নির্বাচনী প্রচাৰ আৰু ভোটাৰৰ মনস্তত্ত্ব
নির্বাচন অহাৰ লগে লগেই সকলো দল আৰু দলহীন প্রার্থীয়ে প্রচাৰত নামি পৰে৷ এই প্রচাৰ মূলতঃ দুই ধৰণৰ– সমাৱেশ, শোভাযাত্রা আদিৰ দৰে মানুহৰ পোনপটীয়া অংশগ্রহণৰ প্রচাৰ আৰু হ’র্ডিং–বেনাৰ, প্রচাৰ–পত্র আদিৰে কৰা প্রচাৰ৷ আটাইতকৈ কৌতূহল উদ্দীপক কথাটো হ’ল– এই প্রচাৰবোৰে ভোটদানৰ বাবে ভোটাৰক কিমান দূৰ প্রলোভিত কৰিব পাৰে, সেই কথাৰ এটা প্রমাণিত উত্তৰৰ বিচাৰ কৰা৷ যিকোনো নির্বাচন আহিবলৈ কেইমাহমান থাকোঁতেই সেই সময়ৰ উৎসৱৰ লগত সংগতি ৰাখি সম্ভাব্য ৰাজনৈতিক প্রার্থীসকলে ৰাইজক উদ্দেশ্য কৰি দিয়া উৎসৱৰ শুভেচ্ছা যে আচলতে তেওঁৰ নিজৰ বিষয়ে আগবঢ়োৱা সজাগতা বৃদ্ধিৰ প্রচাৰ, সেই কথা সকলোৱে বুজি পায় যদিও সেই প্রচাৰৰ দ্বাৰা যে তেওঁ ভোটাৰৰ মন জয় কৰিব পাৰিব, তাৰ কোনো নিশ্চয়তা নাথাকে৷ কিন্তু ৰাজনৈতিক প্রচাৰ মূলতঃ এটা প্রণালীবদ্ধ আৰু কেইবাখলপীয়া জনসংযোগ পদ্ধতি, যাৰ মূল উদ্দেশ্য হ’ল ভোটাৰক সিদ্ধান্ত গ্রহণৰ ক্ষেত্রত প্রভাৱিত কৰা৷ ভাৰতীয় ৰাজনীতিত ৰাজনৈতিক প্রচাৰ মানেই কার্যক্ষেত্রত নির্বাচনী প্রচাৰকেই বুজা হয় আৰু প্রচাৰৰ চৰিত্রও হয় ঠিক সেই উদ্দেশ্যৰ লগত খাপ খোৱা৷ এই প্রচাৰৰ বাবে সমগ্র ভাৰততে যিমান অর্থ ব্যয় হয়, তাৰ তুলনাত তাৰ প্রতিক্রিয়া শক্তি কিমান, সেই কথা বিচাৰ কৰিবলৈ বিভিন্ন ধৰণৰ অনুষ্ঠানে বিভিন্ন ধৰণে গৱেষণা কৰিছে যদিও সঠিক ফল কোনেও পাব পৰা নাই৷ কিন্তু এটা কথা প্রতিটো ৰাজনৈতিক দলেই মানি চলে যে মুকলি সভাত প্রতিপক্ষক হেয় প্রতিপন্ন কৰিবলৈ যি ধৰণৰ ভাষা ব্যৱহাৰ কৰা হয়, ছপা আখৰত থাকিবলগীয়া পোষ্টাৰ–বেনাৰ আদিত সেই ভাষা হয় শালীন আৰু নিয়ন্ত্রিত৷ ইয়াৰ একমাত্র কাৰণ মনস্তাত্ত্বিক৷ মুখেৰে যিয়েই কোৱা নহওক কিয়, ছপা আখৰত মানুহে যে কিছু নিয়ন্ত্রণ আৰু শালীনতা ৰক্ষা কৰাটো বিচাৰে, সেয়া প্রতিটো ৰাজনৈতিক দলেই মানি লয় আৰু এই মানসিকতাই ৰাজনৈতিক বা নির্বাচনৰ প্রচাৰৰ বাক্ধাৰাক দুটা সমান্তৰাল ধাৰাৰে আগবাঢ়ি যোৱাৰ পথ নির্ধাৰণ কৰি দিছে৷ ছপা আখৰত থকা বিজ্ঞাপন বা প্রচাৰ পত্রত প্রতিপক্ষক সমালোচনা কৰা বক্তব্য থাকে যদিও সেইবোৰ সাধাৰণতে হয় পোনপটীয়া আৰু নিজৰ দলৰ সদস্যক সন্তুষ্ট কৰিব পৰা, ভোটাৰক প্রভাৱিত কৰিব পৰা বিধৰ নহয়৷ কিন্তু সেই কামটোকে ২০১৬ৰ বিধানসভা নির্বাচনত অতি সফল আৰু বুদ্ধিদীপ্তভাৱে কৰিছিল তেতিয়াৰ অসমৰ মুখ্যমন্ত্রী তৰুণ গগৈয়ে৷ তেওঁৰ নির্বাচনী প্রচাৰত এনে ভাবৰ প্রকাশ ঘটোৱা হৈছিল যে তেওঁৰ প্রতিদ্বন্দ্বী সর্বানন্দ সোণোৱাল নহয়, প্রতিদ্বন্দ্বী নৰেন্দ্র মোদীহে৷ কিন্তু সেই কেম্পেইনক অধিক শক্তিশালী ৰূপত আগবঢ়াই নিয়াৰ ব্যৱস্থা নথকা বাবে বিজেপিৰ বুদ্ধিদীপ্ত আৰু কৌশলী বিজ্ঞাপনৰ ভাষাই গগৈৰ পৰিকল্পনাক ঢ়াকি দিছিল৷
নির্বাচনী প্রচাৰৰ বাক্ধাৰাত বিপৰীত পক্ষৰ দলক পৰাভূত কৰি নিজৰ শ্রেষ্ঠত্ব প্রতিপন্ন কৰাটোৱেই মূল কথা আৰু সেইভাৱে ভোটাৰক ধনাত্মক দিশত প্রভাৱিত কৰিব লাগে৷ সাধাৰণতে নির্বাচনী সভাৰ ভাষণত দলটোৰ সমর্থকসকলে বিৰোধী পক্ষৰ কটু চর্চা শুনি ভাল পায়, আনন্দ উপভোগ কৰে৷ কিন্তু এই তাৎক্ষণিক স্ফূর্তিয়ে ভোটদাতাক সিদ্ধান্ত ল’ব পৰাকৈ প্রভাৱিত নকৰে৷ দল এটাৰ নিজস্ব সমর্থকসকলৰ ভোটৰ ওপৰত আশা কৰিয়েই দল এটাই নির্বাচনী বিজয়ৰ কথা কল্পনা কৰিব নোৱাৰে আৰু সেইবাবেই প্রয়োজন হয় আন ভোটাৰক আকর্ষণ কৰা আৰু তাৰ বাবেই এই মানসিক যুদ্ধ৷ কেৱল প্রতিপক্ষক ঋণাত্মক সমালোচনা কৰিয়েই ভোটাৰক আকর্ষণ কৰা সম্ভৱ নহয়, বৰং ই ওলোটা প্রভাৱ পেলোৱাৰ সম্ভাৱনাহে থাকে৷ পূর্বৰ এটা লোকসভা নির্বাচনত নৰেন্দ্র মোদী আৰু গুজৰাটৰ নিন্দা কৰা ভাষণে ঋণাত্মক প্রভাৱ পেলোৱা বুলি নির্বাচন মনস্তত্ত্বৰ বিশ্লেষকসকলে মত পোষণ কৰে৷ মুদ্রিত আখৰৰ ক্ষেত্রত এই কথাটো গভীৰভাৱে মানি চলা হয়৷ শেহতীয়াভাৱে নির্বাচনী প্রচাৰৰ বাক্ধাৰা ৰচনা কৰাৰ ক্ষেত্রত প্রতিপক্ষৰ সমালোচনাতকৈও নিজৰ ইমেজ পুনৰ নির্মাণ আৰু তাৰ ঔজ্জ্বল্য বৃদ্ধিত অধিক মনোযোগ দিয়া হয়৷ এই উজ্জ্বলতাৰে বিৰোধীক ম্লান কৰি দিয়াই নতুন বাক্ধাৰাৰ লক্ষ্য৷ পৰম্পৰাগত প্রচাৰ কৌশলৰ শক্তিমান দিশবোৰক নতুন ৰূপত সজোৱাৰ লগতে যোগাযোগৰ নতুন ভাষাৰ মনস্তত্ত্বও প্রচাৰ পৰিকল্পকসকলে মনোযোগেৰে অধ্যয়ন কৰিব লাগিব৷ ছ’চিয়েল মিডিয়াৰ অনুৰাগী ভোটাৰৰ মনস্তত্ত্ব যে পৰম্পৰাগত ভোটাৰৰ লগত নিমিলিব, সেই কথাৰ উপলব্ধিয়েহে নতুন বাক্ধাৰা ৰচনাত সহায় কৰিব৷