সম্পাদকীয় : শংকৰদেৱ সংঘৰ প্রাসংগিকতা
শতবর্ষ গৰকিবলৈ আগবঢ়া শ্রীমন্ত শংকৰদেৱ সংঘ নিশ্চিতভাৱে বর্তমান সময়ত উত্তৰ–পূর্বাঞ্চলৰ লগতে দেশৰ ভিতৰতে এক বৃহত্তৰ জাতীয় অনুষ্ঠান৷ ১৯৩০ চনত দুই মহানুভৱ ৰমাকান্ত মুক্তিয়াৰ আৰু হলধৰ ভূঞাৰ অহোপুৰুষার্থৰ ফলত এই মহৎ সংগঠনটোৰ জন্ম হৈছিল৷ এই দুগৰাকী ব্যক্তি আছিল অতিশয় গুণী-জ্ঞানী আৰু গভীৰ আধ্যাত্মিক জ্ঞানসম্পন্ন লোক৷ স্বাধীনতা সংগ্রামী হলধৰ ভূঞাও আছিল এগৰাকী বিশিষ্ট সমাজকর্মী আৰু সমাজ সংগঠক৷ শ্রীমন্ত শংকৰদেৱৰ একশৰণ নাম ধর্মৰ মূল তত্ত্বসমূহ বিশ্লেষণ আৰু প্রচাৰ–প্রসাৰৰ জৰিয়তে জনসমাজত সেইবোৰ প্রচাৰৰ বাবে চেষ্টা চলাই আহিছে এই বৃহৎ সংগঠনটোৱে৷ শ্রীমন্ত শংকৰদেৱ সংঘৰ পৰিসৰে ইতিমধ্যে দেশৰ পৰিধি ভাঙি বিদেশলৈও সম্প্রসাৰিত হৈছে৷ সমগ্র উত্তৰ–পূর্বাঞ্চলৰ বিভিন্ন প্রান্তত বসবাস কৰা জনগোষ্ঠীসমূহৰ মাজত হৰিনাম ধর্মৰ বাণী প্রচাৰ কৰি আহিছে এই সংগঠনটোৱে৷ বিশেষকৈ সমাজৰ পৰা অস্পৃশ্যতা আৰু ভেদ-ভাব আঁতৰাবলৈ ঐক্যবদ্ধ আৰু সম্প্রীতিৰে কাম কৰি আছে সংগঠনটোৱে৷ ৫০০ বছৰৰো অধিককাল পূর্বেই মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে প্রৱর্তন কৰা একশৰণ হৰিনাম ধর্মৰ প্রাসংগিকতাই আমাৰ সমাজত এক সুদূৰপ্রসাৰী ভূমিকা পালন কৰিছে৷ ১৫০০ শতিকাৰ মাজভাগতে শ্রীমন্ত শংকৰদেৱে হৰিগৃহ স্থাপন কৰি সাধাৰণ মানুহৰ মাজত শিক্ষা বিস্তাৰৰ কাম আৰম্ভ কৰিছিল৷ ধর্ম প্রচাৰৰ লগতে তেওঁ শিক্ষা আৰু সাংস্কৃতিক দিশসমূহৰ উন্নতিৰ বাবেও প্রচেষ্টা চলাইছিল৷ সেই সময়ত যিহেতু অধিকাংশ লোক আনুষ্ঠানিক শিক্ষাৰ পৰা দূৰত আছিল, সেয়েহে এইসকল লোকক ধর্মৰ প্রতি আকর্ষিত কৰিবলৈ তেওঁ ভাওনা, বৰগীত আদিৰ জৰিয়তে মানুহৰ মন জয় কৰিবলৈ সক্ষম হৈছিল৷ তদুপৰি নিৰক্ষৰ লোকসকলেও কীর্তন, দশম, ভাগৱতৰ দৰে গভীৰ তথা আধ্যাত্মিক শাস্ত্রসমূহৰ বিভিন্ন দিশ শ্রৱণ কৰি জ্ঞান লাভ কৰিছিল৷ সমগ্র দেশত যি সময়ত সামাজিক আৰু ধর্মীয় ক্ষেত্রত একাংশ লোকৰ মধ্যযুগীয় শোষণে সর্বসাধাৰণক অতিষ্ঠ কৰি তুলিছিল সেই সময়তে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ নেতৃত্বত অসম তথা উত্তৰ–পূর্বাঞ্চলত আৰম্ভ হৈছিল এক নৱজাগৰণ৷ অসমীয়া জাতিক মূল্যবোধ, আধ্যাত্মিক প্রমূল্য আৰু সাংস্কৃতিক চেতনাৰে নৱৰূপ প্রদান কৰিছিল৷
দক্ষিণ ভাৰতৰ বিভিন্ন ৰাজ্যত ষষ্ঠ শতিকাতে আলোৱাৰসকলৰ নেতৃত্বত এক ভক্তি আন্দোলন আৰম্ভ হৈছিল৷ পৰৱর্তী সময়ত এই ভক্তি আন্দোলনে ভাৰতবর্ষৰ বহু ৰাজ্যত প্রভাৱ বিস্তাৰ কৰিছিল আৰু পোন্ধৰশ শতিকাত মহাপুৰুষজনাই উত্তৰ-পূবত এই ভক্তি আন্দোলনৰ গুৰি ধৰিছিল৷ মহাপুৰুষজনাই কেৱল উচ্চবর্ণৰ মাজত আবদ্ধ হৈ থকাৰ পৰিৱর্তে অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকসকলক লগত লৈ এক সুদূৰপ্রসাৰী জাগৰণ আৰম্ভ কৰিছিল৷ পৰৱর্তী সময়ত তেওঁ বিভিন্ন সৃষ্টিকর্মৰ জৰিয়তে অসমীয়া জাতিক দেশৰ ভিতৰতে এটা শক্তিশালী জাতিৰূপে পৰিগণিত কৰায়৷ এইগৰাকী মহাপুৰুষক অসমীয়া সমাজৰ মাজত নকৈ চিনাকি কৰি দিয়াৰ প্রয়োজন নাই৷ তেওঁ প্রণয়ন কৰি যোৱা সাহিত্যৰাজিৰ জৰিয়তে তেওঁৰ পাণ্ডিত্য আৰু গভীৰ চেতনাবোধ সহজে অনুমান কৰিব পাৰি৷ কেইবা শতিকা ধৰি অসমীয়া সমাজ জীৱনত আটাইতকৈ উচ্চ আসন গ্রহণ কৰি থকাৰ লগতে সর্বাধিক চর্চিত ব্যক্তিগৰাকীয়েই হৈছে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ৷ অসমীয়া সমাজ জীৱনৰ এনে এটি দিশ নাই যিটো দিশলৈ তেওঁ অৱদান আগবঢ়োৱা নাই৷ এইগৰাকী মহৎ ব্যক্তিৰ অৱদানেৰে অসমীয়া জাতিয়ে ঐক্য আৰু সংহতিৰ নতুন শক্তি লাভ কৰিবলৈ সক্ষম হৈছে৷ মহাপুৰুষগৰাকীৰ অৱদানসমূহ নতুন প্রজন্মৰ মাজত সজীৱ কৰি ৰখাৰ উদ্দেশ্যে কাম কৰি অহা শ্রীমন্ত শংকৰদেৱ সংঘৰ ৯৩সংখ্যক ৰঙিয়া অধিৱেশন কালিৰে পৰা আৰম্ভ হৈছে৷ ৰঙিয়াৰ মৰাণজানাৰ হাতীখলা পথাৰ ৰাজ্যৰ বিভিন্ন প্রান্তৰ পৰা অহা ভক্ত-বৈষ্ণৱ, আইমাতৃৰ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে৷ লাখ লাখ ভক্তৰ সমাৱেশেৰে উদুলি–মুদুলি হৈ পৰিছে সমগ্র অঞ্চল৷ শ্রীমন্ত শংকৰদেৱ সংঘই কেৱল ধর্মীয় দিশটোৰ ওপৰতেই গুৰুত্ব প্রদান কৰা নাই৷ শিক্ষা, সাহিত্য, শংকৰী সংস্কৃতিৰ প্রচাৰ আৰু প্রসাৰৰ বাবেও তেওঁলোকে বিভিন্ন উল্লেখযোগ্য কার্য সম্পাদন কৰি আহিছে৷ ইয়াৰ ফলশ্রুতিতেই গঢ়ি উঠিছে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়৷ ২০১৪ চনৰ ১০ জুনত নগাঁও চহৰৰ শ্রীমন্ত শংকৰদেৱ সংঘৰ মূল কার্যালয় চৌহদত প্রতিষ্ঠা হোৱা বিশ্ববিদ্যালয়খনে শ্রীমন্ত শংকৰদেৱ সংঘৰ ত্রিশ লক্ষাধিক ভক্তৰ সপোন বাস্তৱায়িত কৰাৰ লগতে অসমৰ সকলো লোকৰে এক বৌদ্ধিক কেন্দ্রত পৰিণত হৈছে৷