সম্পাদকীয় : ঐতিহ্য, পৰিৱেশ আৰু পর্যটন
বর্তমান সময়ত কোনোবা এখন বিশেষ ঠাইৰ উন্নয়নৰ কথা উত্থাপিত হ’লেই তাক পর্যটকৰ বাবে আকর্ষণীয় কৰি তোলাৰ কথা কোৱা হয়৷ কিন্তু কথাটো হ’ল পর্যটকে কি চাবলৈ ঠাইখনলৈ আহিব সেই কথা ভবাৰ পৰিৱর্তে তাত হোটেল আদি স্থাপন কৰাৰ কথাহে প্রথমে ভবা হয়৷ সকলো পর্যটক একেখন ঠাইলৈ নাযায়, পর্যটক বিধে বিধে আছে৷ কিন্তু আমাৰ ইয়াত পর্যটকৰ কল্পনা কৰা ব্যক্তিসকলে হোটেল নির্মাণ কৰিলে আৰু অ’ত–ত’ত লাইট লগালেই পর্যটক আহিব বুলি ভাবে৷ যিবোৰ ঐতিহ্যস্থলীলৈ পর্যটক আহে, তেওঁলোক সেই ঐতিহ্যৰ বাহক–স্মাৰকবোৰক অক্ষত আৰু অবিকৃত ৰূপত চাব বিচাৰে৷ কাজিৰঙা চাবলৈ আহে সেউজ অৰণ্যত চৰি থকা গঁড আদি চাবলৈ, আটকধুনীয়া হোটেলত থাকিবলৈ নহয়৷ এইটোও সত্য যে কাজিৰঙাৰ দৰে মূল্যৱান ঠাই এখনত নির্মাণ কৰা হোটেল এখনত ব্যৱসায়িক লাভ হোৱাটো অতি স্বাভাৱিক কথা৷ কিন্তু অকল লাভৰ বাবে কাজিৰঙাৰ পৰিৱেশ নষ্ট হ’বলৈ দিয়াটো যুক্তিসংগত কথা নহয়৷ কাজিৰঙা বুলিয়েই নহয়, যিকোনো ঠাইৰে পৰিৱেশ সম্বন্ধীয় বিশেষত্বক পর্যটকৰ নামত ব্যৱসায়ৰ ঘাটি কৰিব দিব নালাগে৷ ঠিক তেনেদৰে পর্যটকে ভাল পাব বুলি এটা অবিশ্বাস্য যুক্তি উলিয়াই ঐতিহ্যপূর্ণ স্থানবোৰ পুনৰ নির্মাণ কৰি ঐতিহ্যবাহী সম্পদবোৰ ধ্বংস কৰি দিয়াটো একোটা সামাজিক অপৰাধ৷ কিন্তু আমাৰ দেশত এনে অপৰাধীবোৰ আইনৰ চকুৰ সন্মুখতে টিঘিলঘিলাই থাকে৷ এই কামবোৰ কৰা হয় কোনোবা কল্পিত পর্যটকৰ আগমনৰ সুখস্বপ্ণত৷ পর্যটক অহাটো ভাল কথা, কিন্তু অধিক পর্যটকৰ সমাৱেশে ঠাইখনৰ শাৰীৰিক ক্ষতি কৰাৰ সম্ভাৱনা থাকে৷ ঐতিহ্যপূর্ণ প্রাচীন ঠাইবোৰৰ প্রাচীন গাঁথনিসমূহ হাজাৰ হাজাৰ ভৰিৰ নিৰন্তৰ চাপ সহ্য কৰিব পৰাকৈ নির্মাণ কৰা নহ’বও পাৰে৷ লগতে অতিৰিক্ত ভিৰে দর্শনার্থীৰ অভিজ্ঞতাও হ্রাস কৰে৷ পর্যটক আৰু পর্যটকৰ সেৱা প্রদানকাৰীৰে ভৰি থকা স্থান এখনৰ সৌন্দর্য বা ঐতিহাসিক তাৎপর্য ডপলব্ধি কৰাটো উৎসাহী পর্যটকৰ বাবে কঠিন হৈ পৰে৷ হয়াৰ ফলত এনে এক চক্রৰ সৃষ্টি হ’ব পাৰে, য’ত অভিজ্ঞতাৰ প্রামাণিকতা বিপন্ন হ’ব আৰু সি সম্ভাব্যভাৱে এসময়ত স্থানটোৰ আকর্ষণ আৰু সাংস্কৃতিক মূল্য হ্রাস কৰিব পাৰে৷
এই কথাটোও ঠিক যে দর্শনার্থীৰ নিৰন্তৰ প্রৱাহে ঐতিহ্যস্থল আৰু প্রাকৃতিক অঞ্চলসমূহৰ ডল্লেখযোগ্য ক্ষতি কৰে৷ ঐতিহাসিক গাঁথনি, প্রাচীন শিল্পকর্ম, আনকি প্রাকৃতিক শিলাগঠনো স্পর্শ, ভৰিৰ যাতায়াতৰ কম্পন আৰু বৃহৎ গোটৰ উপস্থিতিৰ ফলত হোৱা আর্দ্রতাৰ পৰিৱর্তনৰ দ্বাৰা ক্ষতিগ্রস্ত হোৱাৰ সম্ভাৱনা থাকে৷ প্রাগৈতিহাসিক চিত্র থকা ফ্রান্সৰ লাস্কোৰ গুহাসমূহৰ জলবায়ুৰ সূক্ষ্ম অংশ দর্শনার্থীৰ নিশ্বাসৰ বাবে সলনি হোৱাৰ কাৰণে সেই গুহাবোৰ জনসাধাৰণৰ বাবে বন্ধ কৰিব লগা হৈছিল৷ পর্যটনে বিভিন্ন ৰূপত প্রদূষণ বৃদ্ধি কৰে৷ বিভিন্ন যান–বাহনৰ সমাগমে শব্দ আৰু বতাহ দুয়োটাকে প্রদূষিকত কৰে৷ প্রাকৃতিক অঞ্চলবোৰত যান–বাহন আৰু ভিৰৰ পৰা হোৱা শব্দ প্রদূষণে বন্যপ্রাণীক বিঘ্ণিত কৰে৷ হোটেল আৰু ৰিজ’ৰ্টৰ পৰা হোৱা পোহৰ প্রদূষণে নিশাচৰ প্রাণীক প্রভাৱিত কৰিব পাৰে আৰু প্রাকৃতিক চক্র সলনি কৰিব পাৰে৷ এই প্রদূষণৰ প্রভাৱে পর্যটকক আকর্ষণ কৰা পৰিৱেশৰ অৱনতি ঘটোৱাৰ সম্ভাৱনা থাকে৷ পর্যটকৰ সুবিধাৰ বাবে নির্মাণ কৰা আন্তঃগাঁথনিৰ বাবে হোটেল, ৰাস্তা আদিৰ নির্মাণ হয়, হোৱাটো প্রয়োজনীয়, কিন্তু এইবোৰ মূল ঐতিহ্যকেন্দ্র বা পর্যটকৰ বাবে আকর্ষণীয় ঠাইৰ পৰা আঁতৰ হ’ব লাগে যাতে যাক কেন্দ্র কৰিয়েই ইমান আয়োজন তাৰ যাতে কোনো হানি–বিঘিনি নহয়৷ পর্যটন এক উল্লেখযোগ্য অর্থনৈতিক চালক হৈ পৰে, তেতিয়া স্থানীয় সাংস্কৃতিক সম্পদকো পণ্য হিচাপে ব্যৱহাৰ কৰাৰ আশংকা থাকে৷ পৰম্পৰাগত অনুষ্ঠান, শিল্পকলা বা জীৱনধাৰা পর্যটকৰ বাবে অধিক ‘বিপণনযোগ্য’ বা ‘মনোৰঞ্জনমূলক’ কৰি তুলিবলৈ সংশোধন কৰাৰ পৰিৱেশ এটিৰ জন্ম হয় আৰু ফলত সাংস্কৃতিক সম্পদে প্রামাণিকতা হেৰুৱাব পাৰে আৰু সম্ভাব্যভাৱে স্থানীয় সম্প্রদায়ৰ সাংস্কৃতিক পৰিচয়ৰ ক্ষতি হ’ব পাৰে৷ কিছুমান ক্ষেত্রত পৱিত্র স্থান বা অনুষ্ঠানসমূহ পর্যটকৰ বাবে এনেকুৱা ধৰণে মুকলি কৰা হ’ব পাৰে, যিবোৰ সেইবোৰৰ মূল উদ্দেশ্য আৰু আদর্শৰ প্রতি অসন্মানজনক বা ক্ষতিকাৰক৷