নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এপিএছচিৰ মূল পৰীক্ষা ২৬–২৮ জুলাইলৈ

🔹 ডাকত প্রেৰণ কৰা নহয় ই–এডমিছন প্রমাণ–পত্র

বিশেষ বাৰ্তা, ২১ মে’ : অসম লোকসেৱা আয়োগৰ সংযুক্ত প্রতিযোগিতামূলক (মূল) পৰীক্ষাৰ সূচী ঘোষণা কৰা হৈছে৷ অহা ২৬ জুলাইৰ পৰা ২৮ জুলাইলৈ মূল পৰীক্ষাসমূহ অনুষ্ঠিত হ’ব৷ আয়োগে প্রকাশ কৰা সূচী অনুসৰি ২৬ জুলাই শুকুৰবাৰে পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ প্রথম প্রশ্নকাকত ৰচনাৰ পৰীক্ষা অনুষ্ঠিত হ’ব৷ সেইদিনাই বিয়লি ১.৩০ বজাৰ পৰা ৪.৩০ বজালৈ সাধাৰণ অধ্যয়নৰ প্রথম প্রশ্নকাকতৰ পৰীক্ষা অনুষ্ঠিত হ’ব৷ ২৭ জুলাই শনিবাৰে পুৱা ৯ বজাৰ পৰা ১২ বজালৈ সাধাৰণ অধ্যয়নৰ দ্বিতীয় প্রশ্নকাকত আৰু বিয়লি ১.৩০ বজাৰ পৰা ৪.৩০ বজালৈ সাধাৰণ অধ্যয়নৰ তৃতীয় প্রশ্নকাকতৰ পৰীক্ষা অনুষ্ঠিত হ’ব৷ ২৮ জুলাই দেওবাৰে পুৱা ৯ৰ পৰা ১২ বজালৈ সাধাৰণ অধ্যয়নৰ চতুর্থ প্রশ্নকাকত আৰু ১.৩০–৪.৩০ বজালৈ সাধাৰণ অধ্যয়নৰ পঞ্চম প্রশ্নকাকতৰ পৰীক্ষা অনুষ্ঠিত হ’ব বুলি আয়োগে সদৰী কৰিছে৷ কালি প্রকাশ কৰা এখন জাননীত উল্লেখ কৰা অনুৰি ৰোল নং আৰু ই–নামভর্তিৰ প্রমাণ–পত্রসহ প্রার্থীৰ তালিকাসমূহ অহা ৩ আৰু ৫ জুলাইত আয়োগৰ ৱেবছাইটত আপলোড কৰা হ’ব৷ প্রার্থীসকলৰ বাবে ডাকঘৰৰ জৰিয়তে কোনোধৰণৰ ই–নামভর্তিৰ প্রমাণ–পত্র প্রেৰণ কৰা নহ’ব বুলিও জাননীখনত উল্লেখ কৰা হৈছে৷ উল্লেখ্য যে ২০২৩ বর্ষৰ সংযুক্ত মূল প্রতিযোগিতামূলক পৰীক্ষাৰ বাবে ২,৮৯৮জন পৰীক্ষার্থীয়ে যোগ্যতা অর্জন কৰিছে৷ ৭১৯গৰাকী মহিলা, ১০৬গৰাকী বিশেষভাৱে সক্ষম আৰু ১০২জন প্রাক্তন সৈনিক পৰীক্ষার্থী৷ পোনপ্রথমবাৰৰ বাবে মৰাণ–মটকৰ বাবে সংৰক্ষণ কৰা পদৰ বিপৰীতেও প্রার্থীয়ে মূল পৰীক্ষাৰ বাবে যোগ্যতা অর্জন কৰিছে৷ মূল পৰীক্ষাৰ প্রশ্নকাকতসমূহ ইংৰাজীৰ লগতে অসমীয়াতো উপলব্ধ হ’ব৷ পৰীক্ষার্থীসকলে উত্তৰসমূহ অসমীয়া মাধ্যমতো লিখিব পাৰিব৷

You might also like