্ন দল–সংগঠনৰ ধিক্কাৰ, প্রতিবাদৰ পৰিপ্রেক্ষিতত আজি সন্ধিয়া সাতমান বজাত বিধায়ক আহমেদক দিছপুৰস্থিত চৰকাৰী বিধায়ক আৱাসৰ পৰা গ্রেপ্তাৰ কৰে৷

জানিব পৰা মতে, অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদে পাণবজাৰ আৰক্ষী থানাত ৰুজু কৰা গোচৰ নং ৫১০/২০২১ৰ ভিত্তিতেই বিধায়কজনক গ্রেপ্তাৰ কৰা হৈছে৷ শনিবাৰে নিশাৰ ভাগতে বিধায়ক আহমেদৰ স্বাস্থ্য পৰীক্ষা কৰা হয়৷ আজি তেওঁক আদালতত হাজিৰ কৰাৰ সম্ভাৱনা আছে৷

আনহাতে, বিধায়ক আহমেদৰ গ্রেপ্তাৰৰ পাছত আজি কংগ্রেছ বিধায়িনী দলৰ বৈঠকৰ আয়োজন কৰা হৈছে৷ দলীয় সূত্রৰ পৰা জানিব পৰা মতে আজিৰ বিধায়িনী বৈঠকত বিধায়কজনৰ অবাঞ্চিত মন্তব্য আৰু গ্রেপ্তাৰ সম্পর্কত দলে আলোচনা কৰি এই সম্পর্কত গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰিব৷

মন কৰিবলগীয়া এয়ে যে যোৱা বিধানসভা নির্বাচনৰ আগে আগে বিধায়ক আহমেদে শংকৰদেৱ কলাক্ষেত্রত মিঞা মিউজিয়াম স্থাপন কৰি সেই মিউজিয়ামত নীলা, সেউজীয়া লুঙি–টুপী আদি সংৰক্ষণ কৰাৰো দাবী উত্থাপন কৰিছিল৷ সেই সময়তো বিধায়কগৰাকীৰ সেই মন্তব্যক লৈ ৰাজ্যজুৰি তীব্র প্রতিক্রিয়া সৃষ্টি হৈছিল৷ কিন্তু ইমানৰ পাছতো যোৱা বিধানসভা নির্বাচনত কংগ্রেছ দলে অসমৰ জাতীয় জীৱনলৈ ভাবুকি কঢ়িয়াই অনা তথা সাম্প্রদায়িক বিষবাষ্প বিয়পাব বিচৰা আহমেদকে বাঘবৰ সমষ্টিত পুনৰ প্রার্থিত্ব দিয়ে আৰু জনগাঁথনিগত ভোট বিন্যাসৰ বাবে তেওঁ পুনৰ বিধানসভালৈ নির্বাচিত হৈ আহে৷

মোক গ্রেপ্তাৰৰ পূর্বে মুখ্যমন্ত্রীকহে গ্রেপ্তাৰ কৰিব লাগেঃ শ্বেৰমান

গ্রেপ্তাৰৰ পাছত পাণবজাৰ আৰক্ষী থানাত সংবাদ মাধ্যমৰ আগত বিধায়ক আহমেদে কয় যে তেওঁক গ্রেপ্তাৰৰ পূর্বে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাকহে সাম্প্রদায়িক মন্তব্য কৰাৰ বাবে গ্রেপ্তাৰ কৰিব লাগে৷ আহমেদৰ মতে, মুখ্যমন্ত্রীয়েহে গোটেই অসমত সাম্প্রদায়িক মন্তব্য কৰি আহিছে৷

You might also like