কংগোত ৰক্তক্ষয়ী যুদ্ধ
ৰক্তক্ষয়ী যুদ্ধত আক্রান্ত হৈছে মধ্য আফ্রিকান ৰাষ্ট্র ডেম’ক্রেটিক ৰিপাব্লিক অৱ কংগো (ডিআৰচি)৷ মাত্র ছদিনৰ গৃহযুদ্ধত দেশখনত মৃত্যু হৈছে সাত শতাধিক লোকৰ৷ ৰাষ্ট্রসংঘৰ তৰফৰ পৰা এই তথ্য সদৰী কৰা হৈছে৷ কংগোৰ সেনা, বিশ্ব স্বাস্থ্য সংস্থাৰ লগতে অন্য কেইবাটাও সামাজিক সংগঠনে দিয়া তথ্যৰ ভিত্তিত ৰাষ্ট্রসংঘই এক প্রতিবেদন যুগুতাইছে৷ এই প্রতিবেদন অনুসৰি দেশখনৰ বিদ্রোহী সংগঠন এম–২৩ৰ যোদ্ধাসকলে চলোৱা আক্রমণৰ ফলত প্রায় ২,৮০০ লোক আহতও হৈছে৷ ইতিমধ্যে দেশখনৰ এখন প্রদেশ বিদ্রোহীৰ দখললৈ যোৱা বুলি বিভিন্ন সংবাদ মাধ্যমে সদৰী কৰিছে৷ কংগোৰ সেনা আৰু বিদ্রোহী সংগঠন এম–২৩ৰ যোদ্ধাও এই যুদ্ধত নিহত হোৱা বুলি ৰাষ্ট্রসংঘৰ প্রতিবেদনত প্রকাশ পাইছে৷ লক্ষণীয় বিষয়টো হৈছে কংগোৰ পূব প্রান্তত খনিজ সম্পদৰ ভঁৰাল৷ এই পূব প্রান্ততেই অধিকাৰ সাব্যস্ত কৰাৰ বাবে দীর্ঘদিন ধৰি যুঁজি আছে এম–২৩ৰ যোদ্ধাসকলে৷ বিদ্রোহী সংগঠন এম–২৩ মূলতঃ পূর্বৰ টুটছি বিদ্রোহী গোটৰ পৰা জন্ম হৈছে৷ টুটছিসকল আফ্রিকাৰ বিভিন্ন দেশত সংখ্যালঘু হিচাপে চিহ্ণিত৷ কংগোতো টুটছিসকল সংখ্যালঘু৷ ইয়াৰ ফলত বিভিন্ন চৰকাৰী সুবিধাৰ পৰা টুটছিসকল বঞ্চিত হৈ আহিছে৷ বিগত শতিকাৰ ৯০ৰ দশকৰ পৰাই টুটছিসকলে সশস্ত্র সংগ্রাম চলাই আহিছে৷ অর্থাৎ অস্থিৰতা অব্যাহত আছে বিগত শতিকাৰ ৯০ দশকটোৰ পৰা৷ ইতিমধ্যে পূব প্রান্তৰ বিভিন্ন অঞ্চল দখল কৰিছে এম–২৩য়ে৷ বিদ্রোহীৰে মোকাবিলা কৰিবলৈ কংগো চৰকাৰে অতিৰিক্ত বাহিনী প্রেৰণ কৰিছে৷ গতিকে যুদ্ধই অধিক ভয়াৱহ ৰূপ ধাৰণ কৰাৰ আশংকাই দেখা দিছে৷ কংগো চৰকাৰ আৰু অন্য কেইবাখনো আফ্রিকান দেশে অভিযোগ কৰা অনুসৰি এম–২৩ সশস্ত্র বিদ্রোহীৰ সংগঠনটোক মধ্য আফ্রিকাৰ অন্য এখন দেশ ৰাৱাণ্ডাই বিভিন্ন ধৰণে সহায় কৰি আহিছে৷ ইফালে আমেৰিকা–ফ্রান্সসহ পাশ্চাত্যৰ শক্তিৰ একাংশয়ো কংগো চৰকাৰক উৎখাতৰ ষড়যন্ত্র চলোৱা বুলি অভিযোগ উঠিছে৷ ৰাৱাণ্ডাই বাৰে বাৰে অভিযোগ অস্বীকাৰ কৰি আহিছে৷ এই যুদ্ধৰ মাজতে যোৱা সপ্তাহত কংগোৰ ৰাজধানী কিনছাছাত থকা আমেৰিকা, ফ্রান্স আৰু ৰাৱাণ্ডাৰ দূতাবাসৰ সন্মুখত সাধাৰণ জনতাই বিক্ষোভ প্রদর্শন কৰে৷ লক্ষণীয় যে সমগ্র ঘটনাক দুঃখজনক বুলি অভিহিত কৰিছে দেশখনৰ যোগাযোগ মন্ত্রী পেট্রিক মুয়ায়াই৷ মন্ত্রীগৰাকীয়েও ৰাৱাণ্ডাই কংগোত অস্থিৰতা সৃষ্টি কৰা বুলি অভিযোগ আনিছে৷ ইফালে ৰাষ্ট্রসংঘই সদৰী কৰিছে যে উত্তৰ কিভু প্রদেশ সম্পূর্ণৰূপে এম–২৩ৰ যোদ্ধাসকলৰ দখললৈ গৈছে৷
শেহতীয়াকৈ উত্তৰ কিভু প্রদেশৰ ৰাজধানী গোমা হৈ পৰিছে বিদ্রোহীৰ মুখ্য কার্যালয়৷ চহৰখনৰ সকলো গুৰুত্বপূর্ণ চৰকাৰী প্রতিষ্ঠান বিদ্রোহীৰ দখললৈ গৈছে৷ আনকি বিমানবন্দৰ পর্যন্ত নিজৰ নিয়ন্ত্রণলৈ নিছে বিদ্রোহীয়ে৷ এতিয়া দক্ষিণ কিভু প্রদেশ দখলৰ বাবে বিদ্রোহী যোদ্ধাসকল অগ্রসৰ হৈছে৷ দুয়োখন প্রদেশৰ মাজৰ এটা মূল ৰাষ্ট্রীয় পথত সেনাই বিদ্রোহীৰ বিৰুদ্ধে প্রত্যাহ্বানৰ প্রাচীৰ গঢ়ি তুলিছে যদিও তাত চলিছে তুমুল যুদ্ধ৷ দক্ষিণ কিভু প্রদেশৰ ৰাজধানী বুকাভু যিকোনো মুহূর্ততে এম–২৩ৰ দখললৈ যাব পাৰে বুলি আশংকা কৰা হৈছে৷ লক্ষণীয় বিষয়টো হৈছে যে দশকৰ পিছত দশক ধৰি কংগোৰ এই বিস্তীর্ণ অঞ্চলত চলি আছে সশস্ত্র সংঘাত৷ কোনোদিনে বিদ্রোহীৰ সৈতে সংঘাতৰ অৱসান ঘটাবলৈ চৰকাৰে বাস্তৱসন্মত পদক্ষেপ গ্রহণ কৰিবলৈ সক্ষম হোৱা নাই৷ ইফালে, আন্তর্জাতিক বিশেষজ্ঞসকলে ধাৰণা কৰা অনুসৰি কংগোৰ বিস্তীর্ণ প্রান্তৰ খনিজ সম্পদ দখলৰ বাবেহে এই যুদ্ধ চলি আছে৷ পূর্বৰ বিভিন্ন অপৰাধী চক্রই খনিজ সম্পদৰ ওপৰত নিয়ন্ত্রণৰ বাবে সংঘটিত কৰিছিল নৰমেধ৷ পৰৱর্তী সময়ত বিভিন্ন সশস্ত্র সংগঠনে অধিকাৰ প্রতিষ্ঠাৰ অজুহাতেৰে এই খনিজ সম্পদৰ ওপৰত নিয়ন্ত্রণ সাব্যস্ত কৰাৰ চেষ্টা চলাই আহিছে৷ অৱশ্যে আফ্রিকাৰ বিভিন্ন সংখ্যালঘু সম্প্রদায়ৰ বিৰুদ্ধে চলি অহা দীর্ঘদিনীয়া বঞ্চনাৰ বিষয়টোক উলাই কৰিব নোৱাৰি৷ ৯০ৰ দশকতে টুটছিসকলে যি অভিযোগ কৰিছিল, আজি এম–২৩ৰ নেতা তথা যোদ্ধাসকলেও একেই অভিযোগ কৰি আহিছে৷ কংগোৰ অভ্যন্তৰত সংখ্যালঘু টুটছিসকলক সন্মান সহকাৰে বাস কৰি থকাৰ সুযোগ দিব লাগে বুলি দাবী কৰি আহিছে এম–২৩য়ে৷ চৰকাৰে এই দাবীক অগ্রাহ্য কৰি অহাৰ বাবেই সশস্ত্র সংঘাত তীব্রতৰ হৈছে৷ শেহতীয়া যুদ্ধত গোমা চহৰৰ পৰা স্থানীয় বাসিন্দাসকলে পলায়ন কৰিছে এই আশংকাতেই যে টুটছিসকলে তেওঁলোকক কোনো কাৰণত ৰেহাই নিদিয়ে৷ অর্থাৎ টুটছি সম্প্রদায়ৰ বাহিৰে অন্য লোকসকলৰ সন্মুখত কংগোত শেহতীয়াকৈ সৃষ্টি হৈছে অন্য এক সন্ত্রাস৷