ক’ৰোনা উত্তৰ কালত অসমীয়া চিনেমা
কেইদিনমানৰ ভিতৰত কেইবাখনো অসমীয়া চিনেমাই বিভিন্ন চলচ্চিত্র মহোৎসৱত বিভিন্ন ধৰণৰ সন্মান অর্জন কৰি ক’ৰোনাই শেঁতা পেলাই থোৱা অসমীয়া ছবিৰ মুখলৈ অলপ উজ্জ্বলতা অনা পৰিলক্ষিত হৈছে৷ একাধিক চিনেমা মুক্তিৰ বাবেও সাজু হৈছে৷ এয়া চিনেমাৰ সৃজনীশীল দিশটোৰ বিকাশৰ আনন্দ সংবাদ৷ কিন্তু ছবি জগতত ছবিখনক এই পুৰস্কাৰ বা স্বীকৃতিয়ে স্পষ্টভাৱে দাঙি ধৰিব নোৱাৰে৷ ক’ৰোনা আৰম্ভৰ দিন ধৰি চিনেমা হলবোৰ বন্ধ আছে, শ্বুটিং চলা নাই, চিনেমাৰ সকলো কামেই বন্ধ হৈ আছে৷ ক’ৰোনাৰ আক্রমণ অলপ শাম কটাৰ পিছত কাম–কাজ অলপকৈ আৰম্ভ হৈছে যদিও চিনেমা নির্মাণৰ লগত জডিত মানুহবোৰৰ জীৱিকাৰ স্থিৰতা দিব পৰাকৈ সেই কাম–কাজ যথেষ্ট নহয়৷ চিনেমা বুলি কোৱা হ’লেও কর্মীসকলৰ কামৰ ধৰণৰ দিশৰ পৰা ই ব্যাপক অর্থত টিভি ছিৰিজ আৰু সদ্য জনপ্রিয় হৈ উঠা ৱেব ছিৰিজ আৰু মিউজিক ভিডি’ আদিকো সামৰি লয়৷ ক’ৰোনাৰ সময়তে ৱেব ছিৰিজৰ জনপ্রিয়তা বৃদ্ধি পাইছিল আৰু অ’টিটি প্লেটফর্মৰ প্রসাৰৰ লগে লগে অসমতো ৱেব ছিৰিজ নির্মাণৰ কাম আৰম্ভ হৈছিল৷ মিউজিক ভিডি’ৰ ব্যয়বহুল কামবোৰ প্রায় স্থগিত হৈ গৈছিল আৰু তাৰ ঠাই দখল কৰিছিল অপেক্ষাকৃতভাৱে কম বাজেটৰ ৱেব ছিৰিজে৷ অসমতো স্থানীয়ভাৱে অ’টিটি প্লেটফর্ম আৰম্ভ হোৱাৰ লগে লগে এই দিশৰ কাম আৰম্ভ হৈছিল যদিও ব্যৱসায়িকভাৱে এই প্লেটফর্মবোৰে কণ্টেণ্ট নির্মাণৰ বাবে কিমান বাজেট আগবঢ়াব পাৰে, তাৰ ওপৰতহে ইয়াৰ সফলতা নির্ভৰ কৰিব৷ অৱশ্যে এইটোও ঠিক যে মিউজিক ভিডি’ৰ আৰম্ভণিৰ সময়ত কোনেও ভবা নাছিল যে অসমৰ এই সীমিত পৰিৱেশতেই ই এটা ব্যয়বহুল আৰু বহু টকা বিনিয়োগ হোৱা কামলৈ ৰূপান্তৰিত হ’ব৷ তেনেদৰে অ’টিটি প্লেটফর্মৰ প্রসংগতো এতিয়াই নিৰাশ হোৱাৰ কথা নাই৷ এই প্লেটফর্ম আৰম্ভ কৰাতহে কিছু অর্থ বিনিয়োগ হয়, তাৰ পিছত ইয়াৰ পৰিচালন ব্যয় তুলনামূলকভাৱে সীমিত৷ সেইবাবেই এই মাধ্যমটোৰ ভৱিষ্যৎ ভাল বুলি অনুমান কৰিব পাৰি৷ ক’ৰোনাৰ সময়ছোৱাত অ’টিটি প্লেটফর্মবোৰ হৈ পৰিছিল চিনেমা হলৰ বিকল্প৷ এতিয়াও এই অভ্যাসৰ প্রচলন আছে৷ তেনে অৱস্থাত চিনেমাগৃহবোৰ খোলাৰ পিছতো তালৈ দর্শকৰ সোঁত ববলৈ আৰম্ভ কৰা পৰিৱেশ উভতি আহিবলৈ নিশ্চয় কিছু সময়ৰ প্রয়োজন হ’ব৷
ক’ৰোনা আক্রান্ত পৰিৱেশত অলপ হ’লেও সকাহ দিবলৈ চৰকাৰে বিভিন্ন ক্ষেত্রৰ লোকক নানা ধৰণে সহায় কৰি আহিছে৷ চিনেমা ক্ষেত্রখনৰ ফালেও চৰকাৰে অলপ মনোযোগ দিয়াটো উচিত বুলি এই ক্ষেত্রৰ কর্মীসকলে আশা কৰে৷ চৰকাৰে দর্শকক ঘৰৰ পৰা চিত্রগৃহলৈ আনি দিব নোৱাৰে৷ কিন্তু দর্শকক আগ্রহী কৰি তুলিব পৰা দুই–এটা ব্যৱস্থা হাতত ল’ব পাৰে৷ পূর্বতে অসম চৰকাৰে অসমীয়া ছবি একোখনে উপার্জন কৰা আমোদ কৰৰ সমপৰিমাণৰ ধন নির্মাতাক সাহায্য হিচাপে আগবঢ়াইছিল৷ এই সুবিধাৰ সুৰুঙাৰে কিছুমান প্রযোজকে অনৈতিক উপায়েৰেও ধন ঘটিছিল৷ চৰকাৰে চিনেমাৰ আমোদ কৰৰ জৰিয়তে বহু টকা উপার্জন কৰিছে, এতিয়া অন্ততঃ কিছুদিনৰ বাবে অসমীয়া চিনেমাক পোনপটীয়াকৈ আমোদ কৰ ৰেহাই দি চিত্রগৃহলৈ দর্শক অহা কামটোত সহযোগ কৰিব লাগে৷ লগতে এইটোও মনত ৰাখিব লাগিব যাতে আন ভাষাৰ পৰা ৰিমেক কৰা ছবিয়ে যাতে এই সুবিধা ল’ব নোৱাৰে৷ অকল ইমানেই নহয়, চিনেমাকর্মীৰ লগতে নাট্যকর্মী, সাংবাদিক আদিৰ বাবেও চৰকাৰে জীৱন বীমাৰ কিবা সহজ আঁচনিৰ প্রচলন কৰাটো উচিত হ’ব৷ কেন্দ্রীয় চৰকাৰে অলপতে চিনেমাৰ বাবে থকা পাঁচটা সংগঠনক একত্রীকৰণ কৰিছে উন্নত মানৰ সেৱা আৰু ব্যৱস্থাপনাৰ কাৰণে৷ এই আদর্শটো অসম চৰকাৰেও গ্রহণ কৰি জ্যোতি চিত্রবন, ফিল্মস্কুল, চলচ্চিত্র উন্নয়ন নিগম, ফিল্ম আর্কাইভ আদিক একেলগে সামৰি লৈ এটা অধিক কার্যক্ষম সংস্থালৈ ৰূপান্তৰিত কৰিব লাগে অথবা চৰকাৰৰ সাংস্কৃতিক বিভাগৰ সম্পূর্ণ অধীনস্থ কৰিব লাগে৷ তেতিয়াহ’লে এই বিষয়বোৰত চৰকাৰৰ কি সিদ্ধান্ত বা মতামত থাকে, তাক ৰাইজে স্পষ্ট ৰূপত বুজিব পাৰিব৷ অকল ইমানেই নহয়, চৰকাৰী সংগীত মহাবিদ্যালয় আৰু চিত্রকলা মহাবিদ্যালয়কো অৱহেলিত অৱস্থাৰ পৰা উদ্ধাৰ কৰি আনি পাৰিলে একেই ছাদৰ তলত একত্রিত কৰিব লাগে৷ এতিয়া চিনেমা–সংগীত–চিত্র আদিৰ প্রায়োগিক সম্বন্ধ ইমানেই বেছি যে ওচৰা–উচৰিকৈ থাকিলে পাৰস্পৰিক সহযোগিতাৰে এই শিক্ষা প্রতিষ্ঠানবোৰৰ বিকাশ ভালেখিনি সহজ হৈ পৰিব৷ আধা পোহৰ–আধা ছছাৰ অৱস্থাৰ দৰে এই প্রতিষ্ঠানবোৰৰ অধিকাংশই আধা চৰকাৰী আৰু আধা বেচৰকাৰী অৱস্থাত থাকি এটা সংশয়পূর্ণ জীৱন অতিবাহিত কৰিব লগাত পৰিছে৷ এখন কল্যাণকামী ৰাজ্যৰ চৰকাৰে এইবোৰ দায়িত্ব গুৰুত্বসহকাৰে পালন কৰিবলৈ মান্তি নোহোৱাৰ কোনো কাৰণ থাকিব নোৱাৰে৷