নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : জাগীৰোডত আশাৰ ৰেঙনি

জাগীৰোড কাগজ কলৰ ধ্বংসস্তূপৰ মাজত ঠন ধৰি উঠিব এটা নতুন উদ্যোগে৷ ইতিমধ্যে ইয়াৰ প্রস্তুতি আৰম্ভ হৈছে পূর্ণগতিত৷ কাগজ কলটোৰ সৈতে জড়িত কর্মচাৰীসকলৰ চূর্ণ–বিচূর্ণ সপোনে নতুনকৈ গঢ় ল’ব এই অঞ্চলটোত৷ উল্লেখ্য যে জাগীৰোডৰ অশোক কাগজ কলৰ মৃত্যুৱে ৰাজ্যজুৰি উদ্বেগৰ সৃষ্টি কৰিছিল৷ কিয়নো দীর্ঘদিন ধৰি এই উদ্যোগটোৱে অসমৰ অর্থনীতিলৈ বিশেষ অৱদান আগবঢ়াই আহিছিল৷ প্রায়বোৰ ৰাজহুৱা খণ্ডৰ উদ্যোগ ক্রমান্বয়ে বন্ধ হৈ অহাৰ সময়তো এই উদ্যোগটোৱে ৰাজ্যৰ বহু লোকৰ পেটৰ ভাত মুকলি কৰাৰ লগতে অসমৰ কাগজ উদ্যোগলৈও সকাহ প্রদান কৰিছিল৷ লাহে লাহে অসমীয়া ৰাইজৰ হূদয়ত ঠাই ল’বলৈ সক্ষম হৈছিল জাগীৰোডৰ কাগজ কলে৷ কেৱল ইমানেই নহয়, উদ্যোগটোক লৈ জাগীৰোডত এখন টাউনশ্বিপ গঢ়ি উঠিছিল৷ বিভিন্ন ধৰণৰ ব্যৱসায়িক প্রতিষ্ঠানেৰে ভৰি পৰিছিল অঞ্চলটো৷ কিন্তু হঠাতে উদ্যোগটোৰ এটা এটাকৈ ইউনিট বন্ধ হৈ আহিছিল৷ কর্মচাৰীসকলে মাহৰ পিছত মাহ দৰমহা পাবলৈ সক্ষম নোহোৱাত উদ্যোগটোৰ শ্মশানযাত্রা আৰম্ভ হৈছিল৷ কর্মচাৰীসকলে প্রতিবাদ জনাবলৈ ৰাজপথত নামিছিল৷ ৰাজ্য চৰকাৰে উদ্যোগটো বচাবলৈ বিভিন্ন পদক্ষেপ গ্রহণ কৰিছিল৷ বাহিৰৰ বহু উদ্যোগপতিও আগবাঢ়ি আহিছিল৷ কিন্তু শেষ ৰক্ষা নহ’ল৷ কর্মচাৰীসকলৰ প্রাপ্য বকেয়া আদায় দি উদ্যোগটো বন্ধ হোৱাৰ ঘোষণা কৰিবলৈ বাধ্য হৈছিল ৰাজ্য চৰকাৰ৷ লাহে লাহে ইয়াৰ যন্ত্রাংশবোৰ ভাঙি পেলোৱা হৈছিল৷ এসময়ৰ জাগীৰোড টাউনশ্বিপত সৃষ্টি হয় এক নিমাওমাও পৰিৱেশৰ৷ কিন্তু কাগজ কলৰ যন্ত্রপাতি আৰু ভৱনবোৰত হাতুৰীৰ কোব পৰাৰ সময়তে ৰাজ্যবাসীলৈ বিজেপি চৰকাৰে আনিলে এক আশাৰ খবৰ৷ অসমৰ ঔদ্যোগিক ইতিহাসত বৃহত্তম বিনিয়োগৰ বাবে আগবাঢ়ি আহে টাটা৷ জাগীৰোডৰ কাগজ কলৰ ধ্বংসস্তূপৰ মাজত ২৭ হাজাৰ কোটি টকা বিনিয়োগেৰে টাটাই স্থাপন কৰিব ছেমিকণ্ডাক্টৰ প্রকল্প৷ ইয়াৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন কেবিনেট কমিটীয়ে ‘টাটা ছেমিকণ্ডাক্টৰ এছেম্বলী এণ্ড টেষ্ট প্রাইভেট লিমিটেড’ক (টিএছএটি) আনুষ্ঠানিকভাৱে মঞ্জুৰি প্রদান কৰিছে৷ জাগীৰোডৰ লগতে গুজৰাটৰ আন দুটা ছেমিকণ্ডাক্টৰ প্রকল্পৰ বাবেও কেবিনেট কমিটীয়ে টাটাৰ সর্বমুঠ ১.২৬ লাখ কোটি টকাৰ প্রকল্পত অনুমোদন জনাইছে৷
মন কৰিবলগীয়া যে অসমৰ টিএছএটি ছেমিকণ্ডাক্টৰে থলুৱা ফ্লিপশ্বিপ আৰু আইএছআইপি (পেকেজত সমন্বিত ব্যৱস্থা) প্রযুক্তি বিকশিত কৰিব৷ ইয়াত দৈনিক উৎপাদিত হ’ব ৪.৮ কোটি ছেমিকণ্ডাক্টৰ ইউনিট৷ এই উদ্যোগে সামৰি ল’ব স্বয়ংচালিত বৈদ্যুতিক যান–বাহন, কনজুমাৰ ইলেক্ট্র’নিকছ, টেলিকম, ম’বাইল ফোন আদিত ব্যৱহাৰ কৰিবলগীয়া ছেমিকণ্ডাক্টৰ বয়বস্তু৷ পৰৱর্তী ৩ মাহৰ পিছতে জাগীৰোডৰ বহু আকাংক্ষিত প্রকল্পৰ নির্মাণকার্য আৰম্ভ হ’ব৷ ইয়াত প্রতিমাহত ৫,০০০ ৱেফাৰ আৰু প্রতিবছৰে ৩০০ কোটি চিপ্ছ উৎপাদন কৰা হ’ব৷ জাগীৰোডৰ এই প্রকল্পৰ জৰিয়তে উত্তৰ–পূবৰ জনসাধাৰণে লাভ কৰিব প্রথমটো ছেমিকণ্ডাক্টৰ ইউনিট৷ প্রকল্পটোৰ কাম বাস্তৱায়িত কৰাৰ বাবে টাটা ইলেক্ট্র’নিকছ আৰু টাইৱানৰ পাৱাৰশ্বিপ ছেমিকণ্ডাক্টৰ মেনুফেকচাৰিং কর্প’ৰেচনৰ মাজত এক বুজাবুজিৰ চুক্তি ইতিমধ্যে সম্পন্ন হৈছে৷ প্রধানমন্ত্রীৰ ‘আত্মনির্ভৰশীল ভাৰত’ক সাকাৰ ৰূপ দিয়াৰ উপৰি বিশ্ব ছেমিকণ্ডাক্টৰ জগতত ভাৰতে অদূৰ ভৱিষ্যতে নেতৃত্ব প্রদান কৰিব৷ টিএছএটি প্রকল্পৰ বাবে অসম চৰকাৰে ইতিমধ্যে জাগীৰোডত প্রয়োজনীয় ভূমি সাজু কৰি তুলিছে৷ জাগীৰোডৰ মৃত তথা পৰিত্যক্ত কাগজ কলৰ ভূমি এই প্রকল্পত ব্যৱহাৰ কৰা হ’ব৷ এই প্রকল্পটো আৰম্ভ হ’লে কাগজ কলত যিমান নিবনুৱাই কর্মসংস্থাপন লাভ কৰিছিল, তাতকৈ বহুগুণ বেছি যুৱক–যুৱতীৰ কর্মসংস্থাপনৰ পথ মুকলি কৰিব পাৰিব৷ আশা কৰা হৈছে ছেমিকণ্ডাক্টৰ প্রকল্পটোৰ জৰিয়তে প্রত্যক্ষভাৱে ৫ হাজাৰ আৰু পৰোক্ষভাৱে ২ লক্ষ লোকৰ কর্মসংস্থাপনৰ বাট মুকলি হ’ব৷ জলসম্পদ মন্ত্রী পীয়ূষ হাজৰিকাই আশা প্রকাশ কৰা মতে কমেও ৩০,০০০ নিবনুৱাৰ নিয়োগৰ সুযোগ মুকলি কৰিব এই প্রকল্পই৷ নিশ্চিতভাৱে এয়া অসমৰ নিবনুৱা যুৱক–যুৱতীসকলৰ্ বাবে আশা আৰু আনন্দৰ বিষয়৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে এই প্রকল্পৰ ভূমিপূজন তথা শিলান্যাস কৰিব৷ টাটাৰ এই প্রকল্পটো আশা কৰা ধৰণে সময়ত উৎপাদনক্ষম হৈ উঠিলে অসমৰ ঔদ্যোগিক ক্ষেত্রখনলৈ নিশ্চিতভাৱে এক নতুন গতি আনিব৷ উল্লেখ্য যে বর্তমান চৰকাৰখনৰ আমোলত বহু উদ্যোগপতি অসমলৈ আহি ধন বিনিয়োগ কৰিছে৷ কিন্তু প্রথমবাৰৰ বাবে টাটা গোষ্ঠীয়ে সর্বাধিক ধন বিনিয়োগ কৰি ইতিহাস সৃষ্টি কৰিছে৷ ইয়াৰ লগে লগে পৰোক্ষভাৱেও বহু লোকৰ কর্মসংস্থাপন মুকলি কৰিব৷ তদুপৰি জাগীৰোডৰ পৰিৱেশেও পূর্বৰ দৰে প্রাণময়তা লাভ কৰিবলৈ সমর্থ হ’ব৷

You might also like