নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আঘাত : পৰৱর্তী টেষ্টত অনিশ্চিত শ্রেয়াছ আয়াৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১০ ফেব্ৰুৱাৰীঃ আঘাতৰ সমস্যাৰ মুখামুখি হৈছে ভাৰতীয় ক্রিকেট দল৷ আঘাতৰ বাবে তাৰকা বেটাৰ লোকেশ ৰাহুল আৰু তাৰকা অলৰাউণ্ডাৰ ৰবীন্দ্র জাদেজাই ইংলেণ্ডৰে খেলা দ্বিতীয়খন টেষ্টত ভাৰতীয় দলৰ পৰা বাদ পৰাৰ পিছত এইবাৰ আঘাতৰ সমস্যাত ভুগিছে বেটাৰ শ্রেয়াছ আয়াৰ৷ আঘাতৰ বাবে তাৰকা বেটাৰগৰাকীয়ে ইংলেণ্ডৰে খেলিবলগীয়া পৰৱর্তী টেষ্ট তিনিখনত অংশগ্রহণ অনিশ্চিত হৈ পৰিছে৷ সংবাদ প্রতিষ্ঠানৰ এক সূত্রে জানিব পৰামতে শ্রেয়াছ আয়াৰ সম্প্রতি পিঠি আৰু কৰঙৰ সমস্যাত ভুগিছে৷ অৱশ্যে বেটাৰগৰাকীৰ আঘাত কিমান গুৰুতৰ সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই৷ সম্প্রতি আয়াৰে বেংগালুৰুস্থিত ৰাষ্ট্রীয় ক্রিকেট একাডেমীত আঘাতৰ চিকিৎসা গ্রহণ কৰি আছে৷ তৃতীয়খন টেষ্ট ১৫ ফেব্রুৱাৰীৰ পৰা ৰাজকোটত অনুষ্ঠিত হ’ব৷

You might also like