নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : নিউক্লিয়াৰ ব্লেকমেইলিং

পেহেলগামত পাক সন্ত্রাসবাদীয়ে চলোৱা নৰসংহাৰৰ প্রতিশোধ হিচাপে ভাৰতীয় সেনাই পাকিস্তান আৰু পাক অধীকৃত কাশ্মীৰৰ নিষিদ্ধ সন্ত্রাসবাদীৰ ৯টা ঘাটিত আকাশী মার্গেৰে আক্রমণ

সম্পাদকীয় : নিউক্লিয়াৰ ব্লেকমেইলিং

ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতি সম্পন্ন হোৱাৰ পাছতে নিউক্লিয়াৰ ব্লেকমেইলিং চর্চাৰ বিষয় হৈ উঠিছে৷ পেহেলগামত পাক সন্ত্রাসবাদীয়ে চলোৱা নৰসংহাৰৰ প্রতিশোধ হিচাপে ভাৰতীয় সেনাই পাকিস্তান আৰু পাক অধীকৃত কাশ্মীৰৰ নিষিদ্ধ সন্ত্রাসবাদীৰ ৯টা ঘাটিত আকাশী মার্গেৰে আক্রমণ চলায়৷ সন্ত্রাসবাদী শিবিৰ ভাৰতীয় সেনাৰ আক্রমণত সম্পূর্ণৰূপে বিধ্বস্ত হোৱাত পাকিস্তানে ভাৰতৰ ওপৰত মিছাইল আৰু ড্রোনেৰে আক্রমণ চলায়৷

ভাৰতীয় সেনাই পাকিস্তানী সেনাৰ এই আক্রমণ ব্যর্থ কৰি প্রত্যাক্রমণ কৰাত পাকিস্তানৰ বায়ু সেনাৰ ঘাটি, ক্ষেপণাস্ত্র প্রতিৰক্ষা ব্যৱস্থা বিধ্বস্ত কৰে৷ তদুপৰি পাকিস্তানৰ বিভিন্ন সামৰিক ঘাটিৰ ওপৰত আক্রমণ চলায়৷ ইয়াৰ পাছতে পাকিস্তানে ভাৰতে পৰমাণু ঘাটিত আক্রমণৰ অভিযোগ তুলি ভাৰতৰ ওপৰত পাৰমাণৱিক অস্ত্র প্রয়োগৰ চর্চা চলায়৷ ভাৰতে পাকিস্তানৰ এই চর্চাক একাষৰীয়া কৰি আক্রমণেৰে দেশখনৰ বায়ু সেনাৰ ঘাটি ধূলিসাৎ কৰে৷ ইপিনে পাকিস্তানৰ আহ্বানত ভাৰতে যুদ্ধবিৰতি মানি লয়৷ ইয়াৰ পাছতেই ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে পাকিস্তানে নিউক্লিয়াৰ ব্লেকমেইলিং কৰা বুলি অভিযোগ কৰি কোনো কাৰণতে নিউক্লিয়াৰ ব্লেকমেইলিঙক লৈ ভাৰতে শংকা নকৰে বুলি উল্লেখ কৰি পাকিস্তানৰ সন্ত্রাসবাদীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখাৰ হুমকি দিয়ে৷

ইয়াৰ লগে লগে নিউক্লিয়াৰ ব্লেকমেইলিং চর্চাৰ মাজলৈ আহে৷ কথাটো হ’ল দুখন পাৰমাণৱিক শক্তিসম্পন্ন দেশৰ মাজত যুদ্ধ লাগিলে এই অস্ত্র প্রয়োগৰ সম্ভাৱনা থাকে, যদিওবা এই অস্ত্র প্রয়োগৰ ক্ষেত্রত নিষেধজ্ঞা আছে৷ বিশ্বৰ মাত্র কেইখনমান উন্নত দেশৰ হাততহে পাৰমাণৱিক অস্ত্র আছে আৰু এই অস্ত্রই দেশখনক শক্তিশালী কৰি তুলিছে৷ কার্যতঃ যুদ্ধৰ সময়ত এনে দেশে নিউক্লিয়াৰ ব্লেকমেইলিং কৰা দেখা যায়৷ ইউক্রেনৰ ওপৰত ৰাছিয়াই আক্রমণ কৰাৰ পাছত আমেৰিকা যুক্তৰাষ্ট্র,পাশ্চাত্যৰ দেশসমূহে ইউক্রেনক সহায়ৰ বাবে আগবাঢ়ি আহোঁতে ৰছিয়াই প্রয়োজন সাপেক্ষে পৰমাণু অস্ত্র ব্যৱহাৰৰ ভাবুকি দিছিল৷

ইয়ো এক ধৰণৰ ৰাছিয়াৰ ব্লেকমেইলিং বুলি ক’ব পাৰি৷ পৰমাণু অস্ত্র ব্যৱহাৰ নকৰাৰ বাবে বিশ্বৰ দেশসমূহে অংগীকাৰবদ্ধ হোৱাৰ পাছতো দ্রুতগতিত বিশ্বৰ দেশে দেশে পৰমাণু অস্ত্র নির্মাণ হৈ আছে৷ ‘দ্য গার্ডিয়ান’ত প্রকাশ পোৱা তথ্য মতে, বিশ্বত সম্প্রতি ১২,৫১২টা পৰমাণু অস্ত্র আছে৷ ইয়াৰে ভিতৰত ৯,৫৭৬টা ব্যৱহাৰৰ উপযুক্ত হৈ আছে৷ যিকোনো মুহূর্ততে এই অস্ত্রসমূহ সামৰিক বাহিনীয়ে প্রয়োগ কৰিব পৰা অৱস্থাত সাজু হৈ আছে৷ ‘দ্য ষ্টকহ’ম ইণ্টাৰনেচনেল পীচ ৰিছার্চ ইন ইনষ্টিটিউট’ চমুকৈ এছআইপিআৰআইৰ তথ্য মতে বিশ্বত মজুত হৈ থকা ১২ হাজাৰৰো অধিক পৰমাণু অস্ত্রৰ ভিতৰত ৩,৮৪৪টা অস্ত্র মিছাইল কিম্বা বিমানৰ জৰিয়তে নিক্ষেপ কৰিব পাৰি৷ এই অস্ত্রৰ ভিতৰত ৮৬টা একেবাৰে নতুন৷

সাম্প্রতিক সময়ত উন্নত প্রযুক্তি ব্যৱহাৰ কৰি এই ৮৬টা নতুন পৰমাণু অস্ত্র নির্মাণ কৰা হৈছে৷ তাৎপর্যপূর্ণ যে ৮৬টা নতুন পৰমাণু অস্ত্রৰ ভিতৰত চীনৰ হাতত মজুত আছে ৬০টা৷ অর্থাৎ নতুন পাৰমাণৱিক অস্ত্রৰ ভিতৰত সবাতোকৈ শক্তিশালী হিচাপে চীনে নিজৰ স্থান দখল কৰিছে৷ নতুন অস্ত্রৰ ভিতৰত ৰাছিয়াৰ হাতত ১২টা, পাকিস্তানৰ হাতত ৫টা, উত্তৰ কোৰিয়াৰ হাতত ৫টা আৰু ভাৰতৰ হাতত চাৰিটা আছে৷ ২০২৩ চনৰ জানুৱাৰী মাহৰ পৰিসংখ্যা অনুসৰি বিশ্বৰ পৰমাণু অস্ত্র অধিক থকা দেশৰ ভিতৰত ৰাছিয়া শীর্ষত আছে৷

ৰাছিয়াৰ পৰমাণু অস্ত্রৰ ভাণ্ডাৰ সবাতোকৈ বেছি৷ বর্তমান ৰাছিয়াৰ হাতত আছে ৪,৪৮৯টা যুদ্ধত ব্যৱহাৰ কৰিব পৰা পৰমাণু অস্ত্র৷ ৰাছিয়াৰ পাছত আমেৰিকা যুক্তৰাষ্ট্রৰ হাতত আছে ৩,৭০৮টা পৰমাণু অস্ত্র৷ তথ্য মতে বিশ্বৰ পৰমাণু অস্ত্র ভাণ্ডাৰৰ ৯০ শতাংশই আছে ৰাছিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্রৰ হাতত৷ বিশ্বৰ তৃতীয় বৃহত্তম পৰমাণু অস্ত্র শক্তিধৰ দেশ হৈছে চীন৷ চীনৰ হাতত মজুত আছে ৪১০টা পৰমাণু অস্ত্র৷ যোৱা জানুৱাৰী মাহত চীনৰ হাতত আছিল ৩৫০টা পৰমাণু অস্ত্র৷ এবছৰৰ ভিতৰতেই দেশখনৰ পৰমাণু অস্ত্র ৪১০টালৈ বৃদ্ধি পাইছে৷ ফ্রান্স আৰু গ্রেট ব্রিটেইনৰ হাতত আছে ক্রমে ২৯০ আৰু ২২৫টা পৰমাণু অস্ত্র৷

শেহতীয়া তথ্য মতে ব্রিটেইনৰ পৰমাণু অস্ত্রৰ পৰিমাণ ২২৫ৰ পৰা ২৬০লৈ বৃদ্ধি হৈছে৷ বিশ্বৰ ৰাজনীতিৰ প্রতি লক্ষ্য ৰাখি দেশসমূহৰ মাজত থকা অস্ত্রৰ ভাণ্ডাৰ প্রত্যেকখন দেশেই গোপন কৰি ৰাখিছে৷ অর্থাৎ বিশ্বৰ দেশসমূহৰ মাজত থকা পৰমাণু অস্ত্রৰ সংখ্যা বর্ধিত হ’ব পাৰে৷ ইপিনে দুই চিৰবৈৰী ৰাষ্ট্র ভাৰত–পাকিস্তানৰ মাজত সামৰিক শক্তি বৃদ্ধিৰ প্রতিদ্বন্দ্বিতা হৈ থকাৰ বাবে পৰমাণু অস্ত্র বৃদ্ধিৰ প্রতিও গুৰুত্ব দিয়া হৈছে৷ পাকিস্তানৰ হাতত ১৭০টা পৰমাণু অস্ত্র আছে৷ আনপিনে ভাৰতৰ হাতত আছে ১৬৪টা৷ তাৎপর্যপূর্ণভাৱে ভাৰতৰ তুলনাত পাকিস্তানৰ পৰমাণু অস্ত্র বেছি৷ বিশ্বৰ পৰমাণু অস্ত্র থকা দেশৰ তালিকাত ভাৰতৰ স্থান সপ্তম৷ ইজৰাইলৰ হাতত ৯০টা আৰু উত্তৰ কোৰিয়াৰ হাতত ৩০টা পৰমাণু অস্ত্র আছে৷

এছআইপিআৰআইয়ে প্রকাশ কৰা মতে সংশ্লিষ্ট দেশসমূহৰ তথ্যৰ আধাৰত পৰমাণু অস্ত্রৰ ভাণ্ডাৰ প্রকাশ কৰা হৈছে যদিও এই সংখ্যাৰ তাৰতম্য হ’ব পাৰে৷ আনপিনে ২০৩৫ চনৰ ভিতৰত চীনে অস্ত্র ভাণ্ডাৰ বৃদ্ধি কৰি ১৫০০লৈ বর্ধিত কৰিব৷ চীনে দেশখনৰ ভূগর্ভত পৰমাণু অস্ত্র নির্মাণ কৰা আৰম্ভ কৰিছে৷ বিশ্বৰ দেশসমূহৰ মাজত পৰমাণু অস্ত্রৰ ভাণ্ডাৰ বৃদ্ধি কৰাৰ প্রৱণতা বিশ্বৰ মানৱ জাতিৰ বাবে শুভ লক্ষণ নহয়৷ কিয়নো মানৱ জাতিয়ে কেতিয়াও নিবিচাৰে পৰমাণু অস্ত্রৰে জাপানৰ হিৰোছিমা, নাগাছাকিৰ দৰে ধ্বংসলীলা৷ বিশ্ব শান্তিৰ বাবে দেশসমূহে পৰমাণু অস্ত্র নির্মাণৰ পৰা আঁতৰি অহা উচিত৷ ভাৰত আৰু পাকিস্তানৰ অঘোষিত যুদ্ধৰ নিউক্লিয়াৰ ব্লেকমেইলিঙৰ যি বাতাৱৰণ সেয়া মানৱ জাতিৰ বাবেই বিপজ্জনক৷ গতিকে কোনো কাৰণতেই পাৰমাণৱিক অস্ত্রক লৈ কোনো দেশে ব্লেকমেইলিং কৰা উচিত নহয়৷

You might also like