নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : পৰমাণুু যুদ্ধৰ আশংকা

ৰাছিয়া আৰু ইউক্রেইনৰ যুদ্ধই এহেজাৰ দিন অতিক্রম কৰিলে৷ দুয়ো দেশৰ মাজত আৰম্ভ হোৱা যুদ্ধৰ সময়তে বিশ্বৰ দেশসমূহে সমর্থন আৰু বিৰোধিতাৰে বিভক্ত হোৱাৰ সময়তে তৃতীয় বিশ্বযুদ্ধৰ সম্ভাৱনা বৃদ্ধি পায়৷ কিন্তু এতিয়ালৈকে এই তৃতীয় বিশ্বযুদ্ধ হ’বলৈ বাকী আছে৷ অৱশ্যে তৃতীয় বিশ্বযুদ্ধলৈ বেছিদিন নাই বুলিও অনেকে মত পোষণ কৰি আহিছে৷ ৰাছিয়া–ইউক্রেইনৰ মাজত চলি থকা যুদ্ধৰ সময়তে মধ্যপ্রাচ্যতো ইজৰাইলে গাজাৰ ওপৰত আক্রমণ, লেবাননৰ ওপৰত আক্রমণ, ইৰান আৰু ইজৰাইলৰ প্রত্যক্ষ সংঘাত মানৱ জাতিৰ বাবে অশনি সংকেত কঢ়িয়াই আনিছে৷ অর্থাৎ ইয়ে এখন যুদ্ধৰ সম্ভাৱনা প্রকট কৰি ৰাখিছে৷ এনে সময়তে ইউক্রেইনক আমেৰিকা যুক্তৰাষ্ট্রই দীর্ঘ দূৰত্ব মিছাইল ৰাছিয়াৰ ভূমিত প্রয়োগত অনুমতি প্রদান কৰিছে৷ মার্কিন যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি জ’ বাইডেনে আমেৰিকাত নির্মিত দীর্ঘ দূৰত্বৰ মিছাইল প্রয়োগত থকা নিষেধাজ্ঞা প্রত্যাহাৰ কৰি ইউক্রেইনক অনুমতি দিয়াৰ পিছতে ক্ষুণ্ণ হৈ পৰিছে ৰাছিয়াৰ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিন৷ পশ্চিমীয়া দেশ আৰু আমেৰিকা যুক্তৰাষ্ট্রক সকীয়াই ৰাছিয়াৰ ৰাষ্ট্রপতি পুটিনে পৰমাণু অস্ত্র নীতি সলনি কৰিছে৷ ইয়ে ইউক্রেইনৰ আক্রমণত ৰাছিয়াই পৰমাণু অস্ত্র ব্যৱহাৰৰ ক্ষেত্রত থকা প্রতিবন্ধকতা আঁতৰ কৰিব৷ ৰাছিয়াৰ ৰাষ্ট্রপতি পুটিনে সলনি কৰা নীতিমতে কোনো পাৰমাণৱিক অস্ত্র থকা দেশে যদি পৰমাণু অস্ত্রবিহীন দেশক সমর্থন কৰে তেতিয়া হ’লে ৰাছিয়াই পৰমাণু অস্ত্র প্রয়োগ কৰিব৷ ৰাষ্ট্রপতি পুটিনৰ এই সলনি কৰা নীতিয়ে ইউক্রেইনৰ ওপৰত পৰমাণু অস্ত্র প্রয়োগৰ সম্ভাৱনা প্রকট কৰি তুলিছে৷ মন কৰিবলগীয়া যে ৰাছিয়া–ইউক্রেইনৰ যুদ্ধই এহেজাৰ দিনত ভৰি দিয়াৰ সময়তে ইউক্রেইনে আমেৰিকাত নির্মিত দীর্ঘ দূৰত্বৰ মিছাইল ৰাছিয়াৰ ভূমিত নিক্ষেপ কৰিছে৷ ৰাছিয়াৰ সামৰিক অস্ত্রৰ ঘাটি আমেৰিকাত নির্মিত আর্মী টেক্টিকেল মিছাইল ছিষ্টেম চমুকৈ এটিচিএমএছ ব্যৱহাৰ কৰিছে৷ ইউক্রেইনে ৬টা এই মিছাইল ব্যৱহাৰ কৰিছে যদিও ৰাছিয়াই ইয়াৰে পাঁচটা প্রতিহত কৰিবলৈ সক্ষম হৈছে৷ ইউক্রেইনৰ এই আক্রমণৰ পিছতে ৰাছিয়াৰ ৰাষ্ট্রপতি পুটিনে সলনি কৰা পৰমাণু অস্ত্র নীতি চর্চাৰ মাজলৈ আহিছে৷

ইপিনে ৰাছিয়াৰ ৰাষ্ট্রপতিয়ে মার্কিন ৰাষ্ট্রপতিক প্রতাহ্বান জনাই পৰমাণু সলনি কৰাৰ লগে লগে তৃতীয় বিশ্বযুদ্ধ বেছি দূৰৈত নাই বুলি বিশ্বাস কৰিছে ইউৰোপীয় দেশসমূহে৷ ৰাছিয়াৰ ভিতৰলৈ ৩০০ কিলোমিটাৰ ভেদিব পৰা আমেৰিকাত নির্মিত এটিচিএমএছ ইউক্রেইনে ব্যৱহাৰ কৰাৰ পিছতে ইউৰোপৰ দেশসমূহৰ মাজত তৃতীয় বিশ্বযুদ্ধৰ শংকা ঘনীভূত হৈছে৷ ইতিমধ্যে ইউৰোপীয় সংঘৰ কেইবাখনো দেশে তেওঁলোকৰ নাগৰিকক তৃতীয় বিশ্বযুদ্ধৰ বাবে সাজু হ’বলৈ আহ্বান জনাইছে৷ নাগৰিকসকলক খাদ্য–পানী মজুত কৰি ৰাখিবলৈ পুস্তিকাযোগে প্রকাশ কৰিছে৷ গ্রেট ব্রিটেইনৰ ‘দ্য মিৰৰ’ত প্রকাশিত বাতৰি অনুসৰি ছুইডেন, নৰৱে’ আদি দেশে তৃতীয় বিশ্বযুদ্ধৰ শংকা বৃদ্ধি পোৱা বুলি উমান পায়ে নাগৰিকসকলক এই আহ্বান জনাইছে৷ তদুপৰি নাটো দেশসমূহেও তেওঁলোকৰ নাগৰিকক যুদ্ধৰ ফলশ্রুতিত সৃষ্টি হোৱা পৰিস্থিতিৰ বাবে সাজু হ’বলৈ আহ্বান জনাইছে৷ ডেনমার্ক, ফিনলেণ্ড আদি দেশেও নাগৰিকসকলক সজাগ হ’বলৈ আহ্বান জনাইছে৷ আমেৰিকাই দীর্ঘ দূৰত্বৰ মিছাইল প্রয়োগৰ অনুমতি প্রদান কৰাৰ পিছত ইউক্রেইনে ৰাছিয়াৰ ভূমিত এই মিছাইলেৰে আক্রমণ চলাইছে৷ ৰাছিয়াৰ প্রতিৰক্ষা মন্ত্রালয়ে প্রকাশ কৰা মতে ইউক্রেইনৰ এই আক্রমণৰ উচিত প্রত্যুত্তৰ দিয়া হ’ব৷ মস্কোৱে ইউক্রেইনৰ এই প্রৰোচনাত কঠোৰ পদক্ষেপেৰে প্রত্যুত্তৰ দিব৷ শীঘ্রে ইউক্রেইনৰ ওপৰত মস্কোৱে ভয়াৱহ আক্রমণ চলোৱাৰ ইংগিতো দিয়া হৈছে৷ অৱশ্যে প্রত্যক্ষভাৱে পৰমাণু অস্ত্র প্রয়োগৰ প্রসংগ উত্থাপন কৰা নাই৷ লক্ষণীয় যে ইউক্রেইনৰ ৰাষ্ট্রপতি ভ্লাডিমিৰ জেলেনস্কিয়ে আমেৰিকাত নির্মিত এটিচিএমএছেৰে ৰাছিয়াৰ ভূমি আক্রমণ কৰাৰ সময়তে যুদ্ধই নির্ণায়ক স্থিতিত উপনীত হোৱা বুলি মন্তব্য কৰিছে৷ ইউক্রেইনৰ ওপৰত যদি ৰাষ্ট্রপতি পুটিনৰ সলনি কৰা পৰমাণু অস্ত্র নীতি প্রয়োগ কৰা হয়, তেতিয়া হ’লে নিশ্চিতকৈ পৰমাণু যুদ্ধ হ’ব পাৰে৷ পৰমাণু যুদ্ধ হোৱা মানেই তৃতীয় বিশ্বযুদ্ধ হোৱাটো খাটাং৷

You might also like