সম্পাদকীয় : নতুন দিনৰ প্রত্যাশা
আৰু এটা বর্ষৰ সামৰণি পৰিল৷ কেলেণ্ডাৰৰ পাতত সংযোজন ঘটিল নতুন এটা বর্ষৰ৷ বিদায়ী বর্ষটোৰ বহু স্মৃতি বিজড়িত ঘটনা বহুতৰে মনত থাকি গ’ল৷ এফালে সংঘাত–সংঘর্ষ, যুদ্ধ–বিগ্রহ আনফালে নৈৰাজ্য আৰু হতাশাৰ মাজতো বহু উৎসাহজনক কাম–কাজে বর্ষটোক সমৃদ্ধ কৰি ৰাখিলে৷ পুৰণিৰ বিদায়ক্ষণ আৰু নতুনক আদৰি লোৱাৰ সময়তে মানুহৰ মনত উদয় হৈছে বিভিন্ন আশা৷ জাগ্রত হৈছে বিভিন্ন প্রত্যাশা৷ উভতি নাহক সংঘাত আৰু সংঘর্ষৰ দিনবোৰ৷ হিংসা–শান্তিৰ ঘটনাবোৰৰ পুনৰাবৃত্তি নহওক মানৱ সমাজত৷ ২০২৪ৰ বিদায় আৰু নৱবর্ষ ২০২৫ক আদৰণি জনোৱাৰ সময়ত এই চিন্তাই বিভিন্নজনৰ মনত উক দি উঠিছে৷ হয়, অশান্তি–হিংসা–সূয়া আদি মানৱ সমাজৰ প্রগতিৰ ক্ষেত্রত প্রতিবন্ধক হ’ব পৰা সকলো কাৰকৰ পৰাই মানুহে মুক্তি বিচাৰে৷ ইয়াৰ বিপৰীতে সুখ, শান্তি আৰু সমৃদ্ধিৰ সপোন দেখে মানুহে৷ অনাগত দিনবোৰ যেন সুখ আৰু আনন্দৰ হয়, চৌপাশে যাতে সমৃদ্ধি আৰু প্রাচুর্যই জয়জয় ময়ময় অৱস্থাৰ সৃষ্টি কৰে সেই আশাই নতুন বর্ষটোক আদৰণি জনোৱাৰ সময়ত সকলোৰে অন্তৰত থিতাপি লৈছে৷ বিশ্বৰ বাবে বিগত বর্ষটো আছিল বহু সংঘাত আৰু সংঘর্ষৰ৷ যুদ্ধৰ জুইত বিশ্বৰ বিভিন্ন প্রান্ত জ্বলিছিল ২০২৪ বর্ষটোত৷ এতিয়াও সেই জুই জ্বলি আছে বিভিন্ন স্থানত৷ বহু অঞ্চলত যুদ্ধৰ নামত চলি আছে নিৰীহৰ ৰক্তপ্লাৱন৷ বহু অঞ্চলত দুর্ভিক্ষ, অনাহাৰে দেখা দিছে৷ বিভিন্ন অঞ্চলত অভাৱনীয় খৰ বা অতিবৃষ্টিৰ দৰে প্রাকৃতিক কাৰকসমূহে তাণ্ডৱ সৃষ্টি কৰিছে৷ এই সকলো অসূয়া তথা অশান্তিৰ পৰা আগন্তুক বর্ষটোত মানৱ জাতিয়ে পৰিত্রাণ বিচাৰিব যে সেয়া নিশ্চিত৷ বিশ্বৰ কথা, দেশৰ কথা বহু উল্লেখ কৰিব পাৰি৷ একোটা ক্ষুদ্র অঞ্চলৰ বাবেও এই নতুন বর্ষটো হ’ব পাৰে এক সংকল্প বা আশাৰ৷ আমাৰ ৰাজ্যখনৰ বাবেও এই নতুন বর্ষটো হৈ পৰক সমৃদ্ধি আৰু প্রাচুর্যৰ লগতে সকলোৰে বাবে মংগলময়৷ নৱবর্ষক আদৰাৰ প্রাক্ক্ষণত এই আশা সকলোৰে অন্তৰত সজীৱ হৈ পৰক বুলি কামনা কৰিব পাৰি৷ ইয়াৰ মাজতে ২০২৪ৰ বিদায় লগ্ণ আৰু ২০২৫ৰ প্রাতঃকালত অসমবাসীৰ বাবে এক সুখৰ খবৰ কঢ়িয়াই আনিছে বিটিচি চৰকাৰে৷ বিটিআৰত বসবাস কৰা ২৬ জাতি–জনগোষ্ঠীৰ আশা–আকাংক্ষাক লৈ এইবাৰ অঞ্চলটোৰ বিটিচি প্রশাসনে কমিউনিটী ভিজন ডকুমেণ্ট প্রকাশ কৰি উলিয়াইছে৷ নিঃসন্দেহে ২০২৫ বর্ষৰ প্রাতঃকালত এয়া এক আশাৰ বতৰা সমগ্র অসমৰ লগতে বিটিআৰত বাস কৰি থকা জনসাধাৰণৰ বাবে৷ দীর্ঘদিন ধৰি বিটিআৰত বিভিন্ন জাতি–জনগোষ্ঠীৰ মাজত অশান্তিৰ সৃষ্টি হৈছিল৷ তীব্র অসন্তুষ্টি আৰু মতানৈক্যৰ বাবে দীর্ঘদিন ধৰি শান্তিপূর্ণভাৱে বসবাস তথা সহৱস্থান কৰি থকা বিটিআৰৰ বিভিন্ন জনগোষ্ঠীৰ লোকসকলৰ মাজত পৰস্পৰে পৰস্পৰক সন্দেহেৰে চোৱাৰে এক প্রৱণতা সৃষ্টি হৈছিল৷ চৰম অবিশ্বাস আৰু বৈৰিতাপূর্ণ মনোভাবে বিটিআৰ অঞ্চলত বাস কৰি থকা বিভিন্ন জনগোষ্ঠীৰ লোকসকলৰ মাজত সৃষ্টি কৰিছিল উত্তপ্ত পৰিস্থিতি৷ প্রতিমুহূর্ততে বিভিন্ন আশংকাত কটাবলগীয়া হৈছিল এই জনগোষ্ঠীৰ লোকসকলে৷ ইয়াৰ মাজতে বিটিচি চৰকাৰে কমিউনিটী ভিজন ডকুমেণ্ট মুকলি কৰি বিটিআৰ অঞ্চলত বাস কৰা জাতি–জনগোষ্ঠীসমূহ মাজত এক আশাৰ সঞ্চাৰ কৰিবলৈ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে৷ নিঃসন্দেহে ২০২৫ৰ প্রাক্ক্ষণত এয়া এক ইতিবাচক বার্তা৷
বহু জাতি–জনগোষ্ঠীৰ বাসভূমি ভাৰত৷ ভাৰত এনে এখন দেশ, য’ত এতিয়াও কেইবাশও জাতি–জনজাতিৰ লোক আছে৷ বহু জনজাতি গোষ্ঠীৰ অস্তিত্ব বিলুপ্তপ্রায় যদিও বহুভাষিক দেশ হিচাপে ভাৰতৰ এক সুকীয়া পৰিচয় আছে৷ এই ভাৰততেই বিভিন্ন জনজাতিসমূহে নিজৰ অধিকাৰ বিচাৰি বাৰে বাৰে সংগ্রাম কৰিবলগীয়া হৈছে৷ দীর্ঘদিনীয়া আন্দোলন তথা সংগ্রামৰ পাছত স্বায়ত্ত শাসন লাভ কৰিবলৈ সক্ষম হৈছে বহু জনজাতিয়ে৷ বিটিআৰ তেনেধৰণে বড়ো জনগোষ্ঠীয়ে লাভ কৰা দীর্ঘদিনীয়া এক আন্দোলনৰ ফচল৷ উত্তৰ–পূব ভাৰতত এনে বহু স্বায়ত্তশাসিত অঞ্চল আছে৷ কিন্তু সেই অঞ্চলসমূহত বাস কৰি থকা অন্যান্য জাতি–জনগোষ্ঠীবোৰৰ অসন্তুষ্টিয়ে বিভিন্ন সময়ত সৃষ্টি কৰি আহিছে অস্থিৰতা৷ এনে অভিজ্ঞতাৰ সন্মুখীন হ’বলগীয়া হৈছে বিটিআৰ প্রশাসনো৷ গতিকে বিটিচি চৰকাৰে প্রথমবাৰৰ বাবে এই কথাটো উপলব্ধি কৰিছে যে বিটিআৰ অঞ্চলত বসবাস কৰা ২৬টা জনগোষ্ঠীৰ আশা–আকাংক্ষাক বাস্তৱায়িত কৰিব নোৱাৰিলে দীর্ঘদিনীয়া সংগ্রামৰ পাছত লাভ কৰা স্বায়ত্তশাসন সঠিকভাৱে চলাই থকাটো সম্ভৱ নহ’ব৷ গতিকে এই জাতি–জনগোষ্ঠীসমূহ আশা–আকাংক্ষাক উপলব্ধি কৰিবলৈ চেষ্টা চলাইছে বিটিচি চৰকাৰে৷ ইতিমধ্যে বিটিচি প্রশাসনৰ মুৰব্বী প্রমোদ বড়োৱে দীর্ঘদিন ধৰি অঞ্চলটোৰ বিভিন্ন জাতি–জনগোষ্ঠীৰ হা–হুমুনিয়াহ উপলব্ধি কৰাৰ চেষ্টা চলোৱা বুলি ঘোষণা কৰিছে৷ আনুষ্ঠানিকভাৱে ৩০ ডিচেম্বৰত এই কমিউনিটী ভিজন ডকুমেণ্ট গুৱাহাটীৰ প্রাগ্জ্যোতি সাংস্কৃতিক প্রকল্পত প্রকাশ কৰাৰ পাছতে বিষয়টোক বিদ্বৎমহলে গুৰুত্বসহকাৰে লৈছে৷ লক্ষণীয়ভাৱে সংশ্লিষ্ট জাতি–জনগোষ্ঠীসমূহ হাতত এই ভিজন ডকুমেণ্ট অর্পণ কৰাও হৈছে৷ অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য মুখ্য অতিথি হিচাপে থকাৰ উপৰি ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও মন্ত্রী তথা বিটিচি প্রশাসনৰ বিষয়ববীয়াসকল উপস্থিত থকা পৰিলক্ষিত হয়৷ অকল সেয়াই নহয়, বিটিআৰৰ বিভিন্ন জনগোষ্ঠীক প্রতিনিধিত্ব কৰা ৭০টা সংগঠনৰ প্রতিনিধি তথা অসম চৰকাৰৰ উচ্চপদস্থ বিষয়া, শিক্ষানুষ্ঠানৰ মুৰব্বী, জ্যেষ্ঠ সাংবাদিককে ধৰি বিশিষ্ট ব্যক্তিসকলে এই অনুষ্ঠানত অংশগ্রহণ কৰে৷ বিদায়ী বর্ষটোৰ শেষ লগ্ণত নিঃসন্দেহে এয়া এক আশাৰ বতৰা৷ যদি প্রত্যাশিতভাৱে বিটিচি প্রশাসনে বিটিআৰ অঞ্চলত বসবাস কৰা বিভিন্ন জাতি–জনগোষ্ঠীৰ মাজত মতানৈক্য আৰু অসন্তুষ্টিৰ অৱসান ঘটাবলৈ সক্ষম হয়, তেন্তে ভৱিষ্যতে এই পথ হ’ব সমগ্র উত্তৰ–পূবৰ লগতে দেশবাসীৰ বাবে পাথেয়৷ যদি এটা স্বায়ত্তশাসিত অঞ্চলৰ অভ্যন্তৰত থকা অন্য জাতি–জনগোষ্ঠীৰ আশা–আকাংক্ষাক উপলব্ধি কৰি এনে ধৰণৰ গুৰুত্বপূর্ণ নথি প্রকাশৰ জৰিয়তে তাক পর্যালোচনা আৰু বাস্তৱায়িত কৰাৰ লক্ষ্য নির্ধাৰণ ফলপ্রসূ হিচাপে চিহ্ণিত হয়, তেন্তে ভৱিষ্যৎ দিনত সমগ্র দেশৰ বাবে এয়া এক নিদর্শন স্বৰূপ হৈ পৰিব৷ এই বার্তা বিটিআৰ অঞ্চলৰ পৰা বিয়পি পৰিব দেশৰ বিভিন্ন প্রান্তলৈ৷ গতিকে নৱবর্ষৰ প্রথমটো দোকমোকালিত বিটিআৰ প্রশাসনে যি উপহাৰ দিছে তাক গভীৰ প্রত্যাশাৰে আগবঢ়াই নিয়াৰ বাবে সকলো জাতি–জনগোষ্ঠী বদ্ধপৰিকৰ হোৱা উচিত৷ ই এক শান্তিপূর্ণ আৰু সুশৃংখলিত অসমৰ ৰূপকাৰ হৈ পৰাৰ সম্ভাৱনা প্রবল৷