নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড আক্রান্ত শিক্ষা ব্যৱস্থা

ক’ভিড–১৯ৰ ফলত সমগ্র বিশ্বতে বন্ধ হৈ যোৱা বিদ্যালয়সমূহৰ শ্রেণীকোঠাসমূহ এতিয়া লাহে লাহে খুলিবলৈ আৰম্ভ কৰিছে৷ ছাত্র–ছাত্রী, শিক্ষক, অভিভাৱক প্রত্যেকেই যেন এতিয়া সামান্য সকাহ লাভ কৰিবলৈ সাজু হৈছে৷ ক’ভিডে সমগ্র শিক্ষা ব্যৱস্থাটোকে নাটকীয়ভাৱে সলনি কৰি দিছিল৷ হঠাৎ আহি পৰা এই পৰিৱেশৰ বাবে কোনো সাজু নাছিল আৰু কোনেও এটা পৃথক শিক্ষা পদ্ধতিৰ কথা ভবাই নাছিল৷ হঠাৎ আহি পৰা এই অৱস্থাটো চম্ভালিবলৈ শিক্ষক–ছাত্র উভয়েই পৰীক্ষামূলকভাৱে চেষ্টা কৰিলে আৰু পূর্ব পৰিকল্পনা নথকাৰ পিছতো কোনোধৰণৰ প্রশিক্ষণৰ ব্যৱস্থা নোহোৱাকৈয়ে অনলাইন ব্যৱস্থাত কিছু শিক্ষাদান আৰম্ভ হৈছিল আৰু সময়ৰ দাবীৰ লগত খাপ খুৱাই সেয়া চলি আছিল৷ এটা কথা ঠিক যে ক’ৰোনা ভাইৰাছৰ আক্রমণত শিক্ষা ব্যৱস্থা নাটকীয়ভাৱে সলনি হৈছে, সাধাৰণ শিক্ষাৰ জগতখনৰ বাবে গুৰুত্বসহকাৰে নোলোৱা হ–শিক্ষণৰ ডত্থান আৰু বিকাশ হৈছে আৰু দূৰৱর্তী শিক্ষা ব্যৱস্থা গ্রহণযোগ্য হৈছে আৰু ডিজিটেল প্লেটফর্মৰ মান্যতাও বৃদ্ধি পাইছে৷ এই ডিজিটেল ই–শিক্ষণ ব্যৱস্থাৰ বিষয়ে কৰা গৱেষণাই দেখুৱাইছে যে অনলাহন শিক্ষা ব্যৱস্থাত তথ্য সংৰক্ষণৰ কাম বহু বেছি পৰিমাণে হয় আৰু সঠিক সংৰক্ষণ আৰু পুনৰ ব্যৱহাৰৰ দ্বাৰা ই সকলো শিক্ষার্থীকেই ভালদৰে সহায় কৰিব পাৰে৷ এতিয়া ক’ৰোনা ভাইৰাছৰ আক্রমণৰ অন্ত নপৰিলেও মানুহে এই পৰিৱেশৰ মাজতেই কৰিবলগীয়াখিনি কৰি যাবলৈ সাজু হৈছে আৰু এই আশাৰেই স্কুল–কলেজ আদি আংশিকভাৱে খোলাৰ ব্যৱস্থা কৰা হৈছে৷
অসমতো বিদ্যালয়বোৰ অলপ অলপকৈ খোলাৰ ব্যৱস্থা কৰা হৈছে আৰু দ্বাদশ শ্রেণীৰ পাঠদান শ্রেণীকোঠাত আৰম্ভ কৰা হৈছে৷ এটা শ্রেণী হ’লেও কিন্তু এই ব্যৱস্থাটোৱে বিগত দুটা বছৰে নিষ্প্রাণ হৈ পৰি থকা স্কুলবোৰলৈ সজীৱ পৰিৱেশ এটা লৈ আহিব৷ কিন্তু প্রশ্ণ উদয় হৈছে যে শ্রেণীকোঠাৰএহ আকস্মিক স্থানান্তৰে শিক্ষাক্ষেত্রখনত কেনেদৰে প্রভাৱ পেলাব৷ যিসকল শিক্ষকে ইমানদিনে অনলাইন ব্যৱস্থাৰে ঘৰৰ পৰাই পাঠদান কৰি আছিল, স্কুললৈ অহাৰ লগে লগে সেই সময়খিনি স্কুলৰ নামতে ব্যৱহাৰ কৰিব লাগিব৷ ফলস্বৰূপে কিছুসংখ্যক ছাত্র–ছাত্রী শিক্ষাগ্রহণৰ পৰা বঞ্চিত হ’ব৷ ছাত্র অনুপাতে শিক্ষক নথকা অৱস্থাত এই ব্যৱস্থাটোৱে শিক্ষকৰ প্রডাক্টিভিটী কমাই দিব আৰু তাৰ বেয়া প্রভাৱ পৰিব ছাত্র–ছাত্রীসকলৰ ওপৰত৷ স্কুল খোলাৰ সিদ্ধান্ত লোৱা সময়ত চৰকাৰে এই কথাটোত মনোযোগ দিয়া উচিত আছিল যে ইমান দিনৰ অনলাইন শিক্ষা ব্যৱস্থাই সংযোগ কৰি দিয়া সুবিধাবোৰৰ ধাৰাবাহিকতা ৰক্ষা কৰা হ’ব নে পুৰণি প্রথালৈ উভতি যোৱাৰ লগে লগে তাক বিসর্জন দিয়া হ’ব৷ অনলাইন শিক্ষা ব্যৱস্থাৰ এটা প্রধান সুফল হ’ল যে একে সময়তে এক বুজনসংখ্যক ছাত্রক স্পর্শ কৰিব পৰা ব্যৱস্থা৷ এই দিশটোৰ প্রতি ভালদৰে মনোযোগ দি এনেকুৱা ব্যৱস্থাৰ আৰম্ভণি কৰিব লাগে যাতে শ্রেষ্ঠ শিক্ষকসকলৰ শ্রেষ্ঠ শিক্ষাদানখিনি সকলো ছাত্রই পাব পাৰে৷ এই ব্যৱস্থাই বহু শিক্ষকৰ শ্রমৰ পৰিমাণ কমাই দিব আৰু একে সময়তে সমগ্র অসমৰ ছাত্র–ছাত্রীসকলে সমমানৰ শিক্ষা লাভৰ সুবিধা পাব৷ অতিমাৰীৰ সময়ত দূৰৱর্তী শিক্ষা আৰু ডিজিটেল প্রযুক্তিয়ে আগবঢ়োৱা সুযোগবোৰ এতিয়া পুনৰ বিচাৰ কৰি সেইবোৰৰ প্রভাৱী দিশসমূহ ব্যৱহাৰ কৰিবলৈ আগবাঢ়ি অহাটোহে এই সময়ৰ দাবী৷ এটা কথা চাব লাগিব যে অতিমাৰীৰ সময়ত অনলাইন শিক্ষা দিয়াৰ সময়ত অধিকাংশৰে এই বিষয়ৰ কোনো প্রশিক্ষণ বা আগতীয়া জ্ঞান নাছিল৷ ড্রায়েল এণ্ড এৰ’ৰ পদ্ধতিৰে ইয়াৰ ব্যৱহাৰ কৰা হৈছিল আৰু এই ব্যৱস্থাৰ ব্যৱহাৰৰ অন্তত শিক্ষক–শিক্ষয়িত্রীস নিজ অভিজ্ঞতাৰে কিছু কথা শিকিছিল আৰু কিছু উদ্ভাৱন কৰি লৈছিল৷ এই অভিজ্ঞতাখিনি উপযুক্ত পৰিকল্পনাৰে শিক্ষা ব্যৱস্থাৰ লগত মিহলাই ব্যৱহাৰ কৰিব পাৰি৷ শ্রেণীকোঠাৰ পাঠদান আৰম্ভ হোৱাৰ লগে লগে অনলাইন পদ্ধতিৰ কথাবোৰ পাহৰি যোৱা উচিত নহ’ব৷ বৰং অনলাইন আৰু অফলাইন ব্যৱস্থাৰ সুফলবোৰ ফলপ্রসূ হোৱাকৈ ব্যৱহাৰ কৰিব পাৰিলেহে শিক্ষা ব্যৱস্থা আগবাঢ়ি যাব পাৰিব৷

You might also like