নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : ভাৰত-চীন সীমা সংঘাত আৰু অৰুণাচল

ভাৰত আৰু চীনৰ মাজত সীমান্ত বিবাদৰ ইতিহাস বহুদিনীয়া৷ বিশেষকৈ অৰুণাচল প্রদেশৰ ওপৰত চীন কৰি অহা দাবী আৰু তাৰ প্রত্যুত্তৰত ভাৰতে প্রকাশ কৰা স্থিতিয়েও এই বিবাদক সমাপ্ত কৰিব পৰা নাই৷ জৱাহৰলাল নেহৰুৱে অসমক ভাৰতৰ পৰা বিদায় দিলেও ভাৰতে সদায়েহ মানি আহিছে যে অৰুণাচল প্রদেশ ভাৰতৰ অবিচ্ছেদ্য অংশ৷ চীনৰ দাবীক অস্বীকাৰ কৰা ভাৰতৰ এই ঐতিহাসিক দাবী অতি প্রবল৷ ১৯১৪ চনত মেকমোহন ৰেখাৰ দ্বাৰা অৰুণাচল প্রদেশৰ সীমা নির্ধাৰণ কৰা হৈছিল আৰু এহ সীমাক ভাৰতে বৈধ হিচাপে সন্মান প্রদর্শন কৰি আহিছে৷ মেকমোহন ৰেখা সংলগ্ন অঞ্চলসমূহত ভাৰতৰ সক্রিয় উপস্থিতি আৰু স্থানীয় জনগোষ্ঠীৰ সমর্থনেই ভাৰতৰ ঐতিহাসিক দাবীক সুৰক্ষা প্রদান কৰে৷ কিন্তু চীনে সময়ে সময়ে অৰুণাচলক নিজৰ ধৰণে নামকৰণ কৰা, অৰুণাচলক চীনৰ অংশ হিচাপে প্রতিপন্ন কৰিব পৰা বাক্ধাৰা সৃষ্টিৰ চেষ্টা কৰা কাম চলি আহিছে৷ এই কামেৰে আন্তর্জাতিক মনোযোগ আকর্ষণ কৰাৰ চেষ্টা কৰি আহিছে৷ লগতে ভাৰতৰ ওপৰত একোটা চাপ সৃষ্টি কৰাৰো চেষ্টা কৰিছে৷ অৱশ্যে এনেবোৰ কামে ভাৰতৰ স্থিতিত কোনো ধৰণৰ চাপ পেলাব পৰা নাই৷ চীনে অৰুণাচলৰ নতুন নামকৰণ কৰিবলৈ কৰা চেষ্টাক ভাৰতে নিয়মিতভাৱে অস্বীকাৰ কৰি আহিছে৷ চীনে যিমানেই চেষ্টা নকৰক কিয়, এনেবোৰ কামে অৰুণাচল প্রদেশক ভাৰতৰ অংশ হৈ থকাৰ বাস্তৱতাক পৰিৱর্তন কৰিব নোৱাৰে৷ পুনৰ নামকৰণৰ কাৰণে চীনে উত্থাপন কৰি অহা দাবীয়ে আন্তঃৰাষ্ট্রীয় সঁহাৰি বা মনোযোগ লাভ কৰা নাই৷ এই দিশত ভাৰতৰ অৱস্থান স্থিতিশীল আৰু সদায় সজাগ৷ কিন্তু ভাৰতত থকা কিছুসংখ্যক চীনা সমর্থকে বিভিন্ন প্রচাৰ মাধ্যমৰ যোগে ভাৰতৰ স্থিতিক দুর্বল কৰাৰ প্রয়াস কৰি আহিছে৷ চীনে অৰুণাচল অধিকাৰ কৰিব বিচৰা কামটোও চীনৰ ভুল নাছিল বুলি এই সমর্থকসকলে কোৱাৰ চেষ্টা কৰে৷ ৰামায়ণৰ সময়ত ঘৰ বিভীষণ শ্রীলংকাত আছিল, বর্তমান কালত ভাৰতত আছে৷ চীনৰ প্রচাৰ কৰিবলৈ ভাৰতত ব্যস্ত থকা লোকসকলৰ আন্তঃৰাষ্ট্রীয় সম্পর্ক চৰকাৰে নিৰীক্ষণ কৰাটো উচিত৷
এটা কথা ঠিক যে ভাৰতৰ উত্তৰ–পূবৰ সীমামূৰীয়া ৰাজ্যকেইখনে কেন্দ্রৰ পৰা পাবলগীয়া মনোযোগ ২০১৪ চনৰ আগলৈকে পোৱা নাছিল৷ নেহৰুৱে বিদায় দিব বিচাৰিলেও আজিৰ ভাৰতে এই কথা মানি নলয় আৰু অৰুণাচল যে ভাৰতৰ অংগ, সেই কথাক সামাজিক বিশ্বাসলৈ ৰূপান্তৰিত কৰিবলৈ চৰকাৰে অৰুণাচল প্রদেশত পৰিকাঠামো ডন্নয়ন অব্যাহত ৰাখিছে৷ চেলা টানেলৰ দৰে প্রকল্পসমূহে ৰাজ্যখনৰ যোগাযোগ ব্যৱস্থাক উন্নত কৰিছে আৰু স্থানীয় জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰাত সহায় আগবঢ়াইছে৷ এনে কামে অকল সামৰিক প্রয়োজন পূৰণ কৰাই নহয়, অঞ্চলটোৰ অর্থনৈতিক আৰু সামাজিক বিকাশৰো অংশীদাৰী হৈ উঠিছে৷ একে সময়তে ভাৰতে সীমান্তত শক্তিশালী সামৰিক বাহিনীৰ উপস্থিতি নিশ্চিত কৰিছে৷ ভাৰত ভূ–খণ্ডৰ অখণ্ডতা ৰক্ষাৰ বাবে এহ সেনা বাহিনীৰ উপস্থিতি অতি প্রয়োজন৷ সীমান্ত এলেকাৰ সুৰক্ষা আৰু চীনৰ সম্ভাব্য প্রৱেশ প্রতিহত কৰাৰ বাবে প্রয়োজনীয়৷ সেনাৰ শক্তিশালী ডপস্থিতিক সকলো ধৰণে সহায় কৰিবলৈ অঞ্চলটোৰ যাতায়াত ব্যৱস্থাৰ উন্নতি সাধন কৰা হৈছে৷ অৰুণাচল ফ্রণ্টিয়াৰ হাইৱেৰ ডন্নয়ন পৰিকল্পনাৰ পৰা আৰম্ভ হৈ সীমান্তৰ পৰিকাঠামো ডন্নত কৰি সংযোগ নিশ্চিত কৰা হৈছে৷ এই উন্নয়নৰ কামে যে অকল সীমান্তৰ সুৰক্ষাৰ বাবে ব্যস্ত সামৰিক বাহিনীকে সহায় কৰিছে এনে নহয়, স্থানীয় জনসাধাৰণৰ জীৱন ধাৰণৰ মান ডন্নত কৰাত সহায় কৰিছে৷ অৰুণাচলক চীনৰ আগ্রাসী হাতোৰাৰ পৰা ৰক্ষা কৰাটো ভাৰতৰ স্বাভিমান আৰু সামৰিক শক্তি দুয়ো দিশৰ পৰা গুৰুত্বপূর্ণ৷ এই কামটো কৰোঁতে চৰকাৰে লোৱা বিভিন্ন আঁচনিয়ে মূল উদ্দেশ্য পূৰণ কৰাৰ লগতে অঞ্চলটিৰ সার্বিক উন্নয়নৰ গতিও দ্রুত কৰি তুলিছে৷ চীনৰ দাবী প্রতিহত কৰাৰ বাবে প্রদর্শন আৰু কার্যকৰী কৰা এহ দৃঢ়তাই আন্তর্জাতিক প্রেক্ষাপটত ভাৰতক অধিক শক্তিমান ৰূপত প্রতিষ্ঠিত কৰিছে৷ এহ সকলো কৌশল আৰু পদক্ষেপে ভাৰতৰ অখণ্ডতা ৰক্ষাত সহায় কৰিছে আৰু একে সময়তে অৰুণাচল প্রদেশৰ সুৰক্ষা আৰু সামাজিক বিকাশৰ ক্ষেত্রত শক্তিশালী সহযোগৰ প্রমাণ দাঙি ধৰিছে৷

You might also like