নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’প–২৮ত জীৱাশ্ম ইন্ধন ব্যৱহাৰ হ্রাসক লৈ চুক্তি

ৰাষ্ট্রসংঘৰ জলবায়ু সন্মিলন চর্চাৰ বিষয় হৈ আহিছে৷ এই জলবায়ু সন্মিলনত প্রধানতঃ গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱর্তনৰ সৈতে মোকাবিলা কৰাৰ বাবে বিশ্বৰ দেশসমূহে একত্রিত হয় আৰু এই সন্মিলনতে গুৰুত্বপূর্ণ সিদ্ধান্তসমূহ গ্রহণ কৰি আহিছে৷ পেৰিছ জলবায়ু চুক্তিৰ পৰা গ্লাছগো চুক্তি কার্যকৰী কৰাৰ ক্ষেত্রত জলবায়ু পৰিৱর্তনক লৈ বিশ্বৰ দেশসমূহে কেনে পদক্ষেপ গ্রহণ কৰে তাক বিতং আলোচনা কৰি ভৱিষ্যতৰ সিদ্ধান্ত গ্রহণ কৰা হয়৷ কিয়নো, গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱর্তন ক্রমান্বয়ে মানৱ জাতিৰ বাবে প্রত্যাহ্বান হৈ আহিছে৷ তেনেদৰে আমি বাস কৰা গ্রহ পৃথিৱীৰ অস্তিত্বৰ প্রতিও শংকা নমাই আনিছে৷ এইবেলি ইউনাইটেড আৰব এমিৰেটছৰ ডুবাইত ৰাষ্ট্রসংঘৰ ক’প–২৮ জলবায়ু সন্মিলন হ’ল৷ এই সন্মিলনত কি কি বিষয়ত গুৰুত্বপূর্ণ সিদ্ধান্ত লোৱা হৈছে তাক আলোচনাৰ পূর্বে এই কথা উনুকিয়াব লাগিব যে ডুবাই ক’প–২৮ সন্মিলনত প্রথমবাৰৰ বাবে জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ হ্রাস কৰাক লৈ চুক্তি স্বাক্ষৰিত হৈছে৷ ১৯৯খন দেশৰ লগতে বিভিন্ন সংস্থাৰ প্রতিনিধিয়ে অংশগ্রহণ কৰা ক’প–২৮ সন্মিলনত জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ পর্যায়ক্রমে হ্রাস কৰাক লৈ মতভেদ হৈছিল যদিও পিছলৈ সামৰণিৰ দিনা জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ হ্রাসৰ চুক্তি স্বাক্ষৰিত হয়৷ এই চুক্তিয়ে মানৱ জাতিৰ বাবে ইতিবাচক বার্তা কঢ়িয়াই আনিব পাৰে, যদিহে বিশ্বৰ দেশসমূহে জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ হ্রাস কৰাৰ চুক্তি সহূদয়তাৰে মানি লৈ ৰূপায়ণত আগ্রহ দেখুৱায়৷ অন্যথা ই প্রহসনত পৰিণত হ’ব৷ ক’প–২৮ৰ অধ্যক্ষ চুলতান অল–জাবেৰে জলবায়ু চুক্তিক ভূয়সী প্রশংসা কৰি ই এক শক্তিশালী ঐতিহাসিক চুক্তি স্বাক্ষৰিত হ’ল বুলি মন্তব্য কৰিছে৷ এই চুক্তিৰ জৰিয়তে জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ হ্রাস পাব আৰু ইয়াৰ পূর্বে পেৰিছ জলবায়ু চুক্তি অনুসৰি গোলকীয় উষ্ণতা বৃদ্ধি ১.৫ ডিগ্রী চেলছিয়াছৰ তলত ৰাখিবলৈ সক্ষম হ’ব৷
ঐতিহাসিক জীৱাশ্ম ইন্ধন চুক্তিৰ উপৰি ডুবাইৰ ক’প–২৮ সন্মিলনত আন কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ এই সিদ্ধান্তসমূহৰ ভিতৰত জলবায়ু পৰিৱর্তনৰ বাবে ক্ষতিৰ সন্মুখীন হোৱা দেশসমূহক বিশেষকৈ দৰিদ্র আৰু উন্নয়নশীল দেশক বিত্তীয় সাহায্য প্রদান কৰা হ’ব৷ নিম্ন আয়ৰ দেশসমূহ, বিশেষকৈ যিবোৰ দেশ জলবায়ু পৰিৱর্তনৰ বাবে ভয়াৱহ ক্ষতিৰ সন্মুখীন হয় তেনে দেশক জলবায়ু ন্যায়ৰ দৃষ্টিকোণেৰে বিত্তীয় সাহায্যও প্রদান কৰা হ’ব৷ তেনেদৰে কার্বন নির্গমন শূন্যৰ ক্ষেত্রতো গুৰুত্বপূর্ণ সিদ্ধান্ত লোৱা হৈছে৷ কানাডা আৰু বেলজিয়ামৰ দৰে দেশে কার্বন নির্গমন শূন্যৰ লক্ষ্য নির্ধাৰণ কৰিছে৷ ডুবাইৰ সন্মিলনে কার্বন নির্গমন ২০৩০ চনৰ ভিতৰত ৫০ শতাংশ হ্রাস কৰাৰ ক্ষেত্রত অংগীকাৰবদ্ধ৷ আনপিনে, পৰিচ্ছন্ন শক্তিক অধিক প্রাধান্য দিয়াৰ ক্ষেত্রতো এই সন্মিলনে অগ্রাধিকাৰ দিয়ে৷ ক’প–২৮ সন্মিলনে ২০৩০ চনৰ পূর্বে সেউজ গৃহ নির্গমন কর্তন কৰি পৰিচ্ছন্ন শক্তিৰ উৎসক দ্রুতগতিৰে চিনাক্ত কৰি সেইবোৰ ব্যৱহাৰত গুৰুত্ব দিয়াৰ ক্ষেত্রত সিদ্ধান্ত গ্রহণ কৰে৷ চহকী দেশসমূহে উন্নয়নশীল দেশলৈ জলবায়ু পৰিৱর্তনৰ ব্যৱস্থা হিচাপে বিত্তীয় সমর্থনৰ প্রতি আগভাগ ল’ব লাগিব৷ মানৱ কল্যাণ, জৈৱ বৈচিত্র্যৰ প্রতি লক্ষ্য ৰাখি জলবায়ু পৰিৱর্তনৰ কাৰক হৈ উঠা উৎসবোৰ হ্রাস কৰিব লাগিব৷ প্রকৃতি আৰু মানৱৰ প্রতি গুৰুত্ব দি দেশসমূহে উন্নয়নৰ নামত যাতে প্রকৃতি আৰু জৈৱ বৈচিত্র্য বিনষ্ট নহয় সেই ক্ষেত্রত বিবেচনা কৰিব লাগিব৷ আনপিনে, পেৰিছ জলবায়ু চুক্তিৰ লক্ষ্যসমূহ যাতে সঠিক দিশেৰে আগবঢ়াই নিব পাৰে তাৰ ওপৰতো এই সন্মিলনে সিদ্ধান্ত গ্রহণ কৰে৷ জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ আৰু উৎপাদনৰ ক্ষেত্রত সকলো দেশে গুৰুত্ব দিয়াৰ ওপৰতো ক’প–২৮ত বিতংভাৱে আলোচনা কৰা হয়৷ সেউজ জলবায়ু পুঁজিকে ধৰি বিভিন্ন পুঁজিক বিত্তীয় সাহায্যৰে সমর্থনৰ বাবে দেশসমূহে ঐকমত্যত উপনীত হয়৷ আনহাতে, কার্বন নির্গমন বৃদ্ধি পোৱা সামগ্রীকে ধৰি সঁজুলিসমূহৰ বজাৰতো নিয়ম নির্ধাৰণ কৰাৰ সিদ্ধান্ত সন্মিলনত গ্রহণ কৰা হয়৷ আন্তর্জাতিক কার্বন বজাৰখনৰ কাৰণে শক্তিশালী ৰূপৰেখা প্রস্তুত কৰি পিছলৈ তাক চুক্তি আকাৰে স্বাক্ষৰিত কৰাৰ ওপৰত এই সন্মিলনে গুৰুত্ব দিয়ে৷ মন কৰিবলগীয়া যে ৰাষ্ট্রসংঘৰ পূর্বৰ জলবায়ু সন্মিলনতো গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰা হৈছিল যদিও সেইবোৰ কার্যকৰী কৰাৰ ক্ষেত্রত প্রধানতঃ উন্নত দেশসমূহে হোঁহকা–পিছলা কৰি আছে৷ উন্নত দেশসমূহে যেতিয়ালৈকে কার্বন নির্গমন হোৱা জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ হ্রাস নকৰে তেতিয়ালৈকে ৰাষ্ট্রসংঘৰ জলবায়ু সন্মিলনৰ চুক্তি ৰূপায়ণৰ ক্ষেত্রত বাধা আহে৷ ডুবাইৰ ক’প–২৮ জলবায়ু সন্মিলনৰ ঐতিহাসিক চুক্তি আৰু সিদ্ধান্তসমূহ কার্যকৰী হ’বনে সেয়াও লক্ষণীয় হ’ব৷

You might also like