নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈ হোজাইত মঞ্চস্থ অস্তৰাগ

নিয়মীয়া বাৰ্তা, ৬ ডিচেম্বৰ : সাহিত্যিক হোমেন বৰগোহাঞিৰ অস্তৰাগ নামৰ উপন্যাসৰ আধাৰত ডা: ৰিপুন বৰপূজাৰীৰ একে নামৰ নাট্যৰূপ অস্তৰাগ নামৰ নাটকখন কাইলৈ হোজাইত মঞ্চস্থ কৰা হব। কৰুণাধাৰাৰ হোজাইৰ সহায়ক সমিতিৰ সহযোগত হোজাই সাহিত্য সভাৰ সোণালীৰ বিশেষ নিবেদন হিচাপে হোজাই সাহিত্য সভাৰ বাণীকান্ত কাকতি ক্ষেত্ৰৰ সাহিত্যৰথী বেজবৰুৱা ভৱনৰ স্থায়ী প্ৰেক্ষাগৃহত এই নাট্য নিবেদন কৰা হব। গুৱাহাটীৰ মাণিক আহমেদে পৰিচালনা কৰা এই নাটকখন দুটা দৰ্শনীৰে অনুষ্ঠিত হব। প্ৰথম দৰ্শনী সন্ধ্যা পাঁচ বজাত আৰু দ্বিতীয় দৰ্শনী নিশা আঠ বজাত অনুষ্ঠিত হব। স্থানীয় অপেছাদাৰী শিল্পীসকলে অভিনয় কৰিবলগীয়া নাটকখনৰ সংগীত বিতোপন মহন্তৰ আৰু পোহৰ কাকীৰ বিদ্যা শইকীয়াৰ। নাটকখনত অভিনয় কৰিছে ক্ৰমে অনুপ কুমাৰ বৰঠাকুৰ, জ্যোতি প্ৰসাদ গগৈ, আৰাধনা শৰ্মা, কস্তুৰীমা দাস, ড: ঘনকান্ত শইকীয়া, কিশলয় দেৱ গোস্বামী, কোষেশ্বৰ মুদৈ, জিতু শৰ্মা, পদ্মকান্ত বৰা, বিকাশ চৌধুৰী, বিমল নাথ, জীৱন বৰুৱাৰ লগতে শিশু শিল্পী নৱাগত তৰিৎশেখৰ আত্ৰেয় আৰু হিমাশু বৰুৱাই।

প্ৰেৰক কিশলয় দেৱ গোস্বামী

You might also like