নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোহলি–শাস্ত্রীৰ ওপৰত অসন্তুষ্ট ব’ৰ্ডঃ অনুমতি অবিহনে অংশ লৈছিল জনবহুল অনুষ্ঠানত

ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ অনুমতি অবিহনে শেহতীয়াকৈ এক জনবহুল অনুষ্ঠানত উপস্থিত আছিল ৰবি শাস্ত্রী আৰু বিৰাট কোহলি৷ ভাৰত আৰু ইংলেণ্ডৰ মাজত চতুর্থ টেষ্ট চলি থকাৰ মাজতে প্রশিক্ষক শাস্ত্রী ক’ভিড পজিটিভ হোৱাৰ পিছত এই তথ্য পোহৰলৈ আহিছে৷

ব’ৰ্ডৰ এগৰাকী শীর্ষ বিষয়াই মঙলবাৰে সংবাদ মাধ্যমৰ আগত প্রকাশ কৰা অনুসৰি শাস্ত্রী, কোহলি আৰু টীম ইণ্ডিয়াৰ অন্যান্য সদস্যসকলে যোৱা মঙলবাৰে লণ্ডনত এক গ্রন্থ উন্মোচনী সভাত উপস্থিত আছিল৷ এই সভাত যথেষ্টসংখ্যক লোকে ভিৰ কৰিছিল৷ শাস্ত্রী আৰু কোহলিয়ে গ্রন্থ উন্মোচনী সভাত মঞ্চ শুৱনি কৰিছিল বুলিও ব’ডৰ সূত্রটোৱে জানিবলৈ দিয়ে৷ প্রশিক্ষক আৰু অধিনায়কৰ লগতে টীম ইণ্ডিয়াৰ খেলুৱৈসকলে জৈৱ সুৰক্ষিত আবেষ্টনী ভংগ কৰি কিদৰে গ্রন্থ উন্মোচনী সভাত অংশ ল’লে, সেই সন্দর্ভত ব’র্ডে অনুসন্ধান চলাব৷

টেষ্ট শৃংখলাৰ সামৰণিৰ পিছতে শাস্ত্রী আৰু কোহলিৰ পৰাও ব’র্ডে বিষয়টো সন্দর্ভত জানিব বিচাৰিব বুলি বি চি চি আইৰ বিষয়াগৰাকীয়ে প্রকাশ কৰিছে৷ টীম ইণ্ডিয়াৰ মেনেজাৰ গিৰীশ ডংগ্রেৰ ভূমিকাক লৈও প্রশ্ন উত্থাপিত হৈছে৷ বুধবাৰে টি–২০ বিশ্বকাপৰ দল ঘোষণাৰ বাবে অনুষ্ঠিত হ’বলগীয়া বৈঠকত বিষয়টো উত্থাপন হোৱাৰ সম্ভাৱনা আছে৷ ইফালে, ব্রিটেইনৰ সংবাদ মাধ্যমত প্রকাশিত বাতৰি অনুসৰি ভাৰতীয় দলটোৱে জনবহুল অনুষ্ঠানটোত অংশ লোৱাৰ পূর্বে ইংলেণ্ড এণ্ড ৱেলছ ক্রিকেট ব’ডৰো অনুমতি লোৱা নাছিল৷

উল্লেখ্য যে শৃংখলাৰ পূর্বে বি চি চি আইৰ সচিব জয় শ্বাহে প্রতিগৰাকী খেলুৱৈক সতর্কতাৰে থাকিবলৈ আৰু জনসমাগমৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছিল৷

মন কৰিবলগীয়া যে এই অনুষ্ঠানত অংশ লোৱাৰ পিছতে প্রশিক্ষক শাস্ত্রীৰ শৰীৰত ক’ভিড–১৯ৰ লক্ষণ দেখিবলৈ পোৱা যায় আৰু দেওবাৰে তেওঁ ক’ভিড পজিটিভ হয়৷ বলিং প্রশিক্ষক ভৰত অৰুণ আৰু ফিল্ডিং প্রশিক্ষক আৰ শ্রীধৰো ক’ভিডত আক্রান্ত হৈছে৷ টীম ইণ্ডিয়াৰ শিবিৰত ক’ভিডে আতংক সৃষ্টি কৰাৰ বাবে আগন্তুক মানচেষ্টাৰ টেষ্টত জৈৱ সুৰক্ষিত আবেষ্টনী অধিক কঠোৰ হ’ব বুলি বি চি চি আইৰ বিষয়াগৰাকীয়ে আজি জানিবলৈ দিয়ে৷

You might also like