সম্পাদকীয় : সংসদত সুৰুঙা
কঠোৰ নিৰাপত্তা ব্যৱস্থাক ভেঙুচালি কৰি বুধবাৰ অর্থাৎ ১৩ ডিচেম্বৰত দুজন যুৱকে সংসদত কৰা দুষ্কার্যটোৱে দেশখনৰ সকলো শ্রেণীৰ সকলোকে উদ্বিগ্ন কৰি তুলিছে৷ সংসদৰ অধিৱেশন চলাকালীন সময়তে যদি তেনে ধৰণৰ কাণ্ড সংঘটিত হয়, বুজিব লাগিব যে সংসদৰ নিৰাপত্তা ব্যৱস্থাটো ভুল মানুহৰ হাতত আছে৷ গণতন্ত্রৰ পৱিত্র মন্দিৰটোৰ নিৰাপত্তা, জনপ্রতিনিধিৰ সুৰক্ষাক লৈ তেওঁলোক অলপো গহীন নহয়৷ দায়িত্বশীল নহয়৷ এনে ধৰণৰ লোকেৰে ঘেৰি থকা নিৰাপত্তা ব্যৱস্থাটোৰ চৰকাৰে কঠোৰভাৱে পর্যালোচনা কৰাৰ প্রয়োজন আছে৷ এজন এজনকৈ তেনে লোকক বাছি উলিয়াই আইনৰ হাতত তুলি দিয়াৰো প্রয়োজন আছে৷ সংসদৰ ভিতৰত প্রৱেশ কৰা লোক দুজনৰ ডদ্দেশ্য যিয়েই নহওক, কথা প্রতিবাদৰেই নহওক কিয়, সংসদৰ নিৰাপত্তা ব্যৱস্থাটোক পানী নসৰকা কৰিবই লাগিব৷ নিৰাপত্তাৰ দায়িত্বত থকা আঠজন লোকক ইতিমধ্যে চাকৰিৰ পৰা নিলম্বন কৰা হৈছে৷ কেউজন লোক সংসদ ভৱনৰ প্রৱেশ পথত কর্তব্যৰত আছিল৷ অর্থাৎ তেওঁলোকৰ অৱহেলাৰ বাবেই সদনৰ ভিতৰলৈ দুজন লোকে স্ম’ক বোমা লৈ যাবলৈ সক্ষম হ’ল৷ সৌভাগ্যক্রমে স্ম’ক বোমাৰ পৰা নির্গত হালধীয়া ধোঁৱা বিষাক্ত অথবা প্রাণঘাতী নাছিল৷ তেনে ধৰণৰ মাৰাত্মক ৰাসায়নিক পদার্থ মিহলি থকাহেঁতেন সংসদ ভৱনৰ ভিতৰত কেনে ধৰণৰ বিনাশলীলা সংঘটিত হ’লহেঁতেন, সেয়া কল্পনাৰো অগোচৰ৷ দেশৰ সংসদৰ নিৰাপত্তা ব্যৱস্থাটোত এনে ধৰণৰ সুৰুঙা থকাটো ভাবিবই নোৱাৰি৷ ঘটনাটোৰ ২৪ ঘণ্টা পিছত আজি বৃহস্পতিবাৰে প্রধানমন্ত্রী নৰেন্দ্র মোদী, গৃহমন্ত্রী অমিত শ্বাহকে ধৰি কেইবাগৰাকী মন্ত্রী মিলিত হৈ সংসদৰ সুৰক্ষা ব্যৱস্থাটোৰ পুনৰীক্ষণ কৰিছে৷ সেই দিনটো আহিবই নালাগিছিল৷ সংসদৰ সুৰক্ষা ব্যৱস্থাটোৰ পর্যালোচনা বিষয়া পর্যায়তে সম্পন্ন হ’ব লাগিছিল৷
সংসদত যিটো দিনত অঘটনটো সংঘটিত হ’ল, দিনটোৰ সৈতে সংসদৰ ক’লা দিন এটা জড়িত হৈ আছে৷ ২০০১ চনৰ ১৩ ডিচেম্বৰতে পাকিস্তানী সন্ত্রাসবাদীয়ে সংসদ ভৱন আক্রমণ কৰিছিল৷ দিনটোৱে এটুকুৰা কেঁচা ঘাৰ দৰে ভাৰতবাসীক আজিও পীড়া দি আহিছে৷ ঘা টুকুৰাত নিমখ সানিবলৈ প্রতিবছৰে ১৩ ডিচেম্বৰত সন্ত্রাসবাদীয়ে সংসদত কিবা নহয় কূটাঘাত কৰিবলৈ অপচেষ্টা চলায়৷ সস্তম–সতর্ক চোৰাংচোৱাই আগতীয়াকৈ সেই তথ্য লাভ কৰি চৰকাৰক প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰিবলৈ আগীয়াকৈ সতর্ক কৰি দিয়ে৷ তদুপৰি ১৩ ডিচেম্বৰ আহিলে চৰকাৰে সতর্কতামূলক ব্যৱস্থা আগতীয়াকৈয়েই গ্রহণ কৰে৷ অর্থাৎ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হয়৷ এইবাৰ ১৩ ডিচেম্বৰত খালিস্তানী ডগ্রপন্থী নেতা গুৰপতৱন্ত সিং পন্নুৱে সংসদ আক্রমণ কৰিব বুলি আগতীয়াকৈ সকীয়াই দিছিল৷ এই সকীয়নি সংসদৰ নিৰাপত্তা ব্যৱস্থাৰ প্রতি আছিল চূডান্ত ভাবুকি আৰু উপলুঙা৷ অন্ততঃ তালৈ চাই চৰকাৰে ১৩ ডিচেম্বৰৰ প্রেক্ষাপটত নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰিব লাগিছিল৷ সেয়া কৰাও হৈছিল৷ দিনটোত অথবা তাৰে আগে–পিছে কিবা এটা হ’ব বুলি দিল্লী আৰক্ষী আৰু সুৰক্ষা সংস্থাসমূহে আশংকাও কৰিছিল৷ সংসদৰ বাহিৰে সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰা হৈছিল৷ পেট্ৰ’লিঙৰ বাবে নতুন দিল্লীৰ দহখন থানাক অতিৰিক্ত চাৰিখনকৈ বাইক দিয়া হৈছিল৷ সংসদৰ নিৰাপত্তাৰ সৈতে জড়িত সকলোকে সতর্ক কৰি দিয়া হৈছিল৷ তথাপি সংসদ অভেদ্য নাথাকিল৷ ইয়াৰ এটা সুব্যৱস্থা হ’বই লাগিব৷