নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিৰ ৰাজনীতি

একেৰাহে তৃতীয়বাৰৰ বাবে ক্ষমতা লাভ কৰা কোনো ৰাজনৈতিক দলৰ বাবে সহজসাধ্য নহয়৷ দেশখনৰ বিকাশৰ যাত্রা অব্যাহত ৰাখি নাগৰিকৰ অপাৰ প্রত্যাশা পূৰণ কৰাটো প্রত্যেকখন চৰকাৰৰ বাবে এক তীব্র প্রত্যাহ্বান৷ এনে প্রত্যাহ্বানৰ মাজতো চলিত অষ্টাদশ লোকসভা নির্বাচনত বিজেপিয়ে ‘অৱ কী বাৰ ৪০০ পাৰ’ শ্ল’গানেৰে যুঁজত নামিছে৷ দেশৰ ৫৪৩খন লোকসভা আসনৰ চাৰি শতাধিক আসন লাভ কৰাটো বিজেপিৰ বাবে সহজসাধ্য নহয়৷ একেৰাহে ১০ বছৰ ক্ষমতাত থকা ৰাজনৈতিক দলৰ নেতৃত্বৰ বিৰুদ্ধে অধিষ্ঠানবিৰোধী ঢৌ সৃষ্টি হোৱাটো নতুন কথা নহয়৷ বিশ্বৰ সর্ববৃহৎ গণতন্ত্রৰ পাঁচ বছৰীয়া উৎসৱত দেশৰ জনগণে নিৰূপণ কৰে ৰাজনৈতিক দল আৰু নেতাসকলৰ ভৱিষ্যৎ৷ ২০১৪ৰ লোকসভা নির্বাচনত দেশৰ ৰাজনীতিত পৰিৱর্তনৰ এক ছুনামিৰ সৃষ্টি কৰি কংগ্রেছৰ ১০ বছৰীয়া শাসন ওফৰাই ক্ষমতাত অধিষ্ঠিত হৈছিল নৰেন্দ্র মোদী নেতৃত্বাধীন এনডিএ চৰকাৰ৷ ২০০৯ চনৰ লোকসভা নির্বাচনত ১১৬খন আসন লাভ কৰা বিজেপিয়ে ২০১৪ৰ লোকসভা নির্বাচনত ২৮২খন আসন লাভ কৰি দিল্লীৰ ৰাজপাট দখল কৰিবলৈ সক্ষম হৈছিল৷ ২০১৯ৰ লোকসভা নির্বাচনত বিজেপিক উৎখাত কৰিবলৈ কংগ্রেছৰ নেতৃত্বত গঠিত ইউপিএৰ অংশীদাৰ দলসমূহে ঐক্যবদ্ধ যুঁজ দিছিল যদিও বিজেপিয়ে ৩০৩খন আসন লাভ কৰি দ্বিতীয়বাৰৰ বাবে ক্ষমতাত অধিষ্ঠিত হৈ দেশৰ ৰাজনীতিত অকংগ্রেছী চৰকাৰ গঠনৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল৷ দেশৰ পৰিৱর্তিত ৰাজনীতিত বিজেপি যে এতিয়া শক্তিধৰ ৰাজনৈতিক দল সেয়া ইতিমধ্যে প্রতিষ্ঠা হৈছে৷ বিজেপিৰ মহাশক্তিৰ তুলনাত কংগ্রেছকে ধৰি অন্যান্য বিৰোধী দলসমূহত তীব্র বিভাজন আৰু নেতৃত্বকেন্দ্রিক অন্তর্কন্দলত জর্জৰিত হৈছে৷ কংগ্রেছকে ধৰি প্রধান বিৰোধী দলসমূহৰ অধিকাংশ শীর্ষ নেতা আৰু নিষ্ঠাৱান কর্মীয়ে শাসকীয় বিজেপিত যোগদান কৰিছে৷ শীর্ষ নেতাসকলৰ দলবাগৰা ৰাজনীতিৰ মাজতে অষ্টাদশ লোকসভা নির্বাচনত কংগ্রেছ তথা বিৰোধী ৰাজনৈতিক দলসমূহে ইণ্ডি মর্চা গঠন কৰিছিল যদিও চলিত নির্বাচনত মর্চাই ঐক্যবদ্ধ যুঁজখন চলাই নিবলৈ সক্ষম হোৱা নাই৷ ৰাজ্যভিত্তিক প্রভাৱ থকা বিৰোধী দলসমূহৰ অধিকাংশই কংগ্রেছক এলাগী কৰি নির্বাচনী যুঁজত নামি পৰাৰ ফলত বিজেপিবিৰোধী ভোট বহুধাবিভক্ত হোৱাটো নিশ্চিত হৈছে৷ এনে পৰিস্থিতিত বিজেপিয়ে তৃতীয়বাৰৰ বাবে দিল্লীৰ মছনদ দখলেৰে দেশৰ ৰাজনীতিত নতুন অভিলেখ গঢ়াৰ সপোন দেখিছে৷ দেশৰ দুর্বল আৰু বহুধাবিভক্ত বিৰোধী শিবিৰৰ বাবেই চলিত লোকসভা নির্বাচনত বিজেপি তথা এনডিএৰ অংশীদাৰ দলসমূহ ৪০০খনৰ আশে–পাশে আসন লাভ কৰিলেও আচৰিত হ’বলগীয়া কথা নহয়৷
দেশৰ সাম্প্রতিক ৰাজনীতিত বিজেপিৰ অপ্রতিৰুদ্ধ গতিৰ অন্তৰালত আছে দলটোৰ এক দীর্ঘকালীন সংগ্রামী যাত্রা৷ ১৯৫১ত শ্যামাপ্রসাদ মুখার্জীৰ নেতৃত্বত প্রতিষ্ঠা হোৱা জনসংঘৰ পৰা বিজেপিৰ উত্থানৰ ইতিহাস লক্ষণীয়৷ ১৯৮৪ৰ লোকসভা নির্বাচনত মাথোঁ দুখন আসনত জয়লাভ কৰা বিজেপিয়ে ১৯৮৯ৰ লোকসভা নির্বাচনত ৮৫খন আসন লাভ কৰিছিল৷ হিন্দুত্ববাদৰ ৰাজনীতিৰে দেশত এক সুকীয়া ধাৰা সৃষ্টিৰ লক্ষ্যৰে বিজেপিয়ে ১৯৯৯লৈ ক্রমবর্ধমান হাৰত জনসমর্থন লাভ কৰিবলৈ সক্ষম হৈছে৷ ১৯৯১ৰ লোকসভা নির্বাচনত বিজেপিয়ে ১২০খন আসন, ১৯৯৬ৰ লোকসভা নির্বাচনত ১৬১খন আসন, ১৯৯৮ত ১৮২খন আসন আৰু ১৯৯৯ চনৰ লোকসভা নির্বাচনত ১৮২খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল৷ ১৯৯৯ত এনডিএৰ অংশীদাৰ দলসমূহৰ সহযোগত গঠিত অটল বিহাৰী বাজপেয়ী নেতৃত্বাধীন চৰকাৰ গঠন হৈছিল৷ এই চৰকাৰখনৰ অংশীদাৰ দলসমূহ আছিল শিৱসেনা, সমতা পার্টী, আকালি দলকে ধৰি ৰাজ্যভিত্তিক আঞ্চলিক দল৷ কিন্তু ক্ষমতাত থকাৰ সময়তে একাংশ দল আঁতৰি যোৱাত বিজেপিৰ অগ্রগামী যাত্রা স্থবিৰ হৈছিল৷ ফলত ২০০৪ত লোকসভা নির্বাচনত বিজেপিয়ে ১৩৮খন আসনতহে জয়লাভ কৰিবলৈ সক্ষম হৈছিল আৰু ক্ষমতাত অধিষ্ঠিত হৈছিল কংগ্রেছ নেতৃত্বাধীন ইউপিএ৷ ২০০৯ৰ লোকসভা নির্বাচনত বিজেপিৰ অৱস্থা আৰু অধিক অৱনমিত হৈছিল আৰু লোকসভাত আসনৰ সংখ্যা ১১৬খনলৈ হ্রাস হৈছিল৷ ফলত দেশৰ ক্ষমতা পুনৰ দ্বিতীয়বাৰৰ বাবে কংগ্রেছ নেতৃত্বাধীন ইউপিএ দলে লাভ কৰিবলৈ সক্ষম হৈছিল৷ ২০১৪ৰ লোকসভা নির্বাচনৰ পূর্বে প্রধানমন্ত্রীৰ আসনত গুজৰাটৰ মুখ্যমন্ত্রী নৰেন্দ্র মোদীক প্রক্ষেপ কৰাৰ পিছতে দেশৰ ৰাজনীতি পৰিৱর্তনৰ এক ধুমুহাৰ সৃষ্টি হৈছিল৷ হিন্দুত্ববাদী ৰাজনীতিৰে দেশৰ চৌদিশে পৰিৱর্তনৰ বতাহজাকে কংগ্রেছৰ শতিকাপুৰণি ৰাজনীতি তচনচ কৰি বিজেপিক পুনৰ ক্ষমতাত অধিষ্ঠিত কৰিছিল৷ বিগত ১০ বছৰত বিজেপিৰ শক্তি ইমানেই বৃদ্ধি হৈছে যে কংগ্রেছ আৰু বিৰোধী দলৰ দখলত থকা ১৮খন ৰাজ্যত বিজেপিয়ে ক্ষমতা লাভ কৰিবলৈ সক্ষম হৈছিল৷ দেশৰ বিকাশৰ অনিৰুদ্ধ যাত্রা আৰু জনকল্যাণমূলক আঁচনি সঠিকভাৱে ৰূপায়ণ কৰিবলৈ হ’লে দিল্লীত এখন শক্তিশালী চৰকাৰ বর্তি থকাটো প্রয়োজন৷ চুবুৰীয়া দেশসমূহৰ বিভিন্ন চক্রান্ত আৰু প্রত্যাহ্বান ওফৰাই দেশবাসীক সুৰক্ষিত কৰাৰ বাবেও আমাক লাগে এখন সুস্থিৰ চৰকাৰ৷ এইক্ষেত্রত দেশবাসীক আশ্বস্ত কৰাৰ ক্ষেত্রত বিৰোধী দলসমূহ সফল হোৱা নাই৷ ইয়াৰ সুযোগত শাসকীয় দলটোৱে অধিক শক্তি আহৰণৰ সুযোগ লাভ কৰিছে৷

You might also like