নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চেন্নাইত সহজ আত্মসমর্পণ টীম ইণ্ডিয়াৰ

নিয়মীয়া বাৰ্তা, ১০ ফেব্ৰুৱাৰীঃ ইংলেণ্ডৰ বিৰুদ্ধে প্রথম টেষ্টত বিধ্বস্ত হৈছে টীম ইণ্ডিয়া৷ যোৱা মাহত ঘৰৰ মাটিত অষ্ট্রেলিয়াক হৰুৱাই ইতিহাস ৰচা দলটোৱে আজি চেন্নাইত ২২৭ ৰানৰ বৃহৎ ব্যৱধানত পৰাজয়ৰ সন্মুখীন হয়৷ ৪২০ ৰানৰ অসম্ভৱ যেন লগা লক্ষ্যৰ পিছ লৈ টীম ইণ্ডিয়াই আজি খেলৰ অন্তিম দিনা মাত্র ১৯২ ৰানতে দ্বিতীয় ইনিংছ সামৰে৷ অধিনায়ক বিৰাট কোহলি আৰু উদীয়মান অ’পেনাৰ শুভমন গিলৰ বাহিৰে আন কোনো এগৰাকী বেটছমেনে ইংলেণ্ডৰ বলিং আক্রমণক দক্ষতাৰে মোকাবিলা কৰিব নোৱাৰিলে৷ কোহলিয়ে ১০৪টা বলত ৯টা বাউণ্ডেৰীৰ সহায়ত ৭২ আৰু শুভমনে ৮৩ বলত সাতটা বাউণ্ডেৰী আৰু এটা অ’ভাৰ বাউণ্ডেৰীৰে ৫০ ৰানৰ যুঁজাৰু ইনিংছ খেলে৷ কালিৰ ৩৯/১ৰ পৰা খেলিবলৈ আৰম্ভ কৰি ভাৰতে   দিনটোৰ আৰম্ভণিতে মোক্ষম আঘাতৰ সন্মুখীন হয়৷ শ্বেটেশ্বৰ পূজাৰাৰ ৰূপত দলটোৱে আজি পুৱা প্রথমটো উইকেট হেৰুৱায়৷ তেওঁ মাত্র ১৫ ৰানতে পেভিলিয়নমুখী হয়৷ ইয়াৰ পিছতে উইকেটলৈ অহা কোহলিয়ে শুভমনৰ সৈতে তৃতীয় উইকেটত ৩৪ ৰান যোগ দি ভাৰতৰ পৰাজয় ৰোধৰ সংগ্রাম চলায় যদিও জেমছ এণ্ডাৰছনে এটা অ’ভাৰৰ ভিতৰতে শুভমন আৰু আজিংক্য ৰাহানেৰ উইকেট দখল কৰি ইংলেণ্ডৰ জয় সহজ কৰি তোলে৷

ৰাহানে ০, ঋষভ পণ্ট ১১, ৱাশ্বিংটন সুন্দৰ ০, ৰবিচন্দ্রন অশ্বিন ৯, শ্বাহবাজ নদিম ০, যশপ্রীত বুমৰাহ ৪ ৰানত আউট হয়৷ শুভমনৰ উইকেট পতনৰ পিছতে ভাৰতীয় দলৰ বেটিংস্খলন আৰম্ভ হয় আৰু চাহ বিৰতিৰ পূর্বেই অলআউট হয়৷ ইংলেণ্ডৰ এই বৃহৎ জয়ৰ মূলতেই আছিল উদীয়মান স্পিনাৰ জেক লিচ আৰু অভিজ্ঞ বেগী বলাৰ জেমছ এণ্ডাৰছনৰ দর্শনীয় বলিং৷ জেক লিচে চাৰিটা আৰু এণ্ডাৰছনে তিনিটা উইকেট দখল কৰে৷ চমকপ্রদ ৰিভার্ছ ছুইঙেৰে এণ্ডাৰছনে গিল, ৰাহানে আৰু পণ্টৰ উইকেট দখল কৰি ভাৰতক পৰাজয়ৰ গৰাহলৈ ঠেলি দিয়ে৷ এই জয়েৰে আলহী দলটোৱে চাৰিখন মেচৰ টেষ্ট শৃংখলাত ১–০ৰ অগ্রগতি অর্জন কৰিছে৷

মন কৰিবলগীয়া যে ঘৰৰ মাটিত সিংহ হিচাপে পৰিচিত টীম ইণ্ডিয়া ২০১৩ৰ পিছত আজি স্বদেশত প্রথমটো পৰাজয়ৰ সন্মুখীন হয়৷ ইংলেণ্ডেই ভাৰতক ২০১৩ত অন্তিমবাৰৰ বাবে পৰাস্ত কৰিবলৈ সক্ষম হৈছিল৷ একেদৰে চেন্নাইত ভাৰতে ১৯৯৯ চনৰ পিছত প্রথমবাৰৰ বাবে পৰাস্ত হয়৷ ইয়াৰ বিপৰীতে ইংলেণ্ডে এছিয়া মহাদেশত একেৰাহে ছখন মেচত জয়ৰ কৃতিত্ব অর্জন কৰিছে৷

You might also like