নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : চন্দ্রযান–৩ৰ আন এক সফলতা

মহাকাশ অভিযানত চন্দ্রযান–৩ অভিযানেৰে ইতিহাস সৃষ্টি কৰা ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৰ আন এক সফলতা৷ যোৱা ২৩ আগষ্টত চন্দ্রৰ দক্ষিণ মেৰুত যান অৱতৰণ কৰোৱাই বিশ্বৰ প্রথম দেশ হিচাপে ইতিহাস সৃষ্টি কৰা ভাৰতৰ মহাকাশ অভিযানত আন এক সফলতা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ইছৰো৷ মানৱ সহিতে মহাকাশলৈ যান প্রেৰণৰ বাবে পূর্ণ প্রস্তুতি চলাই থকা ভাৰতে ২০৪০ চনৰ ভিতৰত চন্দ্রলৈ মানৱ প্রেৰণৰ পৰিকল্পনা কৰিছে৷ চন্দ্রৰ দক্ষিণ মেৰুত প্রথম দেশ হিচাপে যান অৱতৰণ কৰোৱা ভাৰতৰ মহাকাশ গৱেষণা সংস্থা ইছৰোৱে বিশ্বৰ চতুর্থখন দেশ হিচাপে ভাৰতক স্বীকৃতি প্রদান কৰিছে চন্দ্রত যান অৱতৰণ কৰোৱাৰ ক্ষেত্রত৷ ভাৰতৰ পূর্বে চন্দ্রত যান অৱতৰণ কৰোৱাইছে আমেৰিকা যুক্তৰাষ্ট্র, ৰাছিয়া আৰু চীনে৷ ভাৰতৰ চন্দ্রযান–৩ অভিযানৰ বিক্রম লেণ্ডাৰ চন্দ্রৰ দক্ষিণ মেৰুত অৱতৰণ কৰোৱাই ১৪ দিন ধৰি জোনবাইৰ অনেক অজ্ঞাত ৰহস্য পোহৰলৈ আনিবলৈ সক্ষম হৈছে৷ মহাকাশ অভিযানত ইছৰোৱে ইতিহাস সৃষ্টি কৰা চন্দ্রযান–৩ অভিযানৰ প্রপালছন মডিউল চন্দ্রৰ কক্ষপথৰ পৰা পৃথিৱীৰ কক্ষপথলৈ ওভতাই আনি ইছৰোৰ বিজ্ঞানী আন এক কৃতিত্বৰ অংশীদাৰ হৈছে৷ যোৱা ২৩ আগষ্টত বিক্রম লেণ্ডাৰে সফলতাৰে চন্দ্রপৃষ্ঠত অৱতৰণ কৰোৱাৰ পিছত এই লেণ্ডাৰ কঢ়িয়াই লৈ যোৱা প্রপালছন মডিউলে চন্দ্রৰ কক্ষপথত প্রদক্ষিণ কৰি থাকে৷ এই প্রদক্ষিণ কৰি থকা প্রপালছন মডিউল বিভিন্ন প্রক্রিয়াৰ মাজেৰে চন্দ্রৰ কক্ষপথৰ পৰা পৃথিৱীৰ কক্ষপথলৈ ওভতাই আনিবলৈ সক্ষম হৈছে৷ যোৱা ৯ অক্টোবৰৰ পৰা চন্দ্রৰ কক্ষপথৰ পৰা চন্দ্রযান–৩ অভিযানৰ প্রপালছন মডিউল পৃথিৱীৰ কক্ষপথলৈ ওভতাই অনাৰ প্রক্রিয়া আৰম্ভ কৰিছিল ইছৰোৱে৷ চন্দ্রৰ পৰা পৃথিৱীৰ কক্ষপথলৈ ওভতাই অনা এই জটিল প্রক্রিয়া যোৱা ৪ ডিচেম্বৰত সফলতাৰে সম্পূর্ণ কৰা হয়৷ ইছৰোৱে এই মহাকাশ অভিযানৰ অন্যতম সফলতা সন্দর্ভত ৫ ডিচেম্বৰত আনুষ্ঠানিকভাৱে প্রকাশ কৰিছে৷ চন্দ্রৰ কক্ষপথৰ পৰা পৃথিৱীৰ কক্ষপথলৈ প্রপালছন মডিউল ওভতাই অনাটো ইছৰোৰ বাবে এক ডাঙৰ সফলতা৷ কিয়নো, এই সফলতাই পৰৱর্তী সময়ত চন্দ্রলৈ যান প্রেৰণ কৰাই ওভতাই অনাত সহায়ক হ’ব৷ অর্থাৎ চন্দ্রলৈ মানৱসহ যান প্রেৰণ কৰাৰ অনুপ্রেৰণাৰে ইছৰোৰ বিজ্ঞানীসকলক উজ্জীৱিত কৰি তুলিব৷

চন্দ্রত সফলতাৰে যান অৱতৰণ কৰোৱাই ইতিহাস সৃষ্টি কৰা ইছৰোৱে ২০৪০ চনৰ ভিতৰত চন্দ্রলৈ মানৱসহিতে যান প্রেৰণৰ পৰিকল্পনা কৰি আছে৷ এই পৰিকল্পনা সন্দর্ভত অলপতে দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আনুষ্ঠানিকভাৱে প্রকাশ কৰিছে৷ ইছৰোৱে চন্দ্রৰ পৰা পৃথিৱীৰ কক্ষপথলৈ চন্দ্রযান–৩ অভিযানৰ বিক্রম লেণ্ডাৰ কঢ়িয়াই নিয়া প্রপালছন মডিউল পৃথিৱীৰ কক্ষপথলৈ ওভতাই অনা প্রক্রিয়া ইছৰোৰ পৰৱর্তী মানৱসহিত মহাকাশ অভিযানত সহায়ক হ’ব৷ এনে সফলতাই ভৱিষ্যতে ‘চন্দ্রলৈ পৃথিৱী’ ওভতনি অভিযানক আগবঢ়াই নিয়াত এখোপ আগুৱাই নিলে৷ গুৰুত্বপূর্ণ যে চন্দ্রযান–২ অভিযান সফল হৈও অন্তিম ছেকেণ্ডত বিফল হোৱাৰ পিছত চন্দ্রযান–৩ অভিযান ইছৰোৱে ইতিহাস সৃষ্টি কৰি সফল কৰি তুলিবলৈ সক্ষম হয়৷ এই অভিযানৰ সময়ত ইছৰোৱে কেইবাটাও অপৰিকল্পিত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰে ভিতৰত হৈছে প্রপালছন মডিউল ওভতাই অনা প্রক্রিয়া৷ অভিযানৰ সময়ত প্রপালছন মডিউল ওভতাই অনাৰ কোনো পৰিকল্পনা কৰা হোৱা নাছিল৷ কিন্তু অভিযান সফল হোৱাৰ পিছত ইছৰোৱে চন্দ্রৰ কক্ষপথত প্রদক্ষিণ কৰি থকা প্রপালছন মডিউলকো ওভতাই অনাৰ পৰিকল্পনা কৰে আৰু সেই পৰিকল্পনাক আগবঢ়াই নি অভাৱনীয় সফলতাও লাভ কৰে৷ যোৱা ৯ অক্টোবৰত আৰম্ভ কৰা ওভতনি যাত্রাৰ প্রথম পদক্ষেপত কক্ষপথৰ পৰিসৰ ১৫০ কিলোমিটাৰৰ পৰা ৫,১১২ কিলোমিটাৰলৈ সম্প্রসাৰিত কৰা হয়৷ পর্যায়ক্রমে এনেদৰে কিলোমিটাৰ বঢ়াই বঢ়াই যোৱা ১০ নৱেম্বৰৰ পৰা আন এক প্রক্রিয়া আৰম্ভ হয় আৰু ২২ নৱেম্বৰত এই প্রক্রিয়াই চূড়ান্ত গতিৰে আগবাঢ়ি আহি চাৰি ডিচেম্বৰত সফলতাৰে চন্দ্রৰ পৰা পৃথিৱীৰ কক্ষপথলৈ আহে৷ সম্প্রতি পৃথিৱীৰ কক্ষপথত প্রদক্ষিণ কৰি থকা প্রপালছন মডিউল প্রতি ১৩ দিনৰ মূৰে মূৰে পৃথিৱীক এবাৰ প্রদক্ষিণ কৰিব৷ চন্দ্রৰ কক্ষপথৰ পৰা পৃথিৱীৰ কক্ষপথলৈ চন্দ্রযান–৩ৰ প্রপালছন মডিউল ওভতাই অনা প্রযুক্তি ইছৰোৱে সঠিকভাৱে কার্যকৰী কৰিবলৈ সক্ষম হৈ ভৱিষ্যতে দেশৰ মহাকাশ অভিযানত অনেক কৃতিত্ব লাভ কৰিবলৈ সক্ষম হ’ব বুলি আশা কৰিব পাৰি৷ মহাকাশ অভিযানত ইছৰোৰ আৰু অনেক ইতিহাস আমি অনাগত সময়ত প্রত্যক্ষ কৰিবলৈ পাম৷

You might also like