নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রতিমাহে তিনি হাজাৰকৈ পাব অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে

লখিমপুৰত বিজয় সংকল্প সমাৱেশত মন্ত্রী ড০ শর্মাৰ ঘোষণ

নিয়মীয়া বাৰ্তা ১০ ফেব্ৰুৱাৰীঃ লোকাৰণ্য পৰিৱেশত আজি লখিমপুৰত বিশাল চাইকেল ৰেলীৰে বিধাসভা নির্বাচনৰ ৰণডংকা বজালে মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ লখিমপুৰ নগৰৰ সমীপৰ পানীগাঁৱৰ পৰা আজাদ হৈ প্রায় ২০ কিলোমিটাৰজোৰা বিশাল চাইকেল ৰেলীত মন্ত্রীগৰাকীক সংগ দিলে প্রায় ১০ সহস্রাধিক লোকে৷ হজাৰ হাজাৰ লোকৰ উপস্থিতিত মন্ত্রী ড০ শর্মাৰ ঘোষণা– অৰুণোদয় আঁচনিৰ অধীনত হিতাধিকাৰীয়ে ৮৩০ টকাৰ পৰিৱর্তে লাভ কৰিব ৩০০০ টকাকৈ৷ ফটাসুঁতিত ৰঙানদীৰ ওপৰত ২৬.২০ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ কৰিবলৈ লোৱা ২৪০ মিটাৰ দৈর্ঘ্যৰ দলংখনৰ আধাৰশিলা স্থাপন কৰি মঙলবাৰে এই কথা ঘোষণা কৰাৰ লগতে মন্ত্রীগৰাকীয়ে অহা ১১ ফেব্রুৱাৰীৰ পৰা ২ লাখ আত্মসহায়ক গোটে ৫০ হাজাৰ টকাকৈ লাভ কৰিব বুলিও ঘোষণা কৰে৷ আধাৰশিলা স্থাপন অনুষ্ঠানত ভাষণ দি মন্ত্রীগৰাকীয়ে কয়– বিজেপি চৰকাৰে প্রতিটো দৰিদ্র পৰিয়ালক অৰুণোদয় আঁচনি দিব৷ এয়া আমাৰ দৃঢ় প্রতিশ্রুতি৷ আমি ৮৩০ টকা নহয়, ৩,০০০ টকাকৈ প্রতিমাহে প্রতিটো দৰিদ্র পৰিয়ালক দিম৷ এই দিশত আমি কাম কৰি আছোঁ৷ তেওঁ কয়– পূর্বে এক পৰিৱেশ আছিল যে বিধৱা মহিলাক বেলেগ চকুৰে চাইছিল৷ দিব্যাংগ ল’ৰা–ছোৱালী থাকিলে ঘৰৰ বোজা বুলি ভাবিছিল, বিয়া নোহোৱা ছোৱালী, স্বামীৰ ঘৰ এৰি অহা মহিলাক কিছু বেলেগ ধৰণে চাইছিল৷ সেইসকল মহিলাক অৰুণোদয় আঁচনি দিয়াৰ লগে লগে প্রতিখন ঘৰতে তেওঁলোকৰ সন্মান বহুগুণে বাঢ়ি গ’ল৷ এই চৰকাৰখনে এনে ধৰণৰ লক্ষ্যত কাম কৰিছে৷ অহা ১১ ফেব্রুৱাৰীৰ পৰা মহিলা আত্মসহায়ক গোটসমূহলৈ ৫০ হাজাৰ টকা দিয়াৰ সিদ্ধান্ত লৈছে চৰকাৰে৷ যিসকল মহিলাই বেংকত লোন লোৱাৰ বাবে সকলো বৈধ নথি জমা দিছে, কিন্তু তেওঁলোকৰ লোন হোৱা নাই, তেনে মহিলা গোটক চৰকাৰে বেংকৰ জৰিয়তে ৫০ হাজাৰ টকাকৈ আদায় দিব৷ আনহাতে যিবোৰ মহিলা গোটে ঘূর্ণিয়মাণ পুঁজি লাভ কৰা নাই, সেই মহিলা গোটকো ১১ ফেব্রুৱাৰীৰ পৰা ২৫ হাজাৰ টকাকৈ দিয়া হ’ব৷ ইয়াৰ জৰিয়তে প্রায় ২ লাখ মহিলা গোটক ৰাজ্য চৰকাৰে দিব ৬০০ কোটি টকা৷

বিৰোধী কংগ্রেছক কটাক্ষ কৰি মন্ত্রীগৰাকীয়ে কয়– কংগ্রেছৰ দিনত বহুতে বৃদ্ধপেন্সন লাভ কৰা নাছিল, বিধৱা পেন্সন লাভ কৰা নাছিল৷ কিন্তু আমাৰ চৰকাৰৰ দিনত ৯০ শতাংশ লোকে বৃদ্ধপেন্সন, ৯০ শতাংশই বিধৱা পেন্সন লাভ কৰিছে৷ এই চৰকাৰে প্রণাম আঁচনিৰ জৰিয়তে বৃদ্ধ পিতৃ–মাতৃক সুৰক্ষিত কৰাৰ ব্যৱস্থা গ্রহণ কৰিলে৷ বিনামূলীয়া নামভর্তিয়ে ৰাজ্যৰ লক্ষাধিক ছাত্র–ছাত্রীক সহায় কৰাৰ পিছত এইবাৰ চৰকাৰে প্রতিগৰাকী ছাত্র–ছাত্রীক ১০০ টকাকৈ হাতখৰচ দিব৷ মন্ত্রীগৰাকীয়ে কয়– অহা দুবছৰত ৪৩ হাজাৰ শিক্ষকে নতুন নিযুক্তি পাব৷ ৪৩ হাজাৰ নিবনুৱাই কর্মসংস্থাপন লাভ কৰিব৷ শেহতীয়াকৈ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে অসমীয়া ভাষাত পাঠদান কৰা চিকিৎসা মহাবিদ্যালয় স্থাপনৰ বাবে কৰা ঘোষণাৰ পিছত  স্বাস্থ্যমন্ত্রী ড০ শর্মাৰ ঘোষণা– অহা তিনি বছৰৰ ভিতৰত ৰাজ্যত স্থাপন হ’ব মাতৃভাষাৰ চিকিৎসা মহাবিদ্যালয়৷

আনহাতে এই চৰকাৰৰ দিনত প্রতিখন জিলাতে একোখনকৈ চিকিৎসা মহাবিদ্যালয় স্থাপনৰ পৰিকল্পনা হৈছে বুলি উল্লেখ কৰি তেওঁ কয়– তেজপুৰত স্থাপন হোৱা চিকিৎসা মহাবিদ্যালয়ৰ পিছত শেহতীয়াকৈ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বিশ্বনাথ আৰু চৰাইদেউত দুখনকৈ চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিলে৷ অহা মাহত লখিমপুৰত চিকিৎসা মহাবিদ্যালয়ৰ কাম সম্পূর্ণ হ’ব আৰু পৰৱর্তী মাহত ধেমাজিত আন এখন চিকিৎসা মহাবিদ্যালয়ৰ কাম আৰম্ভ হ’ব৷ এই চৰকাৰৰ দিনত প্রতিমাহত ৮০০০ কিলোমিটাৰকৈ পথ পকীকৰণ কৰা হৈছে৷ কিন্তু কংগ্রেছৰ দিনত মাত্র ১২০০ কিলোমিটাৰ পথ পকী হৈছিল৷ কংগ্রেছে কেৱল ৰাতি শোওঁতে লুঙীৰ কথা চিন্তা কৰে আৰু পুৱা উঠিও লুঙীৰ কথা চিন্তা কৰে৷ তেওঁলোকৰ ৰাজনীতি তেনেকুৱাই৷ এনে ৰাজনীতিৰ পৰা বিজেপি আঁতৰত আছে৷ বিজেপিয়ে অর্থনৈতিক উন্নয়ন, নিবনুৱাক সংস্থাপন, শিক্ষাৰ প্রসাৰ, স্বাস্থ্যসেৱাৰ উন্নয়নক লৈহে ৰাজনীতি কৰে৷ মন্ত্রীগৰাকীয়ে লখিমপুৰ বিধানসভা সমষ্টিত এটা মাহৰ ভিতৰতে ৫০ কোটিৰো অধিক টকাৰ আঁচনি গ্রহণ কৰা হৈছে বুলি কয়৷ তেওঁ কয় যে সেনা শিবিৰৰ ওচৰৰ পৰা জহিং ভেটেইনেৰী কলেজ সংযোগী পথ আৰু লখিমপুৰ চিকিৎসা মহাবিদ্যালয় সংযোগী পথ দুটা নির্মাণৰ আঁচনি লোৱা হৈছে৷

মঙলবাৰে স্থাপন কৰা ফটাসুঁতিৰ ৰঙানদীৰ ওপৰত নির্মাণকার্য দুবছৰৰ ভিতৰতে সম্পূর্ণ হ’ব বুলিও উল্লেখ কৰে মন্ত্রী ড০ শর্মাই৷ ইয়াৰ পূর্বে আজি হেলিকপ্ঢাৰেৰে লখিমপুৰত উপস্থিত হোৱা মন্ত্রীগৰাকীক চাইকেল ৰেলীৰ সময়ত গায়ন–বায়ন, উৰুলি, মাংগলিক ধ্বনি, পুষ্পবৃষ্টিৰে আদৰণি জনায় সহস্রাধিক লোকে৷ নৃত্য–গীত, সাংস্কৃতিক অনুষ্ঠান আদিৰে তেওঁক কেইবাঠাইতো বিশেষভাৱে আদৰণি জনোৱা হয়৷ আজি চাইকেল ৰেলীৰ মাজে মাজে তেওঁ পদব্রজেও বহুদূৰ খোজকাঢ়ি সাধাৰণ লোকৰ সৈতে বার্তালাপ কৰে৷ বিয়লিৰ ভাগত তেওঁ নগৰৰ ষট্পূজা ঘাটৰ এক কার্যসূচীত অংশগ্রহণ কৰে৷ আনহাতে তেওঁ বাইপাছত নির্মাণ হ’বলগীয়া চুকাফাৰ প্রতিমূর্তিৰ আধাৰশিলা স্থাপন কৰে৷ আজিৰ কার্যসূচীত তেওঁক সংগ দিয়ে সাংসদ প্রদান বৰুৱা, বিজেপি নেতা মানৱ ডেকাকে ধৰি কেইবাজনো দলীয় নেতাই৷

You might also like