খিলঞ্জীয়া -বিৰোধী ৰাজনীতি
খিলঞ্জীয়া -বিৰোধী ৰাজনীতি
ৰাজনৈতিক মুনাফা আদায়ৰ নামত তোষামোদৰ ৰাজনীতি ইমান নিকৃষ্ট পর্যায়লৈ অৱনমিত হোৱাটো কোনো বিবেকৱান লোকে নিবিচাৰে৷ ঈদ–উজ–জোহাৰ দিনাৰে পৰা ধুবুৰী, হোজাই, লখিমপুৰ, নগাঁও, যোৰহাটৰ খিলঞ্জীয়া অধ্যুষিত অঞ্চলত ধর্মীয় ভাবাৱেগত আঘাত হানি গো–মাংস আৰু গৰুৰ কটা মূৰ নিক্ষেপ কৰা হৈছে৷ ঘাইকৈ হিন্দু ধর্মৰ উপাসনাস্থলীসমূহক লক্ষ্য কৰি এনে অপকর্ম সংঘটিত কৰা হৈছে৷ ধর্মীয় উত্তেজনাৰ সৃষ্টিৰ লক্ষ্যৰে এনে চক্রান্ত চলোৱাৰ আশংকাও ঘনীভূত হৈছে৷ ৰাজ্যখনৰ আগন্তুক বিধানসভা নির্বাচনৰ দিন চমু চাপি অহাৰ সময়তে খিলঞ্জীয়া লোকসকলক লক্ষ্য কৰি এনে অপকর্ম সংঘটিত কৰাৰ অন্তৰালত যে গভীৰ চক্রান্ত আৰু ৰাজনৈতিক স্বার্থ নিহিত হৈ আছে সেয়া ক্রমে স্পষ্ট হৈছে৷ গো–মাংস কাণ্ডৰ জৰিয়তে ৰাজ্যখনৰ আইন–শৃংখলা পৰিস্থিতিৰ অৱনতি ঘটাবলৈ চক্রান্ত চলোৱা কুৰিজনৰো অধিক লোকক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে৷ ধর্মীয় উপাসনাথলী আৰু ধর্মীয় ভাবাৱেগত আঘাত হানিবলৈ চক্রান্ত চলোৱা লোকসকলৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা গ্রহণ কৰা উচিত৷ এইক্ষেত্রত ৰাজ্যখনৰ প্রতিটো ৰাজনৈতিক দল–সংগঠনে সৰৱ ভূমিকা গ্রহণ কৰা উচিত৷ কিন্তু এনে জঘন্য কাণ্ডৰ বিৰুদ্ধে অধিকাংশ ৰাজনৈতিক দল আৰু সংগঠনে নীৰৱ ভূমিকা গ্রহণ কৰিছে৷ আনকি জাতীয় অনুষ্ঠান আৰু সংগঠনসমূহেও নির্লিপ্ত ভূমিকা গ্রহণ কৰা দেখা গৈছে৷ গো–মাংস কাণ্ডত জড়িত মূল চক্রটোৰ উৎস এতিয়াও নির্ধাৰণ হোৱা নাই৷ কিন্তু ৰাজ্যখনৰ বিভিন্ন স্থানত যিদৰে ধাৰাবাহিকভাৱে গো–মাংস উদ্ধাৰ হৈছে সেয়া ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলৰ বাবে এক ভাবুকি৷ গো–মাংস কাণ্ডক লৈ লক্ষণীয় হৈছে প্রদেশ কংগ্রেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈৰ শেহতীয়া স্থিতি৷ খিলঞ্জীয়া লোকসকলৰ আৱেগ–অনুভূতিৰ বিপৰীতে মুকলিকৈ থিয় দিয়া সাংসদ গৌৰৱ গগৈয়ে এনে কাণ্ডত বিজেপি–আৰএছএছ জড়িত থকা বুলি আজব মন্তব্য কৰিছে৷ মাথোঁ ৰাজনৈতিক মুনাফা আদায়ৰ স্বার্থতেই যে গৌৰৱ গগৈয়ে এনে স্থিতি লৈছে সেয়া সকলোৱে বুজিছে৷ বাংলাদেশী মূলৰ মুছলমানসকলৰ প্রতি কংগ্রেছৰ দৰদ নতুন কথা নহয়৷ দেশে স্বাধীনতা লাভ কৰাৰ পিছত দীর্ঘসময় ভোটবেংক হিচাপে ব্যৱহাৰ কৰি বাংলাদেশী অনুপ্রৱেশকাৰীৰ সমস্যা জটিল কৰাৰ মূলতেই কংগ্রেছৰ একাংশ শাসকৰ হাত আছিল৷ ছবছৰীয়া অসম আন্দোলনৰ পৰিসমাপ্তিৰ পিছত ১৯৯৫ত অসম চুক্তি স্বাক্ষৰ হৈছিল তদানীন্তন প্রধানমন্ত্রী তথা কংগ্রেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ পিতৃ ৰাজীৱ গান্ধীৰ উপস্থিতিত৷ অসম চুক্তিৰ পিছত কংগ্রেছে চাৰিটা কার্যকাল ৰাজ্যৰ শাসনত আছিল যদিও অসম চুক্তি অনুসৰি অবৈধ বিদেশী বহিষ্কৰণৰ ক্ষেত্রত কোনো পদক্ষেপ গ্রহণ নকৰিলে৷ শেহতীয়াকৈ সর্বোচ্চ ন্যায়ালয়ৰ ৰায় অনুসৰি চিনাক্তকৰণ কৰা বিদেশী লোকসকলক খেদি পঠিওৱাৰ বাবে ৰাজ্য চৰকাৰে গ্রহণ কৰা পদক্ষেপৰ বিৰোধিতা কৰি কংগ্রেছে খিলঞ্জীয়াবিৰোধী স্থিতি গ্রহণ কৰিছে৷ কংগ্রেছৰ এনে স্থিতিৰ বাবে প্রদেশ কংগ্রেছৰ সভাপতি ৰাহুল গান্ধীৰ প্রতি দেশ-বিদেশৰ এক বিশেষ শ্রেণীৰ লোকৰ সমর্থন বৃদ্ধি হৈছে৷ গৌৰৱ গগৈৰ খিলঞ্জীয়াবিৰোধী স্থিতিক সামাজিক মাধ্যমত প্রায় ৬০০০ৰৰো অধিক বিদেশী লোকে নিয়মীয়াভাৱে সমর্থন কৰাৰ তথ্যও শেহতীয়াকৈ পোহৰলৈ আহিছে৷
ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলৰ স্বার্থৰ বিপৰীতে গৈ সাংসদ গগৈ অথবা কংগ্রেছে ক্ষমতা দখলৰ ৰাজনীতিত শক্তি আহৰণ কৰিবলৈ সক্ষম হ’বনে? ৰাজ্যৰ ৰাজনীতিত খিলঞ্জীয়া লোকসকলৰ সমর্থন অবিহনে কোনো ৰাজনৈতিক দলে ক্ষমতা দখলৰ জোখাৰে শক্তি আহৰণ কৰিব নোৱাৰে৷ সাংসদ গৌৰৱ গগৈয়েও এই কথা উপলব্ধি কৰা উচিত৷ আশী দশকৰ পিছত অসমৰ ৰাজনীতিৰ ধাৰা সলনি হৈছে৷ ৰাজ্যখনত আঞ্চলিকতাবাদী ৰাজনীতিৰ উত্থান–পতনৰ মাজেৰে চলিলেও খিলঞ্জীয়া লোকসকলৰ মাজত জাতীয়তাবাদী ৰাজনীতিৰ এতিয়াও প্রাধান্য আছে৷ ২০০১ত গৌৰৱ গগৈৰ পিতৃ তৰুণ গগৈয়ে দিছপুৰৰ ক্ষমতাত অধিষ্ঠিত হোৱাৰ মূলতেই আছিল খিলঞ্জীয়া লোকসকলৰ নির্ণায়ক সমর্থন৷ প্রকৃততে ছবছৰীয়া অসম আন্দোলনৰ সময়তে ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলৰ মাজত খোপনি হেৰুৱাইছিল কংগ্রেছে৷ ১৯৯৬ত দ্বিতীয়বাৰৰ বাবে প্রফুল্ল কুমাৰ মহন্ত নেতৃত্বাধীন চৰকাৰখনৰ কার্যকালত সংঘটিত সীমাহীন দুর্নীতি, স্বৈৰাচাৰী শাসন আৰু গুপ্তহত্যাকে ধৰি অপকর্মৰ বাবে খিলঞ্জীয়া লোকসকলে সমর্থন দিয়াৰ বাবেই কংগ্রেছে ২০০১ত ক্ষমতাত অধিষ্ঠিত হ’বলৈ সক্ষম হৈছিল৷ ২০০৬ৰ বিধানসভা নির্বাচনৰ সময়ত কংগ্রেছে পুনৰ ক্ষমতাত অধিষ্ঠিত হোৱাৰ জোখাৰে শক্তি আহৰণ কৰিব পৰা নাছিল৷ চৰকাৰ গঠনৰ বাবে প্রয়োজনীয় ৬৪গৰাকী বিধায়কৰ বিপৰীতে কংগ্রেছৰ ৫২গৰাকী বিধায়কহে আছিল৷ সেই সময়ত চৰকাৰ গঠনত কিংমেকাৰ হোৱাৰ বাবে শক্তি লাভ কৰিছিল বদৰুদ্দিন আজমল নেতৃত্বাধীন ইউডিএফ দলে৷ বদৰুদ্দিন আজমল নেতৃত্বাধীন দলটোৰ মূল ভেটি হৈছে ৰাজ্যখনৰ বাংলাদেশী মূলৰ লোকসকল৷ দ্বিতীয়টো কার্যকালত তদানীন্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে চৰকাৰ গঠনত বদৰুদ্দিন আজমলৰ কিংমেকাৰ হোৱাৰ সপোন চূৰমাৰ কৰি হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফক সংগী কৰি লৈছিল৷ ফলত ২০১১ৰ বিধানসভা নির্বাচনত কংগ্রেছে ৭৯খন আসনত জয়লাভ কৰি চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছিল৷ অসমৰ ৰাজনীতিৰ দীর্ঘকালৰ মুখ্যমন্ত্রী তৰুণ গগৈৰ পুত্র গৌৰৱ গগৈয়ে শেহতীয়াকৈ আৰম্ভ কৰা খিলঞ্জীয়াবিৰোধী স্থিতিয়ে কোনো কাৰণতে কংগ্রেছক উদ্ধাৰ কৰিব নোৱাৰে৷ ৰাজ্যখনৰ বড়ো, কার্বি, ডিমাচা, ৰাভা, মিচিং আদি জনগোষ্ঠীয় অঞ্চলত কংগ্রেছৰ ভেটি সম্প্রতি খহিছে৷ চাহ জনগোষ্ঠী আৰু আদিবাসীসকলৰ মাজতো খোপনি হেৰুৱাইছে কংগ্রেছে৷ মুছলমানৰ ভোট আদায়ৰ অংকৰে তোষামোদৰ ৰাজনীতিৰ বাবে অসমীয়া লোকসকলৰো অধিকাংশই কংগ্রেছৰ পৰা আঁতৰি গৈছে৷ এনে পৰিস্থিতিত তোষামোদৰ ৰাজনীতিৰে কংগ্রেছৰ ক্ষমতা দখলৰ সপোন কেতিয়াও পূৰণ নহয়৷ ২০২৬ৰ বিধানসভা নির্বাচন কংগ্রেছৰ বাবে নতুন প্রত্যাহ্বান হ’ব৷ নির্বাচন আয়োগে নতুনকৈ নির্ধাৰণ কৰা বিধানসভা সমষ্টিত এইবাৰ মুছলমান অধ্যুষিত সমষ্টিৰ সংখ্যা ৩২ৰ পৰা ২২টালৈ হ্রাস হৈছে৷ এনে পৰিস্থিতিত মাথোঁ মুছলমানৰ মাজত তোষামোদৰ ৰাজনীতিৰে কংগ্রেছে কেতিয়াও ক্ষমতা দখলৰ সপোন পূৰণ কৰিব নোৱাৰে৷