নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দক্ষিণ আফ্রিকাৰ টি-২০ বিশ্বকাপ দলক লৈ তীব্ৰ বিতর্ক

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৮ মে’ : ক্রিকেট দক্ষিণ আফ্রিকাই টি-২০ বিশ্বকাপৰ বাবে দল ঘোষণা কৰাৰ পিছতে সমালোচনাৰ সন্মুখীন হৈছে৷ ১৫জনীয়া দলটোৰ একমাত্র কৃষ্ণাংগ ক্রিকেটাৰ হিচাপে স্থান লাভ কৰিছে কাগিছ’ ৰাবাডাই৷ দক্ষিণ আফ্রিকা ক্রিকেট ব’ৰ্ডৰ এই কার্যক লৈ সম্প্রতি বিতর্কৰ সৃষ্টি হৈছে৷ দক্ষিণ আফ্রিকাৰ প্রাক্তন ক্রীড়ামন্ত্রী ফিকিল এমবালুলাহ টি-২০ বিশ্বকাপ দলটোত মাত্র এজন কৃষ্ণাংগ খেলুৱৈক অন্তর্ভুক্ত কৰাৰ বিষয়ক লৈ প্রশ্ন কৰে৷ ক্রিকেট দক্ষিণ আফ্রিকা আৰু আইচিচিৰ প্রাক্তন সভাপতি ৰে মালিও ক্ষুব্ধ হৈ পৰিছে৷ দক্ষিণ আফ্রিকাৰ ক্রিকেটত কৃষ্ণাংগ আৰু শ্বেতাংগৰ সংঘাত নতুন নহয়৷ ব্রিটিছশাসিত দক্ষিণ আফ্রিকাত ক্রিকেটত এসময়ত শ্বেতাংগ লোকৰ আধিপত্য আছিল৷ কৃষ্ণাংগ ক্রিকেটাৰযোগ্য হ’লেও ৰাষ্ট্রীয় দলত সুযোগ দিয়া হোৱা নাছিল৷ বর্ণবৈষম্যৰ বাবে দক্ষিণ আফ্রিকা দীর্ঘদিন ধৰি আন্তঃৰাষ্ট্রীয় ক্রিকেটৰ পৰা নির্বাসিত হৈ আছিল৷ এইবাৰ টি–২০ বিশ্বকাপৰ দলটোত মাত্র এজন কৃষ্ণাংগ খেলুৱৈক স্থান দিয়াক লৈ দেশখনৰ একাংশ ক্রিকেটপ্রেমীৰ প্রশ্ন– দক্ষিণ আফ্রিকাৰ ক্রিকেট পুনৰ সেই অন্ধকাৰ যুগলৈ ঘূৰি যাব নেকি? দক্ষিণ আফ্রিকাৰ নিয়ম অনুসৰি প্রথম একাদশত কমেও দুজন কৃষ্ণাংগ খেলুৱৈৰ প্রয়োজন৷ ইয়াৰ বাহিৰেও চাৰিজন মিক্সড আৰু পাঁচজন শ্বেতাংগ ক্রিকেটাৰৰ সৈতে দল গঠনৰ ব্যৱস্থা কৰা নিয়ম৷ অৱশ্যে সকলো মেচতে প্রথম একাদশত স্থান দখল কৰাৰ কোনো বাধ্যবাধকতা নাই৷ যদি কোনো মেচ বা প্রতিযোগিতা পূৰণ নহয়, তেন্তে অহাবাৰ এই ভাৰসাম্য ৰক্ষাৰ বাবে পদক্ষেপ ল’ব লাগিব৷ ছিজনৰ শেষত ক্রিকেটাৰসকলৰ অংশগ্রহণৰ অনুপাত ২–৪–৫ হিচাপে গণনা কৰা হয়৷ এই অলিখিত নিয়ম ২০১৬ চনৰ পৰা চলি আছে৷ কিন্তু যিহেতু ১৫জনীয়া দলটোত ৰাবাডাৰ বাহিৰে আন কোনো নাই, সেয়েহে টি-২০ বিশ্বকাপত সেই নিয়ম মানি চলাটো সম্ভৱ নহ’ব৷ তীব্র সমালোচনাৰ মাজতে দক্ষিণ আফ্রিকাৰ সীমিত অভাৰ দলটোৰ প্রশিক্ষক ৰব ৱাল্টাৰে মুকলিকৈ কয় যে সময় সলনি হৈছে৷ মোৰ বাবে এটা চেম্পিয়ন দল গঢ়ি তোলা গুৰুত্বপূর্ণ৷ দক্ষিণ আফ্রিকাক গৌৰৱান্বিত কৰিব পৰা এটা দল৷ লক্ষ্যত উপনীত হ’বলৈ আমি শ্রেষ্ঠ দলটো বাছি ল’ব লাগিব৷ যিকেইগৰাকী খেলুৱৈৰ সম্ভাৱনা বেছি সেইসকলক বাছনি কৰা হৈছে৷

You might also like