নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : প্রাণচঞ্চল বর্ষাপাৰা

এতিয়া বিশ্বকাপৰ পিছতে বিশ্ব ক্রিকেটত আটাইতকৈ জনপ্রিয় ক্রীড়া প্রতিযোগিতা হৈছে ইণ্ডিয়ান প্রিমিয়াৰ লীগ (আইপিএল)৷ এই প্রতিযোগিতাখনে ইতিমধ্যে সমগ্র বিশ্বৰ অনুৰাগীসকলক আকর্ষিত কৰিবলৈ সক্ষম হৈছে৷ প্রতিবছৰে প্রায় ৩ মাহ ধৰি অনুষ্ঠিত হয় আইপিএল৷ এইবাৰো ইয়াৰ ব্যতিক্রম হোৱা নাই৷ দেশ–বিদেশৰ ক্রিকেটাৰৰ আকর্ষণীয় যুঁজে ক্রিকেট অনুৰাগীসকলকো মুগ্ধ কৰিছে৷ ইতিমধ্যে সমগ্র দেশৰ ক্রিকেট অনুৰাগী ক্রিকেট জ্বৰত আক্রান্ত হৈছে৷ গুৱাহাটীৰ লগতে অসম তথা উত্তৰ–পূর্বাঞ্চলৰ ক্রিকেটপ্রেমীকো আক্রান্ত কৰিছে আইপিএলৰ জ্বৰে৷ অসমত আইপিএলৰ এনে জনপ্রিয়তাৰ অন্যতম কাৰণ হৈ পৰিছে বর্ষাপাৰাস্থিত অসম ক্রিকেট সন্থাৰ (এচিএ) ক্রিকেট ষ্টেডিয়াম৷ আইপিএলৰ অন্যতম ফ্রেনচাইজী ৰাজস্থান ৰয়েলছৰ হোমগ্রাউণ্ড হিচাপে গ্রহণ কৰা হৈছে বর্ষাপাৰা ক্রিকেট ষ্টেডিয়ামক৷ এইখন ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছৰ মেচ অনুষ্ঠিত হোৱাৰ লগে লগে অসম তথা উত্তৰ–পূর্বাঞ্চলৰ ক্রিকেটপ্রেমীৰ আগ্রহ অধিক বৃদ্ধি পাইছে৷ ইয়াৰ উপৰি অসম সন্তান ৰিয়ান পৰাগৰ ৰাজস্থান ৰয়েলছ দলৰ অন্যতম মুখ্য খেলুৱৈৰূপে উত্থান ঘটাৰ ফলত ৰাজস্থান দলটো অসমৰ নিজা ক্রিকেট দলৰ নিচিনা হৈ পৰিছে৷ এইবাৰো আইপিএলৰ দুখন মেচ আয়োজনৰ দায়িত্ব লাভ কৰিছে৷ ইতিমধ্যে যোৱা ১৫ মে’ত প্রথমখন মেচ বর্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হৈছে৷ এইখন মেচত ৰাজস্থান ৰয়েলছ পৰাজিত হ’লেও খেল চাবলৈ অহা দর্শকেৰে বিৰ দি বাট নোপোৱা হৈছে৷ পৰাজিত হ’লেও খেলখনত ৰিয়ানে দর্শনীয় প্রদর্শন দাঙি ধৰিছে৷ ৰাজস্থানৰ হৈ মেচখনত ৰিয়ানে সর্বাধিক ৪৮ ৰান কৰিবলৈ সক্ষম হৈছে৷ কেৱল এয়াই নহয়, চলিত আইপিএলত বেটাৰ হিচাপে সম্পূর্ণৰূপে পৰিপক্ব হৈ উঠিছে৷ আনকি প্রথম অৱস্থাত তেওঁ শীর্ষ ৰান সংগ্রহকাৰীৰ তালিকাত এক নম্বৰ স্থানতো আছিল৷ ৰিয়ানৰ দৃষ্টিনন্দন বেটিঙে বিশেষজ্ঞসকলৰো দৃষ্টি আকর্ষণ কৰিছে৷ প্রাক্তন ক্রিকেটাৰসকলৰো চর্চাৰ মাজলৈ আহিছে অসম সন্তানগৰাকী৷

আচলতে যিকোনো খেলৰ উন্নতিৰ হকে পর্যাপ্ত আন্তঃগাঁথনিৰ অতিশয় প্রয়োজন৷ সৌসিদিনালৈ আন্তর্জাতিক ক্রিকেটৰ বাবে কেৱল নেহৰু ষ্টেডিয়ামৰ ওপৰতে নির্ভৰশীল হ’বলগীয়া হৈছিল৷ অথচ সেইখন কেৱল ক্রিকেটৰে নহয়, ফুটবলৰ লগতে অন্য খেলসমূহো অনুষ্ঠিত কৰাৰ অন্যতম স্থান আছিল৷ সেইবাবেই এখন আন্তর্জাতিক মানৰ ক্রিকেট ষ্টেডিয়াম অসমবাসীৰ বাবে আছিল এক এৰাব নোৱাৰা অভাৱ৷ সেই অভাৱ পূৰণ হয় প্রায় এটা দশক পূর্বে৷ ২০১২ চনত গুৱাহাটীৰ বর্ষাপাৰাত প্রতিষ্ঠা কৰা হয় অসম ক্রিকেট সন্থাৰ এখন নিজা ষ্টেডিয়াম৷ সেই সময়ৰ অসম ক্রিকেট সন্থাৰ বিষয়ববীয়া তথা কর্মকর্তাসকলৰ অহোপুৰুষার্থৰ বাবে বর্ষাপাৰাত স্থাপন হয় এখন অত্যাধুনিক আৰু উন্নতমানৰ আন্তর্জাতিক ক্রিকেট ষ্টেডিয়াম৷ ২০১৮ চনৰ ২১ অক্টোবৰত এইখন ষ্টেডিয়ামত প্রথমখন এদিনীয়া আন্তর্জাতিক ক্রিকেট মেচ অনুষ্ঠিত হয়৷ সেই মেচখনত মুখামুখি হৈছিল ভাৰত আৰু ৱেষ্ট ইণ্ডিজ৷ ইয়াৰ পূর্বে ২০১৭ চনৰ ১০ অক্টোবৰত ভাৰত আৰু অষ্ট্রেলিয়াৰ মাজত অনুষ্ঠিত হৈছিল প্রথমখন টি–২০ মেচ৷ ইয়াৰ পৰৱর্তী সময়ছোৱাত প্রায় নিয়মীয়াভাৱে এইখন ষ্টেডিয়ামত আন্তর্জাতিক মেচ আয়োজনৰ দায়িত্ব লাভ কৰি আহিছে অসম ক্রিকেট সন্থাই৷ যোৱা বছৰ ২৮ নৱেম্বৰত বর্ষাপাৰাত অনুষ্ঠিত হৈছে অন্তিমখন টি–২০ মেচ৷ এইখন মেচত ভাৰতৰ প্রতিপক্ষ আছিল অষ্ট্রেলিয়া৷ ২০১৯ চনৰ ৪ আৰু ৯ মার্চত ইয়াত ইংলেণ্ড আৰু ভাৰতৰ মহিলা দলৰ মাজত দুখন আন্তর্জাতিক মেচো অনুষ্ঠিত হৈছে৷ ২০১৭ চনৰ ১০ অক্টোবৰত ষ্টেডিয়ামখন উদ্বোধন কৰিছিল তদানীন্তন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ এইখন ভাৰতৰ ৪৯সংখ্যক আন্তঃৰাষ্ট্রীয় ক্রিকেট ষ্টেডিয়াম৷ তদুপৰি এইখন উত্তৰ–পূর্বাঞ্চলৰ আটাইতকৈ বৃহৎ ক্রিকেট ষ্টেডিয়াম৷ নিয়মীয়াকৈ ৰঞ্জী ট্রফীৰ মেচ আয়োজন কৰি অহা এইখন ষ্টেডিয়ামে আইপিএলৰ মেচ অনুষ্ঠিত কৰাৰ সুযোগ লাভ কৰাৰ লগে লগে ইয়াৰ গুৰুত্ব আৰু মর্যাদা বহু পৰিমাণে বৃদ্ধি পাইছে৷ যোৱা বর্ষৰ এপ্রিলত বর্ষাপাৰাস্থিত ষ্টেডিয়ামখনত প্রথমবাৰৰ বাবে অনুষ্ঠিত হয় আইপিএলৰ মেচ৷ দ্বিতীয়খন গৃহ ষ্টেডিয়ামৰ মর্যাদা লাভ কৰা গুৱাহাটীয়ে ৰাজস্থান ৰয়েলছৰ দুখনকৈ মেচ আয়োজনৰ সুযোগ লাভ কৰে৷ এইবাৰো ইয়াত আয়োজন কৰা হৈছে দুখন মেচ৷ ইয়াৰে এখন মেচ অনুষ্ঠিত হৈছে আৰু কাইলৈ খেলোৱা হ’ব দ্বিতীয়খন মেচ৷ আইপিএলৰ মেচে উত্তৰ–পূর্বাঞ্চলৰ অনুৰাগীক উদ্বুদ্ধ কৰাৰ লগতে প্রাণচঞ্চল কৰিছে বর্ষাপাৰাৰ ষ্টেডিয়ামখন৷

You might also like