নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৱেগিক হৈ পৰিল ৰবি শাস্ত্রী; ভাৰতৰ জয়ক অকল্পনীয় আখ্যা

নিয়মীয়া বাৰ্তা, ২০ জানুৱাৰীঃ ব্রিছবেন টেষ্টত ভাৰতৰ জয়ক অবিশ্বাস্য আৰু অকল্পনীয় আখ্যা দিছে প্রশিক্ষক ৰবি শাস্ত্রীয়ে৷ অষ্ট্রেলিয়াৰ দুর্গ হিচাপে পৰিচিত গাব্বাত আজিংক্য ৰাহানে নেতৃত্বাধীন আঘাত জর্জৰিত টীম ইণ্ডিয়াই চমকপ্রদ জয় সাব্যস্ত কৰাৰ পিছত আৱেগিক হৈ পৰা প্রশিক্ষক শাস্ত্রীয়ে কয় যে বহু প্রত্যাহ্বান আৰু প্রতিকূল পৰিস্থিতি নেওচি যুৱ খেলুৱৈৰে গঠিত ভাৰতীয় দলটোৱে দাঙি ধৰা প্রদর্শনে তেওঁক গৌৰৱান্বিত কৰিছে৷ ‘সাধাৰণতে মই আৱেগিক হৈ নপৰোঁ৷ কিন্তু আজিৰ এই অকল্পনীয় জয়ৰ পিছত মোৰ দুচকুৰে আনন্দৰ অশ্রু নিগৰি আহিছে৷

যুৱ খেলুৱৈসকলে এই শৃংখলাটোত যি ধৰণৰ সাহস আৰু দৃঢ়তাৰ পৰিচয় দিলে, সেয়া ক্রিকেট ইতিহাসত সোণালী আখৰেৰে লিপিবদ্ধ হৈ ৰ’ব৷ঋষভ, গীল, ছার্দুল, ৱাশ্বিংটন, নটৰাজন, চিৰাজৰ প্রদর্শনে মোক অভিভূত কৰিছে৷’ প্রশিক্ষক শাস্ত্রীয়ে এইদৰে কয়৷ ইফালে, অধিনায়ক আজিংক্য ৰাহানেই ঐতিহাসিক শৃংখলা জয়ৰ পিছত দলীয় সতীর্থক প্রশংসাৰে ওপচাই কয় যে এডিলেইডত ৩৬ ৰানত অলআউট হোৱাৰ পিছত টীম ইণ্ডিয়াৰ এই প্রত্যাৱর্তন সঁচাকৈয়ে বিৰল৷

You might also like