লোকসভা নির্বাচনৰ পাছৰ অসম
সদ্যসমাপ্ত লোকসভা নির্বাচনত অসমৰ ধুবুৰী সংসদীয় সমষ্টিত এটা উল্লেখনীয় পৰিৱর্তন সংঘটিত হ’ল৷ সমষ্টিটোত একপ্রকাৰ মুকুটবিহীন সম্রাট হিচাপে একেৰাহে কেহবাটাও কার্যকাল ৰাজত্ব কৰা মৌলানা বদৰুদ্দিন আজমল শোচনীয়ভাৱে পৰাজিত হয়৷ ইয়াৰ বিপৰীতে জন্মলগ্ণৰে পৰা এআইইউডিএফৰ দখলত থকা সমষ্টিটো বহু বছৰৰ অন্তত কংগ্রেছে উদ্ধাৰ কৰিলে৷ ধুবুৰীৰ দৰে লোকসভা সমষ্টিৰ নির্বাচনী যুঁজৰ সৈতে সাধাৰণতে কংগ্রেছৰ সন্মান আৰু প্রতিষ্ঠা জড়িত হৈ থাকে৷ দলটোৱে সুদীর্ঘকাল ধৰি অনুসৰণ কৰি অহা তোষামোদৰ ৰাজনীতিৰ সৈতেও ধুবুৰীৰ দৰে সমষ্টিৰ ৰাজনীতি আৰু ৰাজনৈতিক সাফল্যৰ বিশেষ সম্পর্ক থাকে৷ সেয়ে তেনে লোকসভা সমষ্টিত কংগ্রেছৰ জয়লাভে সামাজিকভাৱেও এটা অঞ্চল অথবা ৰাজ্য এখনত বিপৰীত প্রভাৱ পেলাব পাৰে৷ সামাজিক অস্থিৰতাৰ সৃষ্টি কৰিব পাৰে৷ এইবাৰৰ লোকসভা নির্বাচনত ধুবুৰী লোকসভা সমষ্টিত পৰিৱর্তনৰ লহৰ এটা দেখা গৈছিল৷ নির্বাচনী ৰাজনীতিত এয়াই স্বাভাৱিক৷ নির্বাচিত জনপ্রতিনিধিগৰাকী অথবা ৰাজনৈতিক দল এটাই জনসাধাৰণৰ প্রত্যাশা পূৰণ কৰিব নোৱাৰিলে জনগণে হিলদল ভাঙি পৰিৱর্তনৰ তাগিদাত ভোটকেন্দ্রলৈ ওলাই যায়৷ আপাত দৃষ্টিত লোকসভা সমষ্টিটোৰ এইবাৰৰ নির্বাচনটোৰ কাহিনী এয়াই আছিল৷ কিন্তু নির্বাচনী ফলাফল ঘোষিত হোৱাৰ পাছৰ ঘটনাপ্রৱাহে অসমত এতিয়ালৈকে যিখন প্রতিচ্ছবি তুলি ধৰিলে, সিয়ে বেলেগ কাহিনী এটালৈহে আঙুলি টোঁৱাইছে৷ অর্থাৎ অসমখনক লৈ, ৰাজ্যখনৰ খিলঞ্জীয়া জনসাধাৰণক লৈ ৰচিত হৈছে এটা ভয়ংকৰ কাহিনীৰ পটভূমি৷ অৱশ্যে ইয়াৰ সৈতে কংগ্রেছৰ প্রত্যক্ষ অথবা পৰোক্ষ সম্পর্ক আছে নে নাই, সেইটো পৰীক্ষাৰ দায়িত্ব চৰকাৰৰ৷ কিয়নো ৰাজ্য চৰকাৰখনৰ মুৰব্বী অর্থাৎ মুখ্যমন্ত্রীগৰাকীৰ মুখেৰেই প্রথমে ধুবুৰী লোকসভা সমষ্টিত কংগ্রেছৰ অভূতপূর্ব বিজয়ৰ পাছত অসমত হোৱা পৰিৱর্তনৰ কথাখিনি চৰম উদ্বেগেৰে আৰু জনসাধাৰণক সজাগ কৰাৰ প্রয়াসেৰে প্রকাশ হৈছে৷ সেয়াও তথ্যসহকাৰে৷ বিষয়টোৰ গভীৰলৈ যোৱাৰ পূর্বে এইবাৰৰ লোকসভা নির্বাচনৰ ফলাফললৈ এবাৰ চোৱা যাওক৷ নৰেন্দ্র মোদীৰ নেতৃত্বত বিজেপি নেতৃত্বাধীন এনডিএ নামৰ মর্চাটো একেৰাহে তৃতীয়বাৰৰ বাবে কেন্দ্রৰ শাসনলৈ আহিল৷ ৰাজনৈতিকভাৱে বিজেপিৰ বিৰোধিতা কৰি অহা লোকসকলৰ বাবে এইটো চৰম হতাশাৰ কথা৷ অকল ৰাজনৈতিক বিৰোধীৰ বাবেই নহয়, বিজেপিৰ জয় আন এটা চামৰ বাবে হতাশাৰ কাৰণ৷ বিজেপিৰ জয়ক দেশখনৰ এটা বিশেষ ধর্মীয় গোষ্ঠীৰ এটা অংশই ধর্মীয় দৃষ্টিৰে চায়৷ স্বার্থজড়িত মহল কিছুমানেও তেওঁলোকৰ মনত অহেতুক ভয় আৰু শংকাৰ সৃষ্টি কৰে৷ ধর্মীয় ভাবাৱেগত উটি গৈ তেনে এচামে উগ্র সাম্প্রদায়িক চিন্তাধাৰাৰে অপৰাধ কৰিবলৈ আৰম্ভ কৰে৷ ইয়াক কেৱল অপৰাধ বুলি নকৈ একপ্রকাৰ যুদ্ধ ঘোষণা বুলি ক’ব পাৰি৷ পার্থক্য এটাই, আনুষ্ঠানিকভাৱে কোনেও মুখেৰে যুদ্ধখনৰ কথা নকয়, কিন্তু এটাৰ পাছত এটাকৈ সংঘটিত ঘটনাবোৰ বিশ্লেষণ কৰিলে আৰু অপৰাধৰ মনস্তত্ত্বৰ গভীৰলৈ গ’লে এটা বিশেষ সম্প্ৰদায়ৰ এটা বিশেষ পৰিকল্পনা তথা চক্রান্ত আহি নিজেই ধৰা দিয়ে৷ লগতে এটা কথাত স্পষ্ট হৈ থকাটো ভাল যে ইয়াত এটা বিশেষ ধর্মীয় গোষ্ঠীৰ একাংশৰ কথাহে কোৱা হৈছে৷ অর্থাৎ সামগ্রিকভাৱে কোনো এটা বিশেষ ধর্মীয় গোষ্ঠীকে কাঠগৰাত তোলা হোৱা নাই অথবা অপৰাধী সজোৱাৰ কোনো ধৰণৰ অপপ্রয়াস চলোৱা হোৱা নাই৷ মূলতঃ কথাখিনি পূর্ববংগীয় মুছলমানৰ একাংশক লৈ কোৱা হৈছে৷ যদিওবা অপৰাধীৰ কোনো জাতি–ধর্ম নাই বুলি আমাৰ সমাজখনত কথা এষাৰ প্রচলিত হৈ আহিছে, কিন্তু মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই শেহতীয়াকৈ যি তথ্য দাঙি ধৰিছে, সিয়ে যুগ যুগ ধৰি সমাজত প্রচলিত বাক্যশাৰী নতুবা আপ্ত বাক্যষাৰক প্রত্যাহ্বান জনাব পাৰে৷
এইবাৰৰ লোকসভা নির্বাচনত আন এটা ঘটনা সংঘটিত হৈছে৷ বিৰোধী কংগ্রেছৰ কিছু উত্থান ঘটিছে৷ দেশৰ ৰাজনৈতিক ক্ষমতা আঁজুৰি আনিব পৰাকৈ সেই উত্থান যথেষ্ট নহ’লেও দলটোৱে কিন্তু সমর্থকসকলৰ মনোবল তুংগত ৰাখিবলৈ মাজে মাজে এনে এটা ধাৰণা মানুহৰ মাজলৈ উলিয়াই দিয়ে যে কংগ্রেছে ইচ্ছা কৰিলেই বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰৰ পতন ঘটাব পাৰে আৰু নিজেই শাসনৰ গাদীত বহিব পাৰে৷ কথাটো ইমান সহজ হোৱাহেঁতেন ক্ষমতাৰ বাবে উন্মাদপ্রায় দলটোৰ কোনো কোনো নেতাই কেতিয়াবাই কামটো কৰিবলৈ নেতৃত্ব তথা অংশীদাৰ দলক বাধ্য কৰিলেহেঁতেন৷ কিন্তু এনেধৰণৰ কথা–বতৰাত বিজেপিবিৰোধী উগ্র সাম্প্রদায়িক অপশক্তি তথা ব্যক্তিৰ সাহস বাঢ়ি যায়৷ অপৰাধ কৰিবলৈ উৎসাহী (?) হৈ উঠে৷ অসমৰ ক্ষেত্রত আন এটা তাৎপর্যপূর্ণ ঘটনা সংঘটিত হৈছে৷ লোকসভা নির্বাচনটোত বিজেপিৰ জয় আছিল ঐতিহাসিক৷ ইয়াৰ পূর্বে দলটোৱে এটা লোকসভা নির্বাচনত ইমানসংখ্যক আসনত জয়লাভ কৰা নাছিল৷ বিজেপিৰ এনে জয়ক হজম কৰিব নোৱৰা লাখ লাখ লোক অসমত আছে৷ তদুপৰি তেওঁলোক বছৰ বছৰ ধৰি কংগ্রেছৰ তুষ্টিকৰণৰ ৰাজনীতিৰে লালিত–পালিত৷ কিন্তু বিগত প্রায় ৮ বছৰে ৰাজনৈতিক ক্ষেত্রখনত সেইসকল লোকৰ গুৰুত্ব নোহোৱা হৈ পৰিছে৷ হতাশাৰ ভয়ংকৰ জগত এখনে লোকসকলক আগুৰি ধৰাটো স্বাভাৱিক৷ বিশেষকৈ দেৱানী–দালাল–মাতব্বৰ শ্রেণীটো একপ্রকাৰ কর্মহীন হৈ পৰিছে৷ সমাজত নিজৰ প্রভুত্ব অক্ষুণ্ণ ৰখাৰ লগতে পেটৰ ভাতমুঠিৰ বাবে তেওঁলোকক উচটাই জোল খোৱাৰ ৰাজনীতি লাগে৷ বর্তমানৰ চৰকাৰখনৰ বদনাম তথা চাপত পেলাই ক্ষমতাৰ পৰা আঁতৰোৱাৰ অপ–ৰণকৌশল তেওঁলোকক লাগে৷ খিলঞ্জীয়াৰ ওপৰত পৰিকল্পিত আক্রমণ লাগে৷ নাৰী সমাজক লক্ষ্য কৰিব লাগে৷ খিলঞ্জীয়া আৰু খিলঞ্জীয়া নাৰী সমাজৰ সতীত্বক আক্রমণ কৰিলে চৰকাৰ চাপত পৰাটো তেনেই স্বাভাৱিক৷ সেয়ে লোকসভা নির্বাচনৰ পাছত সংঘটিত ঘটনাপ্রৱাহৰ আঁৰত ৰাজনৈতিক শক্তি জড়িত থকাৰ সম্ভাৱনা পূৰামাত্রাই আছে৷ চৰকাৰে বিষয়টো তদন্ত কৰা উচিত৷ তদুপৰি অসমত খিলঞ্জীয়াক ভীতিগ্রস্ত কৰি ৰাজ্যখনত নিজৰ প্রভুত্ব স্থাপন কৰিবলৈ উগ্র অপৰাধপ্রৱণ পূর্ববংগীয় মুছলমানৰ চক্রান্তকো চৰকাৰে আইনী ব্যৱস্থাৰে প্রতিহত কৰিব লাগিব৷ আইন–শৃংখলাৰ অৱনতি নঘটাকৈ চৰকাৰে নিজৰ দায়িত্ব পালন কৰক৷ অসমৰ জনসাধাৰণে জাতি– ধর্মৰ ঊর্ধ্বত থাকি চৰকাৰক সহযোগিতা কৰিব নিশ্চয়৷