সম্পাদকীয় : নগৰ আধুনিকীকৰণ
বিগত কেইটামান বছৰত অসমৰ ভালেকেইখন নগৰৰ আন্তঃগাঁথনি উন্নত কৰাৰ প্রচেষ্টা চলি আহিছে৷ গুৱাহাটী অসমৰ আটাইতকৈ ডাঙৰ চহৰ, জনসংখ্যা আৰু চহৰৰ আন উপাদানৰ সংখ্যা এই চহৰতেই অইন চহৰৰ তুলনাত অধিক৷ সেইবাবেই এই চহৰখনক নতুন ৰূপ দিয়া কাম ইয়াত বেছিকৈ চলিছে৷ অইন চহৰবোৰতো এনে কাম চকুত লগা ধৰণে আৰম্ভ হৈছে আৰু চলি আছে৷ একেখন চহৰৰ পুনৰ নির্মাণে ইয়াৰ আন্তঃগাঁথনি উন্নত কৰাৰ লগতে ই চহৰখনলৈ আৰু অধিক পদস্পর্শক আমন্ত্রণ জনায়৷ ফলত চহৰখনৰ আকৃতি অধিক ডাঙৰ হৈ পৰে, আকৌ পুনৰ নির্মাণৰ প্রশ্ণ আহি পৰে৷ এইটো এটা বৃত্তীয় গতি, ই চলিয়েই থাকিব৷ এই উন্নয়ন, আধুনিকীকৰণ আৰু নৰূপ দানৰ সময়ত চাব লাগিব যাতে পৰিৱেশৰ বহন ক্ষমতা সন্তুলিত অৱস্থাত থাকে, স্থানীয় অর্থনীতি–সাংস্কৃতিক পৰিচয় আৰু ঐতিহ্য সংৰক্ষণৰ দিশ সঠিক ধৰণে নিয়ন্ত্রিত হয়৷ সময়ৰ লগে লগে স্বাভাৱিকভাৱে আৰু কিছু পৰিমাণে প্রাকৃতিক দুর্যোগৰ বাবে ৰাস্তা–পদূলি আৰু ঘৰ–ট্টালিকা আদিৰ অৱনতি ঘটে৷ তেতিয়া ৰাস্তাবোৰ নতুনকৈ সজা হয়, বহল কৰাৰ প্রয়োজন হয় আৰু এই প্রয়োজন পূৰণৰ বাবে পুৰণি ঘৰ কিছুমান ভাঙিবলগীয়া হয়, কিছু গছ–গছনি কাটিবলগীয়া হয়৷ কিছুমান ঘৰ ভাঙি তাক নতুনকৈ নির্মাণ কৰাটোত আপত্তিৰ কথা একো নাথাকে৷ গছ–গছনি কাটি পেলোৱাটোত বহুতে আপত্তি কৰে৷ গছ এজোপা পৰিপূর্ণ হোৱালৈ বহু সময়ৰ প্রয়োজন হয় আৰু গছ এজোপাৰ পৰিৱেশগত মূল্যও বহুত৷ ঠিক তেনেদৰে ঐতিহ্যমণ্ডিত ঘৰ একোটা বা নির্মাণ একোটা উন্নয়নৰ নামত ভাঙি পেলোৱাটোও ৰুচিসন্মত কথা নহয়৷ ঐতিহ্য হৈছে একোখন চহৰৰ আত্মা৷ ঐতিহাসিক গৃহ, কীর্তিচিহ্ণ, সাংস্কৃতিক চিহ্ণ আদিৰ অনন্য সংমিশ্রণে স্থান আৰু পৰিচয়ক লৈ একোটা অনন্য অনুভূতিৰ সৃষ্টি কৰে৷ নগৰ আধুনিক কৰাৰ সময়ত এনে ঐতিহ্যপূর্ণ অংশবোৰ অতি সাৱধানেৰে স্পর্শ কৰিব লাগে আৰু পাৰিলে স্পর্শ নকৰাকৈ এৰি যাব লাগে৷ গছ–গছনি নকটাকৈ ৰাজপথ বহল বা নাগৰিকৰ উপযোগী কৰি তুলিব পৰা দক্ষ অভিযন্তাও নিশ্চয় থাকিব৷ বিদেশৰ তেনেকুৱা বহু কাহিনী পঢ়িবলৈ পোৱা যায়৷
অসমৰ বহু চহৰক আধুনিক ৰূপ দিয়াৰ ব্যৱস্থা চলি আছে৷ তাৰে কিছু চৰকাৰী প্রচেষ্টাত আৰু কিছু কাম চলি আছে ব্যক্তিগত প্রচেষ্টাত৷ বহু নাগৰিকে নিজৰ সুবিধাৰে পুৰণি ঐতিহ্যমণ্ডিত ঘৰবোৰক মেৰামতি কৰিছে বা সেইবোৰ ভাঙি নতুনকৈ সাজি উলিয়াইছে৷ এই কাম কৰোঁতে ঘৰৰ স্বত্বাধিকাৰীৰ ইচ্ছা থাকিলেও ঘৰটিৰ সৌন্দর্য হৰণ–ভগন নকৰাকৈ ৰাখিব পৰা সামর্থ্য আৰু সাধন নাথাকিবও পাৰে৷ সেই পুৰণি ঘৰবোৰ ব্যক্তিগত অধিকাৰৰ হ’ব পাৰে, কিন্তু সেইবোৰ চহৰখনৰ সৌন্দর্য, ইতিহাসৰ অংগ৷ সেইবোৰ ৰক্ষা আৰু মেৰামতি আদি কৰি চহৰখনৰ সৌন্দর্য হানি–বিঘিনি হ’ব নিদিয়াকৈ ৰখাত চৰকাৰে সহযোগ কৰিব পাৰে৷ এই পুৰণি ঘৰবোৰক অর্থনৈতিক বোজা হিচাপে গণ্য কৰাৰ পৰিৱর্তে সেইবোৰক লাভজনক সম্পদলৈ পৰিৱর্তন কৰাৰ ব্যৱস্থা কৰিব লাগে৷ এনে ব্যৱস্থা কৰিব পাৰিলেহে এই ঐতিহ্যৰ স্বাক্ষৰ ৰক্ষা কৰা সহজ হ’ব৷ কিন্তু এনেকুৱা গৃহস্বামীও আছে, যিসকলে কেৱল অর্থনৈতিক লাভৰ আশাত ঐতিহ্যবাহী ঘৰবোৰো নষ্ট কৰিবলৈ কুণ্ঠাবোধ নকৰে৷ ঐতিহ্য আৰু কীর্তিস্তম্ভবোৰ ৰক্ষা কৰিবলৈ চৰকাৰে কেইবাখনো আইন প্রণয়ন কৰিছে৷ এই আইনে ব্যক্তিগত মালিকানাধীন ঘৰবোৰ সাঙুৰি নোলোৱাটোৱেই স্বাভাৱিক৷ কিন্তু সাংস্কৃতিক গুৰুত্ব থকা ব্যক্তিগত ঐতিহ্যগৃহবোৰকো চৰকাৰে নীতি–নিয়মৰ মাজেৰে নিজৰ কর্তৃত্বলৈ নিব পৰা ব্যৱস্থা আইনখনত আছে৷ ব্রজেন বৰুৱা পৰিয়ালৰ ঘৰটোৰ সৌন্দর্য আৰু ঘৰটোৰ বর্তমানৰ অৱস্থালৈ লক্ষ্য কৰি যিকোনো সংবেদনশীল লোকেই ঘৰটোক ৰক্ষা কৰাটো বিচাৰে৷ এই বিচৰাৰ কাৰণ হ’ল অসমৰ সংস্কৃতিৰ লগত এই ঘৰটোৰ সম্বন্ধ আৰু ঘৰটোৰ সৌন্দর্য৷ এনেকুৱা অনুভৱৰ সৃষ্টি কৰিব পৰা ঐতিহ্যপূর্ণ ঘৰ অসমত সিঁচৰতি হৈ আছে৷ নগৰৰ উন্নয়নৰ কথা চিন্তা আৰু পৰিকল্পনা কৰোঁতে ‘নগৰচিহ্ণ’ হিচাপে মান্য ব্যক্তিগত মালিকানাধীন ঘৰবোৰৰ কথাও চৰকাৰে ভাবিব লাগে৷ লক্ষ্মীনাথ বেজবৰুৱাৰ সম্বলপুৰৰ ঘৰটোৰ কথা এতিয়া বহুতে ভাবিছে৷ কিন্তু অসমীয়া সাহিত্যৰ অন্যতম শ্রেষ্ঠ লেখক নৱকান্ত বৰুৱাৰ স্মৃতি বিজড়িত ঘৰটি নাইকিয়া হৈ গ’ল৷ চৰকাৰে হোমেন বৰগোহাঞিৰ বাসগৃহটি ভালদৰে ৰখাৰ কথা চিন্তা কৰিছিল৷ সেই তালিকাত ব্রজেন বৰুৱা, বীৰেন্দ্র নাথ দত্ত, সৌৰভ কুমাৰ চলিহাৰ ঘৰকেইটাৰ কথাও ভবা উচিত হ’ব৷