নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিউক্লিয়াৰ পাৱাৰ কর্প’ৰেচনত খালী পদ

🔴আবেদনৰ অন্তিম তাৰিখ ১১ আগষ্ট

কেন্দ্রীয় সংস্থা নিউক্লিয়াৰ পাৱাৰ কর্প’ৰেচন অৱ ইণ্ডিয়া লিমিটেডত এপ্রেনটিচ (শিক্ষা নবিচ) পদত নিয়োগ কৰা হ’ব৷ প্রার্থীসকলক এবছৰৰ প্রশিক্ষণ লাভ কৰিব৷ প্রশিক্ষণৰ বাবে প্রার্থীৰ বয়স হ’ব লাগিব ২৪ বছৰ৷ ১৪ বছৰৰ অনূর্ধ্ব প্রার্থীসকলৰ আবেদন গ্রহণ কৰা নহ’ব৷ ২০২৩ চনৰ ১১ আগষ্টৰ সময়সীমাৰ নিৰিখত প্রার্থীৰ বয়স নির্ধাৰণ কৰা হ’ব৷ অৱশ্যে যিসকল প্রার্থীয়ে এপ্রেনটিচশ্বিপ এক্ট ১৯৬১ৰ অধীনত পূর্বে অথবা বর্তমান প্রশিক্ষণ গ্রহণ কৰি আছে, তেওঁলোকে এই পদত আবেদন কৰিব নোৱাৰিব৷ ফিটাৰ, টার্নাৰ, মেকানিষ্ট, ইলেক্ট্রিচিয়ান, ইলেক্ট্রনিক মেকানিক, ৱেল্ডাৰ আৰু কম্পিউটাৰ অপাৰেটৰ এণ্ড প্রগ্রেমিং এছিছটেণ্ট পদত ১০৭গৰাকী প্রার্থীক নিয়োগ কৰা হ’ব৷ প্রার্থীসকলৰ আইটিআই উত্তীর্ণ হোৱাৰ প্রমাণ–পত্র থাকিব লাগিব৷ নিয়োগৰ ক্ষেত্রত এই প্রমাণ–পত্র, শিক্ষাগত অর্হতা, পেছাদাৰী অভিজ্ঞতাৰ লগতে থাকিব লাগিব নির্দিষ্ট শাৰীৰিক পৰিমাপ আৰু শাৰীৰিক সক্ষমতা৷ প্রার্থীসকলক ৰাজস্থান কেন্দ্রৰ ৰাৱাটভাতাত প্রশিক্ষণ দিয়া হ’ব৷ প্রার্থীসকলক শিক্ষাগত অর্হতা আৰু আইটিআই উত্তীর্ণ প্রমাণ–পত্রৰ ভিত্তিত নিয়োগ কৰা হ’ব৷ তেওঁলোকে অনলাইনত এখন প্র–পত্র পূৰণ কৰি আবেদন জনাব লাগিব৷ আবেদনৰ প’র্টেল ১২ জুলাইৰ পৰা আৰম্ভ হৈছে৷ আবেদনৰ শেষ দিন ১১ আগষ্ট৷

You might also like