সম্পাদকীয় : ঐতিহ্যৰ সংৰক্ষণত চৰকাৰৰ দায়িত্ব
অসম চৰকাৰে ২০২৫–২৬ বর্ষৰ বাজেটত ৰাজ্যখনৰ ঐতিহ্য সম্পদৰ সংৰক্ষণ আৰু এই দিশৰ গৱেষণাৰ বাবে বিশেষ মনযোগী পদক্ষেপ গ্রহণ কৰিছে৷ এহ কামৰ বাবে মঞ্জুৰ কৰা হৈছে ৩৫০ কোটি টকা৷ এহ পৰিকল্পনাৰ অংশ হিচাপে শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ ডন্নয়নৰ বাবে এশ কোটি টকাৰ এককালীন অনুদান আগবঢ়োৱা হ’ব৷ শ্রীমন্ত শংকৰেদৱ কলাক্ষেত্র অকল পর্যটকৰ ক্ষণিক ভ্রমণ অথবা ৰাতিপুৱা খোজকঢ়া ব্যক্তিকেইগৰাকীমানৰ্ বিনোদনথলী নহয়, ই এক সাংস্কৃতিক নৱজাগৰণৰ অধ্যয়নস্থলী৷ প্রবল আশাৰে আৰম্ভ হোৱা এই কলাক্ষেত্রই যিদৰে বিকাশ লাভ কৰিছিল, এসময়ত সেই বিকাশ কিছু স্থবিৰ হৈ পৰিছিল৷ কিন্তু যোৱা কিছুদিনত কলাক্ষেত্রই কৰা কামবোৰে এই প্রতিষ্ঠানটিৰ প্রতি ৰাইজৰ আগ্রহ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে৷ অসমৰ বিভিন্ন সাংস্কৃতিক ঐতিহ্য সম্পদ সংৰক্ষণৰ ক্ষেত্রত কলাক্ষেত্রই হাতত লোৱা কেইবাটিও গুৰুত্বপূর্ণ আৰু সময়োপযোগী প্রকল্পই প্রতিষ্ঠানটিৰ আদর্শৰ দৃঢ়তাকে প্রদর্শন কৰিছে৷ ঐতিহ্য সংক্রান্তীয় কেইবাটিও গৱেষণামূলক কামৰ বাবে কলাক্ষেত্রই অসমৰ প্রায় আটাইকেইখন বিশ্ববিদ্যালয়ৰ লগত বুজাবুজিৰ চুক্তি কৰিছে৷ এই কামে কলাক্ষেত্রৰ গৱেষণাক সঠিক বিদ্যায়তনিক দিশত আগবঢ়াই নিয়াত সহায় কৰিব৷ ঠিক তেনেদৰে ভূপেন হাজৰিকাৰ চিনেমা আৰু আন সম্পদবোৰৰ সংৰক্ষণ আৰু গৱেষণাৰ বাবে আন এটি প্রকল্প কৰা হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ লগত৷ ভূপেন হাজৰিকাৰ জন্মশতবর্ষৰ সময়ত এই প্রকল্প নিঃসন্দেহে সঠিক সিদ্ধান্ত৷ চৰকাৰে ক্ষণিক আনন্দতে অতীত হৈ যোৱা ‘ফাংচন’বোৰ আয়োজন কৰাৰ পৰিৱর্তে এনে ধৰণৰ গৱেষণা আৰু ভৱিষ্যতৰ বাবে সমল থৈ যাব পৰা কামত অধিক মনযোগ দিব লাগে৷ সাংস্কৃতিক অনুষ্ঠানবোৰৰো একোটা সামাজিক প্রয়োজন আছে৷ কেৱল বিনোদনৰ বাবে আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠানৰ অভাৱ নাই, বৰং দিনক দিনে বাঢ়িহে আছে৷ তেনে অৱস্থাত কলাক্ষেত্রৰ দৰে এটা আদর্শনিষ্ঠ প্রতিষ্ঠানে আয়োজন কৰা তেনে অনুষ্ঠানবোৰৰো সাংস্কৃতিক গুৰুত্ব আৰু সংৰক্ষণমূল্য থকাটো প্রয়োজনীয়৷ ভূপেন হাজৰিকাৰ নামত কলাক্ষেত্রই আৰম্ভ কৰা সংগ্রহালয়টিক এটি জীৱন্ত প্রতিষ্ঠানলৈ ৰূপান্তৰিত কৰাৰ দায়িত্ব পালন কৰিবলৈ এই বছৰটোৱেই উপযুক্ত হ’ব৷ কর্তৃপক্ষই কথাটোলৈ মন দিয়া উচিত৷ সন্দেহ নাই, কলাক্ষেত্রই ভূপেন হাজৰিকাৰ শতবর্ষ ডাঙৰকৈয়ে উদ্যাপন কৰিব৷ কিন্তু সেইবোৰ যাতে কেৱল সন্ধিয়াৰ গানৰ অনুষ্ঠান নহয়, একোটা স্থায়ী সম্পদ যাতে ৰৈ যায় সেই কথাটো মনত ৰখা উচিত হ’ব৷
অসম চৰকাৰৰ বাজেটত মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয়লৈকেও ধন মঞ্জুৰ কৰা হৈছে মাজুলীৰ ঐতিহ্যবাহী সত্র সংস্কৃতি সংৰক্ষণ আৰু অধ্যয়নৰ বাবে৷ মধুপুৰ সত্র সংৰক্ষণ আৰু ডন্নয়নৰ বাবে ধার্য কৰা হৈছে ৫০ কোটি টকা৷ ইয়াৰ লগতে অসমৰ সত্রসমূহক ভূমি দখল আৰু অন্যান্য ক্ষতিৰ পৰা ৰক্ষা কৰিবলৈ ‘সত্র সংৰক্ষণ আৰু উন্নয়ন বোর্ড’ গঠন কৰা হৈছে৷ অকল বাজেটত টকা ধার্য কৰিলেই কামবোৰ সমাধা নহয়৷ ইয়াৰ বাবে প্রয়োজন সচেতনতা, দায়িত্ব আৰু ঐতিহ্যৰ প্রতি শ্রদ্ধা আৰু জ্ঞান৷ বর্তমান সময়ত অসমত ঐতিহ্য সংৰক্ষণৰ প্রয়োজনীয়তা দিনে দিনে বৃদ্ধি পাহছে৷ ঐতিহ্য সংৰক্ষণ মানে কেৱল প্রাচীন ঘৰ–মন্দিৰ বা স্থাপত্যৰ সংৰক্ষণ নহয়৷ হ সাহিত্য, সংগীত, চিত্রকলা, লোকসংস্কৃতি আৰু সামাজিক পৰম্পৰা সংৰক্ষণৰ সৈতে জডিত৷ প্রাচীন মন্দিৰ এটিয়ে অতীতৰ গৌৰৱ আৰু স্মৃতিক দর্শকৰ হূদয়ত ক্ষিপ্রতাৰে জীয়াহ তোলে৷ সাহিত্য বা সংগীতেও এহ অনুভৱৰ সৃষ্টি কৰিব পাৰে৷ সেয়েহে ঐতিহ্য সংৰক্ষণৰ ক্ষেত্রত স্থাপত্য আৰু সাংস্কৃতিক সম্পদসমূহক একেধৰণে গুৰুত্ব দিয়াৰ প্রয়োজন৷ এইক্ষেত্রত অসম চৰকাৰৰ বিভাগসমূহৰ মাজত সমন্বয় নথকাৰ ফলত বহু ঐতিহ্যবাহী সম্পদ ক্ষতিগ্রস্ত হৈছে৷ ডদাহৰণস্বৰূপে দীঘলীপুখুৰীৰ পাৰত আৰু নর্থব্রুক গেটৰ দৰে ঐতিহ্যমণ্ডিত ঠাইত নতুন ঘৰ বান্ধি চাহ দোকান খোলাৰ অনুমতি দিয়া হৈছে, শিলপুখুৰীৰ পাৰত ৰাজহুৱা পায়খানা নির্মাণ কৰা হৈছে, নবীন চন্দ্র বৰদলৈ হলৰ কাষতে থকা গুৱাহাটীৰ প্রথমটো ৰাজহুৱা ঠাইৰ ফাউণ্টেইনটো চিহ্ণহীন কৰি পেলোৱা হৈছে৷ এহ দুর্ভাগ্যজনক ঘটনাসমূহে দেখুৱায় যে বিভিন্ন বিভাগে নিজৰ সিদ্ধান্ত লোৱাৰ সময়ত ঐতিহ্য সংৰক্ষণৰ কথা আৰু ইয়াৰ আইনী দিশৰ কথা ভবা নাছিল৷ চৰকাৰী বিষয়াসকলৰ অজ্ঞতা আৰু গাফিলতিত অসমৰ বহু সম্পদ ধ্বংস হৈছে৷ শিৱসাগৰৰ শিৱদৌলত দক্ষিণ ভাৰতীয় ভাস্কর্য স্থাপন ইয়াৰ আটাইতকৈ কৰুণ উদাহৰণ৷ এহ ধৰণৰ ঘটনাসমূহে দেখুৱায় যে বিষয়াসকলে ঐতিহ্য সম্পদক সঠিকভাৱে মূল্যায়ন কৰিব পৰা নাহ৷ এই দিশৰ সচেতনতা আৰু নৈতিক দায়িত্ববোধৰ উপলব্ধিৰ বাবে চৰকাৰ, বিশেষজ্ঞসকল, স্থানীয় লোক আৰু শিক্ষানুষ্ঠানসমূহ একেলগে কাম কৰিলে অসমীয়া ঐতিহ্যৰ অনন্য স্থান কিছুদূৰ সংৰক্ষিত হ’ব বুলি আশা কৰিব পৰা যায়৷